সাংবাদিক সবিতা গোস্বামীলৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান

সাংবাদিক সবিতা গোস্বামীলৈ জীৱনজোৰা সাধনা বঁটা প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰ-পূৰ্বাঞ্চলৰ হৈ তথা উত্তৰ-পূৰ্বাঞ্চলক প্ৰতিফলিত কৰা সাংবাদিকক উৎসাহিত কৰাৰ লক্ষ্যৰে ‘নৰ্থ ইষ্ট মিডিয়া ফ’ৰাম’ আৰু স্বেচ্ছাসেৱী সংগঠন ‘মাই হ’ম ইণ্ডিয়া’ৰ যুটীয়া উদ্যোগত শনিবাৰে ২০২৬ বৰ্ষৰ চতুৰ্থ কল্যাণ বৰুৱা সাংবাদিক বঁটা প্ৰদান কৰা হয়। নতুন দিল্লীৰ অভিজাত কনষ্টিটিউচন ক্লাৱত আয়োজিত এখন অনাড়ম্বৰপূৰ্ণ অনুষ্ঠানত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ প্ৰবীণ সাংবাদিক সবিতা গোস্বামীক সাংবাদিকতা ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ‘জীৱনজোৰা সাধনা বঁটা’ প্ৰদান কৰে। অসুস্থতাৰ বাবে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নোৱাৰা সবিতা গোস্বামীৰ হৈ তেওঁৰ কন্যা ত্রিবেণী গোস্বামী মাথুৰে বঁটা গ্ৰহণ কৰে। মন কৰিবলগীয়া যে দিল্লী ‘দ্য আছাম ট্রিবিউন’ বাতৰিকাকতৰ বিশেষ প্রতিনিধি হিচাপে সুদীর্ঘ আঢ়ৈ দশক দায়িত্ব পালন কৰা বিশিষ্ট সাংবাদিক কল্যাণ বৰুৱাৰ স্মৃতিত প্ৰতিবছৰে এই বঁটা প্ৰদান কৰা হয়। ২০২০ চনৰ মহামাৰীৰ সময়ত ক’ভিডত আক্রান্ত হৈ বৰুৱা আৰু তেওঁৰ পত্নীৰ মৃত্যু হৈছিল। চলিত বৰ্ষত প্ৰদান কৰা বঁটাৰ বাবে পাঁচজনীয়া বিচাৰকমণ্ডলীয়ে বিতং মূল্যায়নৰ অন্তত বিভিন্ন শিতানত বঁটাপ্ৰাপকসকলৰ নাম নিৰ্বাচন কৰিছিল। ‘জীৱনজোৰা সাধনা বঁটা’ৰ উপৰি অন্যান্য শিতানত বঁটা গ্রহণ কৰা সাংবাদিক তথা সংবাদ প্রতিষ্ঠানসমূহ হ’ল- ইলেক্ট্র’নিক সংবাদ মাধ্যম শিতানত ‘ডি ৱাই ৩৬৫’ৰ সাৰস্বত গোস্বামী, প্রিন্ট সংবাদ মাধ্যম শিতানত ‘ডেকান হেৰাল্ড’ৰ সুমীৰ কৰ্মকাৰ, ডিজিটেল সংবাদ মাধ্যম শিতানুত ‘ইণ্ডিয়া টুডে এন ই’ৰ হৃজয় দাস কানুগো, ষ্টীল ফটোগ্রাফী শিতানত ‘অসমীয়া প্রতিদিন’ৰ বিজু বড়ো আৰু ভিডিঅ’গ্ৰাফী শিতানত ‘ইণ্ডিয়া টুডে এন ই’ৰ ড° অপৰমিতা দাস। মন কৰিবলগীয়া যে ডিজিটেল সংবাদ মাধ্যমৰ শিতানত ‘ইষ্ট ম’জ’ৰ লালনুনকিমী কলনিক বিচাৰকৰ বিশেষ প্রশংসা বঁটাৰে সন্মানিত কৰা হৈছে। উল্লেখ্য যে ‘জীৱনজোৰা সাধনা বঁটা’ লাভ কৰা সবিতা গোস্বামীয়ে সত্তৰ আৰু আশীৰ দশকত ‘বিবিচি’ আৰু ‘এজেঞ্চ ফ্রান্স প্ৰেছ’ৰ দৰে প্রতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে ‘ব্লিটজ’ আৰু ‘দ্য উইক’ৰ দৰে আগশাৰীৰ ভাৰতীয় প্রকাশনৰ বাবেও কাম কৰিছিল। আশীৰ দশকৰ অসম আন্দোলনকে ধৰি ৰাজ্যখনৰ ইতিহাসৰ কেইবাটাও গুৰুত্বপূৰ্ণ আৰু প্রত্যাহ্বানমূলক অধ্যায়ৰ তেওঁ সাহসিকতাৰে বাতৰি পৰিৱেশন কৰিছিল। তেওঁৰ জীৱন আৰু পেছাদাৰী অভিজ্ঞতা ‘মন গংগাৰ তীৰত’ নামৰ আত্মজীৱনীত লিপিবদ্ধ কৰা হৈছে; যি পিছলৈ ইংৰাজী ভাষাত ‘অলং দ্য ৰেড ৰিভাৰ: এ মেম’য়াৰ’ নামেৰে প্ৰকাশ পাইছিল। উল্লেখ্য যে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ দায়িত্বত আছিল জ্যেষ্ঠ সাংবাদিক কিশোৰ চেৰাম, অল ইণ্ডিয়া ৰেডিঅ’ৰ প্ৰাক্তন মহাসঞ্চালক মৌচুমী চক্ৰৱৰ্তী, প্রবীণ সম্প্ৰচাৰ সাংবাদিক বসুধা বেনার্জী, জ্যেষ্ঠ সাংবাদিক শান্তনু নন্দন শর্মা আৰু শচীন গগৈক লৈ গঠিত পাঁচজনীয়া বিচাৰকমণ্ডলী। মুখ্য অতিথি হিচাপে নিজৰ ভাষণত ছত্তিশগড়ৰ ৰাজ্যপাল ডেকাই প্রয়াত সাংবাদিক কল্যাণ বৰুৱাৰ স্মৃতি ৰোমন্থন কৰি কয় যে বৰুৱাৰ দৰে সাংবাদিকে কেতিয়াও ‘ব্রেকিং নিউজ’ৰ পিছত দৌৰা নাছিল। তেওঁ বাতৰিহে পৰিৱেশন কৰিছিল সত্যনিষ্ঠাৰ আধাৰত। আনহাতে কেৱল নেতিবাচক তথা চাঞ্চল্যকৰ বাতৰিৰ পৰিৱৰ্তে ইতিবাচক বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্ৰতো বৰুৱাই গুৰুত্ব আৰোপ কৰিছিল। ডেকাই আজি ‘অখ্যাত নায়ক’ (আনচাং হিৰো) সকলৰ বাতৰি পৰিৱেশন কৰিবলৈ তৰুণ প্ৰজন্মৰ সাংবাদিকসকলক আহ্বান জনায়। আনহাতে উত্তৰ-পূৰ্বাঞ্চল তথা দেশৰ বিভিন্ন প্রান্তত বসবাসকাৰী উত্তৰ-পূৰ্বাঞ্চলবাসীৰ বাবে উৎসর্গিত স্বেচ্ছাসেৱী সংগঠন ‘মাই হ’ম ইণ্ডিয়া’ৰ প্ৰতিষ্ঠাপক সুনীল দেওধৰে ভাষণত এগৰাকী সাংবাদিক হিচাপে কল্যাণ বৰুৱাৰ সাৰ্থকতাৰ বিভিন্ন উপাখ্যান দাঙি ধৰে। উত্তৰ-পূৰ্বাঞ্চলক দেশৰ অন্য প্ৰান্তৰ সন্মুখত তথা দেশৰ অন্য প্রান্তক উত্তৰ-পূৰ্বাঞ্চলৰ সন্মুখত দাঙি ধৰাৰ ক্ষেত্ৰত সাংবাদিক হিচাপে প্রয়াত বৰুৱাৰ অবদানৰ কথা দেওধৰে উল্লেখ কৰে। ইপিনে ‘নর্থ-ইষ্ট মিডিয়া ফ’ৰাম’ৰ সভাপতি সঞ্জীৱ কুমাৰ বৰুৱাই প্ৰয়াত সাংবাদিকজনে কিদৰে দিল্লী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত এখন সেতুৰ দৰে কাম কৰিছিল সেই কথা সবিস্তাৰে দাঙি ধৰি বৰুৱাৰ স্মৃতিচাৰণ কৰে। অনুষ্ঠানত জুৰীসকলকো সম্বর্ধনা জনোৱা হয়। জুৰীসকলৰ প্ৰতিনিধি হিচাপে বিশিষ্ট সাংবাদিক শান্তনু নন্দন শৰ্মাই আৰু এজন সহকর্মী হিচাপে সাংবাদিক মনীষ শুক্লাই আগবঢ়োৱা ভাষণত প্রয়াত সাংবাদিকজনৰ স্মৃতিচাৰণ কৰে।