নদী আৰু নাৰী – বনজিত দাস

Pc Pexels

নদী আৰু নাৰী

বনজিত দাস,ৰিহাবাৰী, বজালী 

নদী বয়—
নীৰবে কঢ়িয়াই নিয়ে
পৰ্বতৰ পৰা সমতললৈ
সময়ৰ অলেখ কথকতা ।

নদীৰ বুকুত
লিখা হয় সভ্যতাৰ ইতিহাস
ঢৌৰ ভাজে ভাজে
সাঁচ খায় মানুহৰ অস্তিত্ব ।

আৰু নাৰী —
নীৰৱে সহে জীৱন ধুমুহা
নিজৰ বুকুত সাঁচি ৰাখে
এটা জাতিৰ অদেখা ভৱিষ্যত ।

নদীয়ে যেনেকৈ
উৰ্বৰ কৰে দুপাৰৰ সেউজ মাটি
নাৰীৰ কোলাত তেনেকৈয়ে
ডাঙৰ-দীঘল হয়
এক এক প্ৰজন্মৰ সপোন ।

নদী বয়—
সভ্যতা গঢ়ে,
নাৰীয়ে
সভ্যতাৰ ভেটি গঢ়ে ।

সেয়ে নদী আৰু নাৰী
দুয়ো বৈ যায়,
দুয়ো সহি যায়,
আৰু দুয়োৰে বুকুতেই
লিখা থাকে
মানুহ হোৱাৰ ইতিহাস ।