মানৱ জীৱনত ধৰ্মৰ প্ৰকৃত স্বৰূপ আৰু ইয়াৰ সাৰ্থকতা – শচীন্দ্ৰ কুমাৰ দাস

Pc Magnific

মানৱ জীৱনত ধৰ্মৰ প্ৰকৃত স্বৰূপ আৰু ইয়াৰ সাৰ্থকতা

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

মানৱ সভ্যতাৰ আদিম কালৰে পৰা প্ৰতিজন চিন্তাশীল মানুহৰ হৃদয়ত দুটা চিৰন্তন প্ৰশ্নই অনবৰতে আলোড়ন সৃষ্টি কৰি আহিছে— ধৰ্ম প্ৰকৃততে কি? আৰু ধৰ্ম কেতিয়া সাৰ্থক হয়? ধৰ্ম শব্দটোক লৈ যুগে যুগে বহু মনীষীয়ে ভিন্ন ধৰণৰ বাখ্যা আগবঢ়াই আহিছে। কোনোবাই যদি এক অদৃশ্য ঐশ্বৰিক শক্তিক বিশ্বাস কৰা আৰু সেই সৃষ্টি-স্থিতি-লয়ৰ স্ৰষ্টাৰ প্ৰতি আস্থা ৰাখি ভক্তি-আৰাধনা কৰাটোকেই ধৰ্ম বুলিছে, আন কোনোবাই আকৌ এক নিৰ্দিষ্ট ধৰ্মীয় পথ বা মতক ধৰ্মৰ আখ্যা দিছে। কিন্তু ধৰ্মৰ প্ৰকৃত অৰ্থ ইয়াতকৈয়ো বহু বেছি গভীৰ, ব্যাপক আৰু সৰ্বজনীন।

প্ৰকৃত অৰ্থত, ‘ধৰ্ম’ শব্দটো সংস্কৃত ‘ধৃ’ ধাতুৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে— ধাৰণ কৰা। অৰ্থাৎ, যি শক্তিয়ে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ নিয়ন্ত্ৰণ আৰু সমতা ধাৰণ কৰি ৰাখিছে, সেয়াই ধৰ্ম। প্ৰকৃতিৰ বুকুলৈ চালে আমি ইয়াৰ আটাইতকৈ সৰল আৰু সুন্দৰ প্ৰকাশ দেখিবলৈ পাওঁ। সূৰ্যই সদায় পূব দিশত উদয় হৈ পোহৰ আৰু উত্তাপ দিয়াটো সূৰ্যৰ ধৰ্ম, পানী সদায় ওপৰৰ পৰা তললৈ বৈ যোৱাটো পানীৰ ধৰ্ম। ইয়াত ধৰ্ম মানে হৈছে নিজৰ ব্যক্তিত্ব ধৰি ৰখা আৰু নিজৰ গুণগত বৈশিষ্ট্যক চিৰকাল অক্ষুণ্ণ ৰখা।

ঠিক তেনেদৰে, ঈশ্বৰৰ শ্ৰেষ্ঠ সৃষ্টি মানুহৰো এটা প্ৰকৃত ধৰ্ম আছে, যাক ‘মানৱ ধৰ্ম’ বুলি কোৱা হয়। ঈশ্বৰ, ভগৱান, আল্লাহ বা গড— আমি যি নামেৰেই উপাসনা নকৰোঁ কিয়, সকলো ধৰ্মীয় পথৰে শেষ গন্তব্য স্থান কিন্তু একেটাই। পৃথিৱীত মানুহভেদে মত বা পথ ভিন্ন হ’ব পাৰে, কিন্তু প্ৰকৃত ধৰ্ম সদায় এক আৰু অভিন্ন। এই ধৰ্মৰ আটাইতকৈ মূল মন্ত্ৰটো হৈছে— ‘বাঁচাঁ আৰু বৃদ্ধি পোৱা’। ধৰ্মই কেতিয়াও জীৱনক অস্বীকাৰ নকৰে; বৰঞ্চ ই নিজে এক সুস্থ, শান্তিপূৰ্ণ আৰু পবিত্ৰ জীৱন জীয়াই থকা আৰু সমাজৰ প্ৰতিটো সৰু-বৰ জীৱক জীয়াই থকাত সহায় কৰাটোকে বুজায়। নিজৰ সংকীৰ্ণ স্বাৰ্থৰ পৰা ওপৰলৈ উঠি সমগ্ৰ সমাজৰ কল্যাণৰ বাবে নিজৰ জ্ঞান, প্ৰেম আৰু কৰ্মৰ পৰিসৰ বৃদ্ধি কৰাটোৱেই হৈছে ধৰ্মৰ আচল উদ্দেশ্য।

কিন্তু এই ধৰ্ম ৰাজ্যত প্ৰৱেশ কৰাটো ইমান সহজ নহয়। ইয়াৰ বাবে মানুহে এক কঠিন সংগ্ৰাম কৰিবলগীয়া হয়। আমি আমাৰ নিজৰ মনৰ দুৰ্বলতা আৰু ষড়ৰিপুৰ বিৰুদ্ধে যুদ্ধ কৰিহে ধৰ্ম ৰাজ্যত প্ৰৱেশ কৰিব লাগিব। ঈশ্বৰে মানুহক সৃষ্টি কৰাৰ লগতে কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্য— এই ছয় ৰিপুও দিছে। মানুহ স্বাভাৱিকতে এই ৰিপুসমূহৰ ওচৰত অবাধ্য বা বশ নহৈ; বৰঞ্চ বিবেকৰ দ্বাৰা ইহঁতক পৰাজিত কৰিব লাগে। যেতিয়ালৈকে আমি এই দুৰ্বলতাবোৰৰ বশ হৈ থাকিম, তেতিয়ালৈকে আমি প্ৰকৃত ধাৰ্মিক বা ধৰ্ম সাধক হ’ব নোৱাৰোঁ। মানুহে কৰা ভাল কৰ্মবোৰ যদি ধৰ্ম হয়, তেন্তে নিজৰ প্ৰয়োজন বা ব্যক্তিগত স্বাৰ্থত অন্ধ হৈ কৰা বেয়া কামবোৰ কেতিয়াও ধৰ্ম হ’ব নোৱাৰে। নিজৰ স্বাৰ্থৰ বাবে আন জীৱক অনিষ্ট কৰাটো আচলতে মনৰ দুৰ্বলতা আৰু অধৰ্মহে। যেতিয়া ব্যক্তিৰ অন্তৰত দয়া, মমতা, ক্ষমা আৰু সহায় কৰাৰ পৰায়োণতা চিৰস্থায়ী হয়, তেতিয়াহে তেওঁ প্ৰকৃত ধাৰ্মিক হৈ পৰে।

ধৰ্মৰ প্ৰকৃত সাৰ্থকতা লুকাই আছে এই অন্তৰ যুদ্ধৰ জৰিয়তে নিজক জয় কৰাত, স্বাৰ্থহীন কৰ্মত আৰু নিষ্কাম ভক্তিত। ধৰ্ম বা ঈশ্বৰৰ প্ৰতি থকা ভক্তি মাৰ্গক সাৰথি কৰি যেতিয়া এজন মানুহে সমাজত নিজৰ ব্যক্তিত্ব অক্ষুণ্ণ ৰাখিব পাৰে, নিজকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ, সুঠাম তথা উন্নত কৰি এজন আদৰ্শ মানুহ হিচাপে গঢ়ি তুলিব পাৰে, তেতিয়াহে ধৰ্মই প্ৰকৃত সাৰ্থকতা লাভ কৰে।

এই সমগ্ৰ যাত্ৰাৰ একেবাৰে চৰম আৰু সৰ্বোচ্চ আধ্যাত্মিক স্তৰটো হৈছে— আত্মা পৰমাত্মাৰ লগত সমাহিত হোৱা। আমাৰ অন্তৰত থকা এই চেতনা বা আত্মা প্ৰকৃততে সেই এক পৰমাত্মাৰেই সৃষ্টি। এই প্ৰসংগত আমাৰ যুগদ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অতি স্পষ্টকৈ কৈ গৈছে— “কুকুৰ শৃগাল গদৰ্ভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম”। অৰ্থাৎ কুকুৰ, শিয়াল, গাধ বা পৃথিৱীৰ প্ৰতিটো জীৱৰে আত্মা আচলতে একেজন পৰমাত্মাৰেই অংশ। গতিকে সকলো জীৱকে সমজ্ঞানে সন্মান কৰিব লাগে। যেতিয়া মানুহে নিজৰ অহংকাৰ আৰু সকলো মানসিক দুৰ্বলতা মোচন কৰি নিজৰ আত্মাক পৰমাত্মাৰ সৰ্বব্যাপী প্ৰেম আৰু চেতনাৰ সৈতে একাকাৰ কৰি দিয়ে, তেতিয়াই ধৰ্মৰ প্ৰকৃত বাণী সাৰ্থক হয়।

শেষত ক’ব পাৰি যে, ধৰ্ম কোনো বাহ্যিক আড়ম্বৰ বা কেৱল লোকাচাৰ নহয়। নিজৰ বিবেকক সজাগ ৰাখি, মনৰ দুৰ্বলতাবোৰক পৰাজিত কৰি, আত্মা আৰু পৰমাত্মাৰ অভেদত্বক অনুভৱ কৰি সকলো জীৱকে সমভাৱে মৰম কৰিব পৰা মানৱীয় গুণখিনিয়েই হৈছে আচল ধৰ্ম। যেতিয়া মানুহে আনক জীয়াই থকাত সহায় কৰি নিজে সুন্দৰভাৱে জীয়াই থকাৰ কলা আয়ত্ত কৰে, তেতিয়াই মানৱ জীৱনত ধৰ্ম সাৰ্থক হৈ পৰে।