অহা ৬ জানুৱাৰীৰ ৰাজ্যত গুণোৎসৱ

Pc Newsonair

অহা ৬ জানুৱাৰীৰ ৰাজ্যত গুণোৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীৰ মূল্যায়নৰ বাবে শিক্ষা বিভাগে প্ৰতি বছৰে গুণোৎসৱ অনুষ্ঠিত কৰি আহিছে। শিক্ষা বিভাগে আগন্তুক বৰ্ষত হ’বলগীয়া গুণোৎসৱৰ সময়সূচী পুনৰ ঘোষণা কৰিছে। এই সন্দর্ভত সমগ্র শিক্ষা, অসমৰ তৰফৰ পৰা এক নতুন নির্দেশনা জাৰি কৰা হয়। সমগ্র শিক্ষা, অসমৰ কাৰ্যবাহী সঞ্চালক বিপুল কুমাৰ দাস স্বাক্ষৰিত এই নির্দেশনাত উল্লেখ কৰা অনুসৰি প্রথম পৰ্যায়ত ৰাজ্যৰ ২০খন জিলাৰ আৰু দ্বিতীয় পৰ্যায়ত ১৫খন জিলাৰ শিক্ষানুষ্ঠানসমূহত অনাগত বৰ্ষৰ গুণোৎসৱ অনুষ্ঠিত হ’ব। প্রথম পৰ্যায়ৰ গুণোৎসৱৰ স্ব-মূল্যায়নৰ বাবে দিন নির্ধাৰণ কৰা হৈছে অহা ৬ জানুৱাৰী। সেইদৰে এই জিলাকেইখনত ৭, ৮ আৰু ৯ জানুৱাৰীত অনুষ্ঠিত হ’ব বহিঃমূল্যায়ন। প্রথম পৰ্যায়ৰ গুণোৎসৱে সামৰি ল’বলগীয়া জিলাকেইখন হ’ল-বৰপেটা, বজালী, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ (মহানগৰ), লখিমপুৰ, মাজুলী, মৰিগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং। দ্বিতীয় পৰ্যায়ৰ ১৫ জিলাত অহা ১৯ জানুৱাৰীত স্ব-মূল্যায়ন অনুষ্ঠিত হোৱাৰ বিপৰীতে ২০, ২১ আৰু ২২ জানুৱাৰীত সম্পন্ন হ’ব বহিঃমূল্যায়ন। দ্বিতীয় পর্যায়ত গুণোৎসৱ অনুষ্ঠিতব্য জিলাকেইখন হ’ল- বাক্সা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, ডিমা হাছাও, হাইলাকান্দি, হোজাই, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, নগাঁও, দক্ষিণ শালমাৰা-মানকাচৰ, শ্রীভূমি, তামুলপুৰ আৰু ওদালগুৰি। নিৰ্দেশনাটোত স্পষ্ট কৰি দিয়া অনুসৰি বজালী আৰু তামুলপুৰ জিলাত গুণোৎসৱৰ আয়োজন কৰিব ক্ৰমে বৰপেটা আৰু বাক্সা জিলাৰ সমগ্ৰ শিক্ষাৰ কৰ্তৃপক্ষই।