মঞ্চ বিহু আৰু মুকলি বিহু — জনপ্ৰিয়তাৰ প্ৰতিযোগিতা নে সংস্কৃতিৰ সংৰক্ষণ?” শিল্পা প্ৰিয়ম কুণ্ডিণ্য 

pc Northeast Now

মঞ্চ বিহু আৰু মুকলি বিহু — জনপ্ৰিয়তাৰ প্ৰতিযোগিতা নে সংস্কৃতিৰ সংৰক্ষণ?”

শিল্পা প্ৰিয়ম কুণ্ডিণ্য 
গুৱাহাটী,সাতগাঁও

অসমৰ জনজীৱনৰ হৃদয়ত গাঁথি থকা উৎসৱ হৈছে বিহু। বিহু কেৱল এটা উৎসৱ নহয়, ই অসমীয়া জাতিৰ পৰিচয়, আনন্দ, প্ৰেম আৰু ঐক্যৰ প্ৰতীক। সময়ৰ লগে লগে বিহুৰ ৰূপ কিছু পৰিবৰ্তিত হৈছে, আৰু এতিয়া আমি দুটা বিশেষ ৰূপ দেখা পাওঁ—মুকলি বিহু আৰু মঞ্চ বিহু। ইয়াৰ মাজতেই এক প্ৰশ্ন উত্থাপিত হৈছে—বৰ্তমান সময়ত মঞ্চ বিহুৰ জনপ্ৰিয়তাই মুকলি বিহুক বহু দূৰলৈ ঠেলি দিছে নি কি?

মুকলি বিহু হৈছে বিহুৰ প্ৰাণ। খোলা পথাৰ, গছ-গছনিৰে ঘেৰা পৰিৱেশ, আৰু আকাশৰ তলত স্বতঃস্ফূৰ্তভাৱে উদযাপিত ।এই বিহুতেই অসমীয়া সংস্কৃতিৰ মূল আত্মা প্ৰকাশ পায়। ইয়াত কোনো বাধা নাই,নৃত্যকাৰ আৰু দৰ্শকৰ মাজত কোনো সীমা নাই। সকলোৱে একেলগে আনন্দ কৰে, গায়, নাচে। ঢোলৰ বজনা, পেঁপাৰ সুৰ আৰু গগনবিদাৰী হাঁহিয়ে এক অনন্য পৰিৱেশ সৃষ্টি কৰে। এই বিহু কৃত্ৰিম নহয়, ই হৃদয়ৰ পৰা ওলাই অহা স্বাভাৱিক আনন্দ।

ইয়াৰ বিপৰীতে, মঞ্চ বিহু আধুনিকতাৰ প্ৰতিফলন। সজ্জিত মঞ্চ, উন্নত শব্দ ব্যৱস্থা, আলোকসজ্জা, আৰু বিখ্যাত শিল্পীৰ উপস্থিতিয়ে ই এক আকৰ্ষণীয় ৰূপ লয়। বিশেষকৈ নগৰ অঞ্চলত, সময়ৰ অভাৱ আৰু সুবিধাৰ কথা চিন্তা কৰি মানুহে মঞ্চ বিহুৰ ফালে অধিক আগ্ৰহ দেখুৱায়। ইয়াৰ লগতে সামাজিক মাধ্যম আৰু টেলিভিছনৰ যোগেদি মঞ্চ বিহু বিশ্বৰ আগত অসমীয়া সংস্কৃতিক প্ৰচাৰ কৰাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈ পৰিছে।

কিন্তু এই বৃদ্ধি পোৱা জনপ্ৰিয়তাৰ মাজতে এক আশংকা দেখা গৈছে। বিশেষকৈ নতুন প্ৰজন্মৰ মাজত মুকলি বিহুৰ প্ৰতি আগ্ৰহ কিছু কমি অহা যেন লাগে। গাঁৱৰ সেই স্বাভাৱিক, সামূহিক আনন্দ কিছুমান ঠাইত কমি গৈছে। মঞ্চত উপস্থাপিত সজ্জিত অনুষ্ঠানবোৰে কেতিয়াবা সেই স্বতঃস্ফূৰ্ত আনন্দক আৱৰণ দিবলৈ চেষ্টা কৰে।

তথাপি, মঞ্চ বিহুক মুকলি বিহুৰ প্ৰতিদ্বন্দ্বী বুলি কোৱাটো উচিত নহয়। বৰং ই হৈছে সময়ৰ সৈতে হোৱা এক অভিযোজন। মুকলি বিহুয়ে আমাৰ শিপাক সুৰক্ষিত ৰাখে, আনহাতে মঞ্চ বিহুয়ে সেই শিপাক সংস্কৃতিক বিশ্বৰ আগত প্ৰসাৰিত কৰে। এটা মূল, আনটো বিস্তাৰ—দুয়োটাই একে গছৰ অংশ।

সেয়ে মূল প্ৰশ্নটো হৈছে—আমি কেনেকৈ এই দুয়োটাৰ মাজত সমতা ৰাখিম। নতুন প্ৰজন্মক মুকলি বিহুৰ সৈতে সংযোগ কৰি ৰখা, আৰু একে সময়তে মঞ্চ বিহুৰ আধুনিক দিশকো গ্ৰহণ কৰা অত্যন্ত জৰুৰী। শিক্ষা প্ৰতিষ্ঠান, সমাজ আৰু সাংস্কৃতিক সংগঠনসমূহে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগিব।

শেষত ক’ব পাৰি যে ,মঞ্চ বিহুয়ে মুকলি বিহুক আঁতৰাই লৈ যোৱা নাই, বৰং ইয়াক নতুন দিশে আগবঢ়াই নিছে। আমাৰ দায়িত্ব হৈছে—সংস্কৃতিৰ মূল গুৰি ধৰি ৰাখি আধুনিকতাক স্বীকাৰ কৰা। তেতিয়াহে বিহুৰ সুৰ, আনন্দ আৰু গৌৰৱ আগন্তুক প্ৰজন্মলৈ অটুট হৈ থাকিব।