গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে অট’ চালকৰ মৃত্যু 

গুৱাহাটীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে অট’ চালকৰ মৃত্যু 

ৰঙিলী বাৰ্ত্তাসেৱা- কাজিৰঙাৰ ভয়াৱহ দুৰ্ঘটনাৰ পাছতে ৰাজ্যজুৰি পৰিবহণ ব্যৱস্থাত কঠোৰতা অনা হৈছে । লগতে তালাচী অভিযানো তীব্ৰতৰ কৰি তোলা হৈছে । বিশেষকৈ ৰাজপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ লগতে ট্ৰেফিক আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । কিন্তু এই অভিযানৰ মাজতে শনিবাৰে পুৱা সুৰাসক্ত চালকৰ বাবে গুৱাহাটীত প্ৰাণ হেৰুৱালে এজন অট’ চালকে । মহানগৰীৰ চেৰাবভাতীৰ আৰ্যনগৰৰ শ্যামাপ্রসাদ মুখার্জী উৰণ সেতুত শনিবাৰে পুৱাৰ ভাগত সংঘটিত হৈছে এই ভয়ানক দুর্ঘটনা। জানিব পৰা মতে, শনিবাৰে পুৱা প্রায় ৫ বজাত এখন ইভি অটোত এগৰাকী মহিলা যাত্রীসহ গন্তব্যস্থান অভিমুখে যাত্রা কৰিছিল বশিষ্ঠৰ তপন কলিতা নামৰ চালকজনে। কিন্তু গৈ থকা অৱস্থাতে উৰণ সেতুখনৰ বিপৰীত দিশৰ পৰা তীব্রবেগে অহা বেলেন’ বাহনখনে নিয়ন্ত্রণ হেৰুৱাই অটোখনক মহটিয়াই নিয়ে। তীব্রবেগী বেলেন’ বাহনখনৰ খুন্দাত অটোখনৰ চালক তপন কলিতাৰ ঘটনাস্থলীত মৃত্যু হোৱাৰ লগতে যাত্ৰীৰূপে অহা দীপাঞ্জলি সিনহা নামৰ মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়। স্থানীয় প্রত্যক্ষদর্শীয়ে সদৰী কৰা মতে,  এ এছ-০১-এফ এল-৩৬৮৮ নম্বৰৰ বেলেন’ বাহনখনে সন্মূখৰ পৰা এ এছ-০১-ইউ চি-৭৩০৩ নম্বৰৰ ইলেক্ট্ৰিক অট’খনত প্ৰচণ্ড জোৰে খুন্দা মাৰে । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ যায় অট’খন । লগে লগে  স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ আহত দুয়োজন লোকক আৰক্ষীৰ সহযোগত ভঙাগড়ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। অৱশ্যে ঘটনাটোত গুৰুতৰভাৱে আহত অটোচালক তপন কলিতাৰ ইতিমধ্যে মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে। আনহাতে উত্তেজিত ৰাইজে দুর্ঘটনাটো সংঘটিত কৰা বেলেন’ বাহনখনৰ চালক ললিত ৰায় আৰু সহযোগী অমিত সৰকাৰক উত্তম-মধ্যম শোধায়। অঞ্চলটোৰ বাসিন্দাসকলে জানিবলৈ দিয়া মতে, বাহনখনৰ দুই আৰোহী সেই সময়ত অত্যধিক সুৰামত্ত অৱস্থাত আছিল। সুৰাৰ ৰাগিত মতলীয়া চালক ললিত ৰায়ে দুর্ঘটনাটো সংঘটিত হোৱাৰ বহু পৰলৈকে দুজনকৈ লোকো যে গুৰুতৰভাৱে আহত হৈছে সেয়া জ্ঞাত নাছিল। ফটাশিল “আমবাৰী আৰক্ষীয়ে বাহন দুখন জব্দ কৰি ধৃত দুয়োজনকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।