কৃষক মেলা সম্পন্ন

কৃষক মেলা সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা বৃহস্পতিবাৰ ইংৰাজী ১৯ নৱেম্বৰত যোৰহাট কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ উদ্যোগত আৰু ধান গৱেষণা প্ৰতিষ্ঠান তিতাবৰৰ তত্ত্বাৱধানত ‘গ্ৰাম্য কৃষি-কৰ্ম অভিজ্ঞতা আঁচনি,২০২৬-২৭ বৰ্ষৰ কৃষক মেলা আৰু প্ৰদৰ্শনী ২৬-২৭ বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলৰ সহযোগত আয়োজন কৰা হয়।

তিতাবৰৰ মৰধলি অঞ্চলৰ কছাৰী গাওঁ প্ৰাথমিক বিদ্যালয়ৰ সমীপত আয়োজন কৰা মেলাখন পুৱা ১১ বজাৰ লগে লগেই অনুস্থিত হয়।বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা মেলাখনৰ ফিটা কাটি শুভ উদ্বোধন কৰে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীয়ে।উক্ত মেলাখনত উপস্থিত থাকে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ ডীন ডক্টৰ প্ৰসন্ন কুমাৰ পাঠকৰ লগতে বিশ্ববিদ্যালয়ৰ খনৰ বহুকেইগৰাকী অধ্যাপক,বিজ্ঞানীৰ লগতে তিতাবৰৰ ধান গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী ডক্টৰ ফুলেশ্বৰ নাথ।

তাৰোপৰি কেইবা শতাধিক কৃষকৰ উপস্থিতিয়ে মেলাখন যথেষ্ট সাফল্য মণ্ডিত কৰে।মেলাত কৃষিৰ লগতে আধুনিক প্ৰযুক্তি বিজ্ঞানৰ বহু যন্ত্ৰ পাতি প্ৰদৰ্শন কৰা হয়।উক্ত মেলাখনত তিতাবৰৰ এ ডি অ’ পঞ্চমিকা দত্ত আৰু বৰহোলাৰ এডিঅ’ ৰুবুল বৰুৱা উপস্থিত থাকে।শেষত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰি সভাখনৰ সফল সমাপ্তি ঘটে।