বিশ্বনাথত, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী’ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

বিশ্বনাথত, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী’ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

সত্যেন্দ্ৰদাস প্ৰাথমিক বিদ্যালয়ত মহকুমা ভিত্তিত অনুষ্ঠিত সভাত শতাধিক শিক্ষক-শিক্ষয়িত্ৰী’ৰ অংশগ্ৰহণ

বিহমাৰী,ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ইংৰাজী ২৩ নৱেম্বৰত বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী’ৰ উদ্যোগত মহকুমা ভিত্তিত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী’ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে অনুষ্ঠিত কৰা হয়। বিহালী শিক্ষা খণ্ড’ৰ অন্তৰ্গত সত্যেন্দ্ৰদাস প্ৰাথমিক বিদ্যালয়’ৰ চৌহদত অনুষ্ঠিত এই কাৰ্যসূচীত মহকুমা’ৰ প্ৰায় এক শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। আৰম্ভণিতে বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী’ৰ সম্পাদক প্ৰেম বৈষ্ণৱ’ৰ অনুৰোধ মৰ্মে সন্মিলনী’ৰ সভাপতি তথা প্ৰাক্তন সৰ্বভাৰতীয় সদস্য পৰেশ বৰাই পতাকা উত্তোলন কৰে। নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি পূব বেদেতী কেন্দ্ৰ’ৰ সভাপতি খীনা চেত্ৰীয়ে বৃক্ষৰোপণ কৰে আৰু তেখেতক এই কাৰ্যত সহযোগ কৰে সত্যেন্দ্ৰদাস প্ৰাথমিক বিদ্যালয়’ৰ প্ৰধান শিক্ষয়িত্ৰী সত্যৱতী মণ্ডলে। পৰৱৰ্তী সময়ত উপ-সভাপতি পদ্মেশ্বৰ কুৰ্মীয়ে বন্তি প্ৰজ্বলন কৰে আৰু সন্মিলনী’ৰ উপদেষ্টা ৰঘু ৰাজোৱাৰে শ্বহীদ তৰ্পণ কৰে। ইয়াৰ পিছত সম্পাদক প্ৰেম বৈষ্ণৱৰ অনুৰোধ মঞ্চত আসন গ্ৰহণ কৰে ক্ৰমে – সন্মিলনী’ৰ সভাপতি পৰেশ বৰা, উপদেষ্টা ৰঘু ৰাজোৱাৰ, উপ-সভাপতি দ্বয় ক্ৰমে দেৱনাথ মিলি আৰু পদ্মেশ্বৰ কুৰ্মী আৰু পূব বেদেতী কেন্দ্ৰ’ৰ সভাপতি খীনা চেত্ৰীয়ে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে মহকুমা’ৰ সহঃ সম্পাদক দ্বয় ক্ৰমে বীৰেন মহন্ত আৰু জীৱন নেপাল, ন্যাস সম্পাদক সঞ্জীৱ কুমাৰ দাস, প্ৰাক্তন ন্যাস সম্পাদক লক্ষেশ্বৰ ওৰাং, বিশ্বনাথ জিলা’ৰ কৃতী শিক্ষক’ৰ বঁটা প্ৰাপক ছাৰছিং বে, পশ্চিম বেদেতী কেন্দ্ৰ’ৰ সভাপতি ডিম্বেশ্বৰ কটকী, পশ্চিম বেদেতী কেন্দ্ৰ’ৰ সম্পাদক জীৱন ভৰালী, বৰগাং কেন্দ্ৰ’ৰ সম্পাদক ৰাজু গিৰি, বিহালী কেন্দ্ৰ’ৰ সভাপতি হেমন্ত পৌৰেল, পূব বিহালী মণ্ডল সমল কেন্দ্ৰ’ৰ সমন্বয়ক কৃষ্ণ পৌৰেল, অৱসৰপ্ৰাপ্ত শিক্ষক, প্ৰাক্তন সন্মিলনী’ৰ কাৰ্যকৰ্তা বিমল বৰাকে আদি কৰি প্ৰায় এক শতাধিক শিক্ষক-শিক্ষয়িত্ৰী। বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী’ৰ তৰফ’ৰ পৰা আমন্ত্ৰিত অতিথিসকলক ফুলাম গামোচাৰে আদৰণি জনোৱা হয়। সভাত সন্মিলনী’ৰ সভাপতি পৰেশ বৰাই প্ৰতিষ্ঠা দিৱস’ৰ লগত সংগতি ৰাখি সাৱলীল বক্তব্য প্ৰদান কৰে। তেখেতে নিজ’ৰ বক্তব্যত শিক্ষকসকলক একত্ৰিত কৰা’ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে আৰু শিক্ষকসকল’ৰ বিভিন্ন সমস্যা, প্ৰাপ্য অধিকাৰ আৰু মৰ্যাদা ৰক্ষা’ৰ বিষয়ত বিস্তৃতভাৱে আলোচনা কৰে। সকলো শিক্ষক একমঞ্চত থিয় হৈ ঐক্যবদ্ধভাৱে আগবাঢ়িলেহে সমস্যাসমূহ’ৰ সমাধান সম্ভৱ হ’ব বুলি তেখেতে মন্তব্য কৰে। উপদেষ্টা ৰঘু ৰাজোৱাৰেও বক্তৃতা প্ৰদান কৰে। শিক্ষক সকলৰ হৈ বক্তব্য প্ৰদান কৰে ন্যাস-সম্পাদক সঞ্জীৱ কুমাৰ দাসে। সভা’ৰ শেষত সকলোৱে সন্মিলনী’ৰ ঐক্য, মৰ্যাদা আৰু শিক্ষক সমাজ’ৰ স্বাৰ্থ ৰক্ষা’ৰ বাবে আগন্তুক দিনতো একেলগে কাম কৰি যোৱা’ৰ সংকল্প লয়।