ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্ৰহণ যোগেন মহন, প্ৰমোদ বড়ো আৰু তেৰছ গোৱালাৰ

ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্ৰহণ যোগেন মহন, প্ৰমোদ বড়ো আৰু তেৰছ গোৱালাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বৃহস্পতিবাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্ৰহণ কৰে ৮গৰাকী সাংসদে। অসমৰ ৩গৰাকী আৰু বিহাৰৰ ৫গৰাকী সাংসদে কৰিলে শপতগ্ৰহণ। ৰাজ্যসভাৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত অসমৰ তিনি ৰাজনৈতিক নেতা বিজেপিৰ তেৰছ গোৱালা, যোগেন মহন আৰু ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰে । বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বিশেষ অধিৱেশনৰ প্ৰথমদিনা ৰাজ্যসভাৰ সদস্য হিচাপে অসমৰ পৰা নিৰ্বাচিত তিনিওগৰাকী সাংসদে শপত গ্ৰহণ কৰে । ৰাজ্যসভাৰ অধ্যক্ষ চিপি ৰাধাকৃষ্ণনৰ উপস্থিতিত তিনিওগৰাকী সদস্যই শপত গ্ৰহণ কৰে ।ইয়াৰ পূৰ্বে অগতানুগতিকভাৱে চাইকেল চলাই সংসদ ভৱনত উপস্থিত হয় তেৰছ গোৱালা । আনহাতে, তিনিওগৰাকী সাংসদে জাতীয় সাজ-পাৰ পৰিধান কৰি সংসদত উপস্থিত থাকে । তেৰছ গোৱালা আৰু যোগেন মহনে অসমীয়াত শপত গ্ৰহণ কৰাৰ বিপৰীতে প্ৰমোদ বড়োৱে বড়ো ভাষাতে শপত গ্ৰহণ কৰে ।উল্লেখ্য যে যোৱা ১৬ মাৰ্চত অসমৰ ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে নিৰ্বাচনৰ দিন ধাৰ্য কৰা হৈছিল । এই তিনিখন আসনৰ বাবে যোগেন মহন, তেৰছ গোৱালা আৰু প্রমোদ বড়োৱে মনোনয়ন-পত্ৰ দাখিল কৰিছিল । তেনেক্ষেত্ৰত তেওঁলোকৰ বিপৰীতে কোনো প্ৰাৰ্থী নথকাত তিনিওগৰাকী প্ৰাৰ্থীয়ে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয় ৷ ৯ মাৰ্চত মনোনয়ন উঠাই লোৱাৰ অন্তিম তাৰিখত প্ৰতিখন আসনৰ বাবে এখনকৈহে মনোনয়ন-পত্ৰ দাখিল হোৱাৰ বাবে ৰাজ্যসভাৰ অসমৰ নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া ৰাজীৱ ভট্টাচাৰ্যই তিনিওকে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী ঘোষণা কৰে ৷