‘প্ৰাণৰ জুবিন অমৰ জুবিন’ – বন্দিতা শৰ্মা কন্দলি

‘প্ৰাণৰ জুবিন অমৰ জুবিন’

বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই অসমবাসী বঠা নোহোৱা নাওৰ দৰে হৈ পৰিছে। জুবিন গাৰ্গ অসমৰ সাহস, অনুপ্ৰেৰণা আৰু এক পৰিচয়। তেওঁৰ আদৰ্শক জীয়াই ৰাখিবলৈ হ’লে আমি তেওঁৰ কৰ্মৰাজি, সৃষ্টিৰাজি আৰু ব্যক্তিত্বৰ বিষয়ে আলোচনা কৰিব লাগিব।

আজি শিল্পী গৰাকীক আধাৰ কৰি লেখা এখন বিশেষ গ্ৰন্থৰ কথা ক’ব বিচাৰিছোঁ। যিখন গ্ৰন্থ ৰ লগতে এখন পত্ৰ ১৮/১০/২০২৬ তাৰিখে ডাকযোগে আহি মোৰ হাতত পৰিছিল। আকৰ্ষণীয় বেটুপাতৰ গ্ৰন্থখন হৈছে ‘ প্ৰাণৰ জুবিন অমৰ জুবিন’।মাত্ৰ ৮৮ পৃষ্ঠাৰ গ্ৰন্থখনত ‘ভুৰুকাত হাতী ভৰোৱা’ৰ দৰে জুবিন গাৰ্গৰ ব্যক্তিত্ব, বিভিন্ন জনৰ মন্তব্য আৰু জীৱন দৰ্শনৰ কেইটামান দিশ দাঙি ধৰা হৈছে। গ্ৰন্থ খনত পঢ়ুৱৈৰ বয়স ৯ বছৰৰ পৰা ১৬ বছৰ বুলি উল্লেখ কৰিছে যদিও সকলো বয়সৰ লোকৰ বাবে সুপাঠ্য।মহান শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ খবৰটো বিয়পি পৰাৰ লগে লগে অসম আৰু অসমবাসীৰ কেনে অৱস্থা হৈছিল তাৰ এখন স্পষ্ট ছবি গ্ৰন্থখনে দাঙি ধৰিছে। চল্লিশটা দফাত বিভক্ত গ্ৰন্থখনিত সাত বছৰীয়া শিশু সোনমইনাক লগত লৈ দেউতাক গুৱাহাটীৰ ৰাজপথলৈ ওলাই আহি পৰুৱাৰ দৰে লানি নিছিগা মানুহৰ সোঁতত বেছি দূৰলৈ নগৈ ঘৰলৈ উভতি আহি দূৰদৰ্শনতে জুবিন গাৰ্গৰ শেষ বিদায়ৰ দৃশ্য চালে।অসমৰ ঠায়ে ঠায়ে হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন জনৰ বক্তব্যৰ মাজেৰে জুবিন গাৰ্গৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ বহু কথা প্ৰতিফলিত হৈছে। গ্ৰন্থখনৰ ২৩ পৃষ্ঠাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত এজন ব্যক্তিৰ বক্তব্যত ‘জুবিন’ শব্দৰ অৰ্থ পোৱা গৈছে এনেদৰে — ” পাৰ্চী ভাষা অনুসৰি জুবিন মানে আকাশ চুব পৰা মানুহজন”। কিন্তু জুবিন গাৰ্গে এবাৰ বিহুমঞ্চত কৈছিল -” জুবিনৰ অৰ্থ ভগৱানৰ তৰোৱাল, মই তৰোৱাল”। আকৌ ৫৩ পৃষ্ঠাত জুবিন গাৰ্গৰ মহানুভৱতাৰ পৰিচয় পোৱা গৈছে এনেদৰে , তেওঁ এষাৰ কথা বন্ধু বৰ্গক প্ৰায়ে কৈছিল – ” কুটা এগছ দিলেহে খেৰ এডাল পাবি।দিলে ক্ষয় নহয়।আয় হয়।” সেয়েহে তেওঁ আৰ্ত জনক পাৰে মানে সহায় কৰিছিল।মন ভৰিপৰা গ্ৰন্থখনৰ লেখক হৈছে ডিব্ৰুগড় জিলাৰ অধিবক্তা,লেখক, শিশু বন্ধু প্ৰসেনজিৎ কুমাৰ গোস্বামী,তোমালোকৰ শ্ৰদ্ধাৰ প্ৰসেন মামা । আশাকৰোঁ তোমালোকে গ্ৰন্থখন পঢ়িবা। জুবিন গাৰ্গৰ বিষয়ে কিছুমান নজনা কথা জানিবলৈ পাবা। শিশু সাহিত্য সমাজ, অসমৰ পৰা প্ৰকাশিত গ্ৰন্থখনৰ মূল্য ১৫০টকা।