ইউ এচ টি এম আৰু দিছপুৰ মহাবিদ্যালয়ত  উচ্চশিক্ষাৰ  ৰাষ্ট্ৰসংঘ আৰু ইউনেস্ক’ৰ লক্ষ্য কাৰ্যকৰীকৰণ সম্পৰ্কত মতবিনিময়

ইউ এচ টি এম আৰু দিছপুৰ মহাবিদ্যালয়ত  উচ্চশিক্ষাৰ  ৰাষ্ট্ৰসংঘ আৰু ইউনেস্ক’ৰ লক্ষ্য কাৰ্যকৰীকৰণ সম্পৰ্কত মতবিনিময়

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চশিক্ষা ব্যৱস্থাক বিশ্বমানৰ বহনক্ষম উন্নয়ন লক্ষ্য আৰু ৰাষ্ট্ৰসংঘৰ শৈক্ষিক নীতিৰ সৈতে সংগতিপূৰ্ণ কৰি আগুৱাই নিয়াৰ উদ্দেশ্যে আজি ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ উদ্যোগত দুই ইউএসএস উচ্চশিক্ষানুষ্ঠান ক্ৰমে ঐতিহ্যপূৰ্ণ দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয়ৰ আচাৰ্যৰ স’তে এক গুৰুত্বপূৰ্ণ মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয়৷ বৈঠকত ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ পেনেলিষ্ট তথা মণ্ডল-ৰৰ সমন্বয়ক, অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্ৰী বন্ধন উপ-সমিতিৰ আহ্বায়ক, ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ঐতিহাসিক ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় [স্বায়ত্তশাসিত]ৰ অধ্যক্ষৰ  লগতে ১৫ টাতকৈও অধিক সংগঠনৰ সভাপতি, সম্পাদকৰ দায়িত্বত থকা কৰ্মসূৰ্য ড॰ শশীকান্ত শইকীয়া আৰু ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ সঞ্চালক ড॰ অশ্বিনী কুমাৰ শৰ্মাই অংশগ্ৰহণ কৰে৷ দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ নৱজ্যোতি বৰা আৰু ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয়ৰ আচাৰ্য মহবুবুল হকৰ সৈতে উচ্চশিক্ষাৰ বিভিন্ন দিশ আৰু ৰাষ্ট্ৰসংঘ  ইউনেস্ক’ৰ কাম কাজ ৰূপায়ণ কৰাৰ সন্দৰ্ভত বিস্তৃত মতবিনিময় কৰে৷ আলোচনাত ড॰ শশীকান্ত শইকীয়াই ৰাষ্ট্ৰসংঘ আৰু ইউনেস্ক’ৰ উদ্দেশ্য, লক্ষ্য তথা শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে বিস্তৃতভাৱে বক্তব্য আগবঢ়ায়৷ বিশেষকৈ উচ্ছশিক্ষানুষ্ঠানসমূহৰ পাঠ্যক্ৰম, গৱেষণা আৰু সামাজিক দায়বদ্ধতাৰ সৈতে ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ সংযুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ বৈঠকত শিক্ষানুষ্ঠানসমূহত সমতাভিত্তিক আৰু অন্তৰ্ভুক্তিমূলক শিক্ষা নিশ্চিত কৰা, বিজ্ঞান-প্ৰযুক্তিৰ বিকাশত অধিক গুৰুত্ব দিয়া, লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সমৃদ্ধ ঐতিহ্য আৰু সাংস্কৃতিক সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা আৰু ধাৰণাসমূহ তৃণমূল পৰ্যায়লৈ লৈ যোৱাৰ বিষয়েও আলোচনা কৰা হয়৷ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় সমূহৰ মাজত যৌথ গৱেষণা, সজাগতামূলক কৰ্মশালা, শৈক্ষিক বিনিময় কাৰ্যসূচী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিশ্বমুখী চিন্তা-চৰ্চাৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ আধুনিক শিক্ষা ব্যৱস্থা কেৱল আনুষ্ঠানিক ডিগ্ৰী প্ৰদানৰ মাজতে সীমাবদ্ধ নাৰাখি শিক্ষাৰ্থীসকলৰ মাজত গোলকীয় নাগৰিকত্ববোধ, সামাজিক দায়বদ্ধতা আৰু পৰিৱেশ সচেতনতা গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ বিষয়েও বিস্তৃত আলোচনা হয়৷ বৈঠকত অংশগ্ৰহণকাৰীসকলে মত প্ৰকাশ কৰে যে উত্তৰ- পূৰ্বাঞ্চলৰ বিপুল প্ৰাকৃতিক, সাংস্কৃতিক আৰু বৌদ্ধিক সম্পদৰ সঠিক আৰু বহনক্ষম ব্যৱহাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ সম্পদ কেন্দ্ৰসমূহৰ সৈতে অঞ্চলটোৰ উচ্চ শিক্ষানুষ্ঠানুষ্ঠান  সমূহৰ এক নিবিড় সম্পৰ্ক গঢ়ি তোলাটো অতি জৰুৰী৷ এনে পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাব্যৱস্থাক নতুন গতি প্ৰদান কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অঞ্চলটোক এক গুৰুত্বপূৰ্ণ শৈক্ষিক সমন্বয়ক হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব বুলি অংশগ্ৰহণ কাৰীসকলে আশা প্ৰকাশ কৰে৷ অনুষ্ঠানত ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয়ৰ আচাৰ্যৰ পৰামৰ্শদাতা ৰবীন কুমাৰ শৰ্মাৰ লগতে ভালেসংখ্যক অধ্যাপক- অধ্যাপিকা উপস্থিত থাকে৷ উল্লেখ্য যে অনুষ্ঠানৰ অংশ হিচাপে দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ নৱজ্যোতি বৰাকে ধৰি ৰাষ্ট্ৰসংঘৰ আজীৱন সদস্য পদত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ৯ গৰাকী অধ্যাপক- অধ্যাপিকাক পৰিচয়-পত্ৰ প্ৰদান কৰা হয়৷ ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ পেনেলিষ্ট তথা মণ্ডল-ৰৰ সমন্বয়ক ড॰ শশীকান্ত শইকীয়া আৰু ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰৰ সঞ্চালক ড॰ অশ্বিনী কুমাৰ শৰ্মাই এই পৰিচয় পত্ৰসমূহ প্ৰদান কৰে৷ দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ নৱজ্যোতি বৰা আৰু ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয়ৰ আচাৰ্য মেহবুবুল হেক ড॰ শশীকান্ত শইকীয়া আৰু ড॰ অশ্বিনী কুমাৰ শৰ্মাক ফুলাম গামোছা আৰু অন্যান্য উপহাৰেৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে৷ উল্লেখ্য যে এই বৈঠকতে অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্ৰীবন্ধন উপ-সমিতিৰ আহ৩ায়ক ড॰ শশীকান্ত শইকীয়াই দুয়োখন উচ্ছশিক্ষানুষ্ঠানত অসম সাহিত্য সভাৰ শাখা মুকলি কৰা সন্দৰ্ভত উচ্ছশিক্ষানুষ্ঠান দুখনৰ অধ্যক্ষ আৰু আচাৰ্যৰ স’তে আলোচনা কৰে৷