ইউ চি চি প্ৰসংগত
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
ভাৰতবৰ্ষৰ এখন বৈচিত্ৰ্যময় ৰাষ্ট্ৰ। য’ত যুগে যুগে বিভিন্ন ধৰ্ম, ভাষা আৰু জনগোষ্ঠীৰ লোকে নিজা নিজা পৰম্পৰাৰে বসবাস কৰি আহিছে।বৰ্তমান আমাৰ দেশত অপৰাধজনিত আইনসমূহ সকলো নাগৰিকৰে বাবে একে হ’লেও বিবাহ, বিবাহ-বিচ্ছেদ, সম্পত্তিৰ উত্তৰাধিকাৰ আৰু সন্তান দত্তক লোৱা আদি দেৱানী বিষয়সমূহৰ প্ৰক্ৰিয়াবোৰ ধৰ্মভেদে সুকীয়া সুকীয়া ব্যক্তিগত আইন দ্বাৰা পৰিচালিত হয়। এই সকলোবোৰ পৃথক ধৰ্মীয় আৰু ব্যক্তিগত আইনৰ অৱসান ঘটাই ভাৰতবৰ্ষৰ সকলো নাগৰিকৰ বাবে এক ধৰ্মনিৰপেক্ষ আইন প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ এক প্ৰস্তাৱ আগবঢ়াইছে সেইটো হ’ল Unifrom Civil Code (UCC)।ইয়াৰ অৰ্থ হ’ল ধৰ্ম, জাতি বা লিংগ নিৰ্বিশেষে সকলো নাগৰিকৰ ক্ষেত্ৰতে বিবাহ, বিবাহবিচ্ছেদ, উত্তৰাধিকাৰ, সম্পত্তিৰ অধিকাৰ,সন্তান দত্তক লোৱা আৰু ভৰণ-পোষণৰ দৰে সংবেদনশীল দেৱানী বিষয়সমূহৰ ক্ষেত্ৰত এক একক আৰু সৰ্বজনীন আইন প্ৰণয়ন কৰা। বৰ্তমান সময়ত এই বিষয়ক লৈ দেশজুৰি তৰ্ক-বিতৰ্কৰ ধুমুহা বলিছে এই বিষয়টো লৈ । কিছুমানে ইয়াৰ সমৰ্থন কৰিছে যদিও কিছুমানে সমালোচনা নকৰাও নহয়। কিন্তু কোনো এটা বিষয় নিৰপেক্ষভাবে চালি জাৰি নাচালে সেই বিষয়টোৰ সম্পূৰ্ণ দিশ উপলব্ধি কৰা কঠিন।
এই উমৈহতীয়া দেৱানী আইনে লিংগ সমতা, সামাজিক ন্যায় আৰু মানৱাধিকাৰ সুৰক্ষাৰ দৰে বিষয়ত গুৰুত্ব দিছে।বৰ্তমান ভাৰতত বিভিন্ন ধৰ্মীয় গোটসমূহ নিজ নিজ ব্যক্তিগত আইন বা ‘পাৰ্চনেল ল’ৰ দ্বাৰা পৰিচালিত হয়। পুৰণি প্ৰেক্ষাপটত প্ৰস্তুত হোৱা এই পুৰণি সামাজিক নিয়মসমূহৰ বহুলাংশই অস্বাস্থ্যকৰ মানসিকতাৰে প্ৰভাৱিত আৰু ইয়াৰ বাবেই বিভিন্ন ক্ষেত্ৰত প্ৰকৃত নিয়ম অনুসৰন নকৰি নিজৰ নিজৰ সুবিধামতে নিয়ম বনাই লোৱা পৰিলক্ষিত হয়। যাৰ বাবে বহু সময়ত বৈষম্যৰ সন্মুখীন হ’বলগীয়াও হয়। সেয়া লাগিলে বিবাহ-বিচ্ছেদৰ পিছৰ ভৰণ-পোষণৰ অধিকাৰেই হওক, বা পিতৃ-মাতৃৰ সম্পত্তিত কন্যা সন্তানৰ অধিকাৰেই হওক। উমৈহতীয়া দেৱানী আইনে স্বাৰ্থৰ পৰিচয়ৰ প্ৰাচীৰ ভাঙি দেশৰ প্ৰতিগৰাকী নাগৰিককে এক সমান আইনী মৰ্যাদা আৰু সুৰক্ষা প্ৰদান কৰিব। এখন আধুনিক, প্ৰগতিশীল আৰু ধৰ্মনিৰপেক্ষ দেশত ফৌজদাৰী আইন যেনেকৈ ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে একে, ঠিক তেনেকৈ দেৱানী আইনো একে হ’লে আইনী প্ৰক্ৰিয়া আৰু সৰল হ’ব যেন লাগে ।
কিন্তু ভাৰতৰ দৰে বহু-সাংস্কৃতিক আৰু বহু-ধৰ্মীয় দেশ খনত এই আইন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত কেতবোৰ গুৰুতৰ ব্যৱহাৰিক প্ৰত্যাহ্বান আৰু শংকাও বিদ্যমান, যাক কোনো কাৰণতে আওকাণ কৰিব নোৱাৰি। সংবিধানৰ ২৫ নং অনুচ্ছেদে দেশৰ প্ৰতিজন নাগৰিককে নিজৰ ধৰ্ম ধাৰণ, পালন আৰু প্ৰচাৰ কৰাৰ মৌলিক অধিকাৰ দিছে। বিশেষকৈ অসম তথা সামগ্ৰিকভাৱে উত্তৰ-পূব ভাৰতৰ বিভিন্ন থলুৱা জনজাতীয় সমাজসমূহে এই লৈ গভীৰ আশংকাত ভুগিছে। এই অঞ্চলসমূহৰ নিজস্ব সাংস্কৃতিক অনন্যতা, সমাজ পৰিচালনাৰ স্বকীয় নিয়ম আৰু যুগ-যুগান্তৰ ধৰি চলি অহা পৰম্পৰাবোৰক সংবিধানে ষষ্ঠ অনুসূচী বা অন্য বিশেষ ব্যৱস্থাৰ জৰিয়তে সুৰক্ষা প্ৰদান কৰি শৃংখলাবদ্ধকৈ ৰাখিছে। সমগ্ৰ দেশৰ বাবে এই উমৈহতীয়া দেৱানী আইন গৃহীত কৰিলে এই বৈচিত্ৰ্যসমূহ ম্লান হৈ পৰাৰ সম্ভাৱনা বেছি আৰু ই সমাজৰ স্বাভাৱিক ব্যৱস্থাত আউল লগাব পাৰে বুলি ধাৰণা নহয় আমি এইটো নিশ্চিত ৰূপত ক’ব পাৰোঁ।
এখন সুস্থ আৰু গণতান্ত্ৰিক সমাজত যিকোনো আইন জাপি দিয়াৰ মানসিকতাত নিহিত নাথাকে, তাৰ গঠনমূলক ৰূপটোৰ ওপৰতহে নিৰ্ভৰ কৰে। উমৈহতিয়া দেৱানী আইন ৰাজনৈতিক ইছ্যু বা ধৰ্মীয় মেৰুকৰণৰ সঁজুলি হিচাপে নাৰাখি সামাজিক সংস্কাৰ হিচাপে গ্ৰহণ কৰিব পাৰে।
প্ৰকৃত গঠনমূলক ৰূপটো হ’ব লাগিব এনেধৰণৰ য’ত দেশৰ স্বকীয় সাংস্কৃতিক বৈচিত্ৰ্য, স্বতন্ত্ৰ পৰম্পৰা আৰু ধৰ্মীয় স্বাধীনতাক সম্পূৰ্ণৰূপে অক্ষুণ্ণ ৰাখি তাৰ সমান্তৰালভাৱে যিবোৰ সামাজিক নিয়মৰ মাজত অন্যায়, কুসংস্কাৰ, কুপ্ৰথা আৰু লিংগ বৈষম্য সোমাই আছে, কেৱল সেইবোৰ আঁতৰাই নাগৰিকক সুৰক্ষা দিব। অৰ্থাৎ, বৈচিত্ৰ্যতাক ধ্বংস নকৰাকৈ কেৱল সমাজৰ বৈষম্য দূৰ কৰাই ইয়াৰ মূল লক্ষ্য হোৱা উচিত। উত্তৰ-পূবৰ দৰে অঞ্চলৰ বাবে সমসুৰক্ষাৰ ব্যৱস্থা ৰাখি, সকলোৰে সহমতৰ ভিত্তিত হে ইয়াৰ অন্তিম খচৰা প্ৰস্তুত কৰা উচিত হ’ব যিখন আইনে ভাৰতৰ বহুত্ববাদকো জীয়াই ৰাখিব আৰু আধুনিক সমাজৰ প্ৰগতিশীলতাকো আদৰি ল’ব, তেনে এক সৰ্বজনগ্ৰাহ্য আৰু গঠনমূলক আইনেই আমাৰ গণতান্ত্ৰিক দেশখনৰ বাবে প্ৰকৃত কল্যাণ, স্থিৰতা আৰু শান্তি কঢ়িয়াই আনিব পাৰিব। আৰু যদি এই আইনে সকলো জাতি ধৰ্ম, সম্প্ৰদায়ক সমগুৰুত্ব দিয়াত ব্যৰ্থ হয় তেন্তে সমাজত অশান্তিৰ বীজ ৰোপণ কৰি তাত সাৰ পানী দিয়াৰ কাম কৰিব এই উমৈহতীয়া দেৱানী আইনে।
সকলো বিষয়ৰে দুটা দিশ থাকিবই। আমি আমাৰ শান্তিপূৰ্ণ সমাজ বৰ্তাই ৰখাৰ কাৰণে কোনটো দিশত গুৰুত্ব দিম সেইটো আমাৰ মানসিকতা আৰু চিন্তা ধাৰাৰ ওপৰত নিৰ্ভৰ কৰিব।
নতুন আইন যিমানেই ৰূপায়ন কৰা নহওঁক কিয় যদি সঠিকৰূপত কাম নকৰে তেন্তে সেইবোৰ মাথোঁ একো একোটা দফা হৈ কোনো কাৰ্যালয়ৰ বন্ধ বাকচত পৰি হে থাকিব।
কিমান আইন বলবৎ কৰা হৈছে , কিন্তু সকলো আইন অনুসৰি কাম হৈ আছে জানো…? উমৈহতীয়া দেৱানী আইনৰ ক্ষেত্ৰতো তেনেকুৱা যে নহ’ব তাৰ কি ঠিক আছে।
ভাৰতীয় নাগৰিক হিচাপে মাথোঁ এইখিনি আশা ৰাখিব পাৰোঁ যি আইনেই প্ৰণয়ন কৰা নহওঁক কিয় সমদৃষ্টি বজাই ৰাখি শান্তিপূৰ্ণ অৱস্থা দেশত বৰ্তি থাকক। বৈচিত্ৰ্যময় দেশৰ বৈচিত্ৰ্যতা অক্ষুন্ন থাকক চিৰযুগমীয়া হৈ।
