লক্ষ্ণৌৰ বিৰুদ্ধে ছুপাৰ অভাৰত জয় কলকাতা
ৰঙিলী বাৰ্ত্তাসেৱা- লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ছুপাৰ অভাৰত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰে কলকাতা নাইট ৰাইডাছে। লক্ষ্ণৌত অনুষ্ঠিত মেচখন নিৰ্ধাৰিত ২০ অভাৰত ড্র হোৱাত ছুপাৰ অভাৰৰ সহায় ল’বলগীয়া হয়। ছুপাৰ অভাৰত প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে কেৱল ১ ৰানহে কৰে। সুনীল নাৰিনৰ কৌশলী বলিঙত দিশহাৰা হৈ পৰা লক্ষ্ণৌৰ নিকলাছ পুৰান প্ৰথমটো বলতে আউট হয়। দ্বিতীয়টো বলত ১ ৰান কৰাৰ পাছত তৃতীয় বলত ০ তে আউট হয় মাক্রাম। ইফালে মেচখনত প্রথমে বেটিং কৰি কলকাতাই ৰিংকু সিঙৰ বিস্ফোৰক
৮৩ ৰানৰ সহায়ত ৭ উইকেট হেৰুৱাই ১৫৫ ৰান সংগ্ৰহ কৰে। ইফালে ৰোমাঞ্চকৰ মেচখনত লক্ষ্ণৌৱে নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৫৫ ৰান কৰাত চুপাৰ অভাৰ খেলিবলগীয়া হয়। ইফালে, লক্ষ্ণৌৰ মহছিন খানে ইমপেক্ট প্লেয়াৰ হিচাপে অংশ লৈ বিধ্বংসী বলিঙেৰে ৪ অভাৰত ৫টা উইকেট দখল কৰে। ইফালে, সহজ লক্ষ্য সত্ত্বেও লক্ষ্ণৌৱে ধাৰাবাহিকভাবে উইকেট হেৰুৱাই এসময়ত পৰাজয়ৰ গৰাহত পৰে। মেচৰ অন্তিম অভাৰত কার্তিক ত্যাগীৰ অন্তিমটো বলত মহম্মদ স্বামীয়ে ছয় কোবাই খেলখন ড্ৰ কৰে।
