বহাগ
প্ৰবীণ কুমাৰ টায়ে
লালুক লক্ষীমপুৰ
সকলোৰে ঘৰৰ চোতালত ৰঙালী উৎসৱ।
মোৰ পদূলিত এটি মাথোঁ উশাহ।
ঢোল পেঁপাৰ মাতত দেহ মন উতলাই
তুমি বিহীন মোৰ বুকু পুৰে।
গৰু বিহুৰ দিনাখন আজি বৰ
উকা উকা লাগিছে ।
মধুৰ স্মৃতিবোৰ বুকুত বাজে
ঢোল তাল পেঁপা দৰে।
তোমাৰ অই নিঃতমৰ সুৰ,
কাণত ভাঁহে।
প্ৰতিটো উশাহত আজি
মৰোঁ মৰোঁ লাগে।
তোমাৰ অবিহনে,
মন আকাশ উকা উকা লাগে।
যতেই আছা কুশলে থাকা,
বিহুৰ শুভেচ্ছা জনালোঁ…
ৰঙালী ৰঙেৰে ভৰি পৰক দেহ মন।
মিচিকিয়া হাঁহিৰে ভৰাই তোলা
দুয়োটি ওঁঠৰ ৰং।
উকা উকা মাজত বিচাৰি পাবা,
ৰঙালী আনন্দৰ জীৱনৰ ৰং।
