পুতৌ – হৰেন কপ্তাক

Pc StockCake

পুতৌ

হৰেন কপ্তাক

এই যে কলাফুল টান হোৱাকৈ
পেডেল মৰা ৰিক্সাচালকগৰাকী,
দেখা মাত্ৰেই পুতৌ জাগে।
দহ টকাৰ বিনিময়ত দিনটো ৰখি থাকে
থানা তিনিআলিৰ গেটৰ সন্মুখত।
ৰিক্সাত উঠি আহি
জৰজৰকৈ সৰি পৰা ঘামৰ টোপাল
ক’লা পৰি যোৱা বুকুৰ বনিয়ন
নিজকে নিজেই দুখী যেন অনুভৱ কৰোঁ
কিয় উঠিলোহে!
কিবা পাপ হোৱা নাইটো!
কিন্তু আমি নুঠো মানে
পাকঘৰত জুই নজ্বলে
মুনমুনহঁতৰ কলমে বহীত নধৰে
ৰাতিৰ টোপনিবোৰো অচিন আলহী হৈ পৰে