হাঁচতি
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
কঁকালৰ খোঁচনিত গুজি থোৱা
এটা টোপোলা
কাপোৰেৰে নুৰিয়াই থোৱা
কি হয় জানিবলৈ বৰ হেঁপাহ।
টোপোলাটো খুলি খাই
দুই ওঁঠ ৰঙা কৰি থয়
এমোকোৰা নিৰ্ভেজাল হাঁহিৰে
মোৰ দুগালত দুচুমা আঁকি
ৰঙেৰে বুলাই।
সেই ৰং খুন্দা তামোলৰ
গালত ৰং লাগিলে
খঙৰ সলনি মৰম লাগে
আইতা যে অতি মৰমৰ।
দুয়োপাৰি দাঁত নোহোৱাৰ বাবে
খুন্দনাত তামোল খুন্দি খায়
আইতাৰ টোপোলা খুলি
খুন্দা তামোলৰ সোৱাদ লোৱাটো
আমাৰ বাবে আমোদৰ খেল।
এতিয়া সেই সোৱাদ নাই
আইতা গুচি গ’ল
অজান দেশলৈ
উভতি নহাৰ বাটেৰে!
এদিন বাটত আইতা এগৰাকী দেখি
একেথৰে ৰ’লাগি চালোঁ
সাইলাখ আমাৰ আইতাৰ দৰেই
কঁকালৰ খোঁচনিৰ টোপোলাটো
খুলিবলৈ দৌৰি গ’লোঁ
হঠাৎ মনত পৰিল
আইতা গুচি যোৱা যে বহুবছৰে হ’ল।
