হেৰাই যোৱা সেই দিনবোৰ আৰু আজিৰ নিষ্ঠুৰ বাস্তৱ – শচীন্দ্ৰ কুমাৰ দাস

হেৰাই যোৱা সেই দিনবোৰ আৰু আজিৰ নিষ্ঠুৰ বাস্তৱ

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

কেতিয়াবা অকলে বহি থাকিলে বৰকৈ মনত পৰে সেই আগৰ তাহানিৰ দিনবোৰৰ কথা। তেতিয়া আমাৰ চাৰিওফালে ইমান গাড়ী-মটৰৰ বিকট শব্দ নাছিল, আকাশ ঢাকি ধৰা কল-কাৰখানাৰ ক’লা ধোঁৱাও নাছিল। তেতিয়া আছিল মাথোঁ এখন নিৰ্মল, প্ৰদূষণমুক্ত সমাজ। পুৱা শুই উঠিয়েই আমি দেখিবলৈ পাইছিলোঁ প্ৰকৃতিৰ অপৰূপ বিনন্দীয়া ৰূপৰ মাদকতা। নিয়ৰত তিতি থকা দুবৰি বন, বাঁহতলিৰ আঁৰৰ পৰা ভাঁহি অহা চৰাই-চিৰিকটিৰ মাত, জিৰ-জিৰকৈ বৈ থকা নৈখনৰ সুৱদি মাত আৰু বতাহত হালি জালি থকা পথাৰৰ সোণালী ধাননি—কি যে এক স্বৰ্গীয় পৰিৱেশৰ আত্মহাৰা ৰুপ আছিল! পদূলিৰ বকুল ফুল আৰু শেৱালি ফুলৰ সুবাসে গোটেই দেহ মন শাঁত পেলাইছিল।

সেই দিনবোৰত আমাৰ জীৱন আছিল বৰ সহজ-সৰল। আজিৰ দৰে ঘৰে ঘৰে এচি (AC) বা ইনভাৰ্টাৰ নাছিল। গৰমৰ দিনত সন্ধিয়া ঘৰৰ চোতালত ঢাৰি-পাটী পাৰি, বাঁহৰ বিচনীৰ কোমল বিচলৈ চোতালত বহি জোনাক নিশাৰ শীতল বতাহ লৈছিলোঁ। সেই চোতালতে মাটিৰ চাকি বা লেম্পৰ কঁপি থকা পোহৰত বহি আমি চিঞৰি চিঞৰি কিতাপ পঢ়িছিলোঁ। চাকিৰ সেই স্নিগ্ধ পোহৰ আৰু বিচনীৰ বতাহত যি শান্তি আছিল, আজিৰ শীত-তাপ নিয়ন্ত্ৰিত কোঠাৰ কৃত্ৰিম বতাহত সেই শান্তি বিচাৰি পোৱা নাযায়। কাৰো মনত কাৰো প্ৰতি ঈৰ্ষা নাছিল কোনো জেদ হিংসা বা হতাশাও নাছিল। আমাৰ নিজৰ কৃষ্টি-সংস্কৃতিৰ মাজতেই সকলোৱে মিলিজুলি একতাৰ ডোলেৰে বান্ধ খাই আছিলোঁ। আজি কিন্তু সেই সুবাস ক’ৰবাত হেৰাই গ’ল।

তাহানিৰ মানুহবোৰৰ মাজত থকা আন্তৰিকতাৰ কথা ভাবিলে আজি বুকুখনে চিৰিঙকৈ খুন্দা মাৰে। কাৰোবাৰ ঘৰত বিপদ হ’লে খবৰ নিদিয়াকৈয়ে ওচৰ-চুবুৰীয়া আহি থিয় দিছিল। গাঁৱৰ কাৰোবাৰ ঘৰত বিয়া বা পূজা-পাৰ্বণ বা বিশেষ অনুষ্ঠান পাতিলে গোটেই গাঁওখনেই নিজৰ ঘৰৰ কাম বুলি জঁপিয়াই পৰিছিল। কোনোবাই কলপাতেৰে ৰভা সাজিছিল, কোনোবাই পাচলি কাটিছিল, কোনোবাই আকৌ হাঁহিমুখে চাহ-মিঠাই ভাত বিলাইছিল। গাঁৱৰ এজন ল’ৰা বা ছোৱালীৰ বিয়া মানেই আছিল গোটেই গাঁওখনৰ উৎসৱ। আনকি কাৰোবাৰ ঘৰত থকা এটা মাত্ৰ ক’লা-বগা টিভিৰ আগত গোটেই গাঁওখন বহি একেলগে চিনেমা বা ৰামায়ণ চোৱাৰ যি মাদকতা আছিল, আজি তাৰ চিন-চাবেই যেন নাই।

আজি মানুহৰ মন ,ভাৱনা সলনি হ’ল, চিন্তাধাৰাবোৰও সলনি হ’ল। আধুনিকতাৰ পৰশত পৰি মানুহ আজি বৰ স্বাৰ্থপৰ আৰু কৰ্কথ হৈ পৰিছে। সকলোকে কেৱল লাগে—নিজক সমাজত শ্ৰেষ্ঠ বুলি জাহিৰ কৰাৰ ক্ষমতা। নিজকে শ্ৰেষ্ঠ আৰু যোগ্য বুলি প্ৰমাণ কৰিবলৈ গৈ আজিৰ মানুহবোৰ এক অন্ধ দৌৰত নামি পৰিছে। এই দৌৰত আগবাঢ়ি যাবলৈ গৈ আমি জীৱনৰ প্ৰকৃত শান্তি আৰু মানৱতা হেৰুৱাই পেলাইছোঁ। আজি মানুহৰ বুকুৰ পৰা দয়া, মমতা, ক্ষমা আৰু নিস্বাৰ্থ প্ৰেম যেন একেবাৰে নাইকিয়া হৈ গৈছে। সকলোবোৰ যেন মাথোঁ মুখৰ আৰু স্বাৰ্থৰ সম্পৰ্ক হৈ পৰিছে।

আগৰ দিনত বছৰৰ মূৰতহে কোনোবা এঠাইত দুৰ্ঘটনা এটা হোৱাৰ খবৰ শুনিবলৈ পাইছিলোঁ, সেয়াও শুনিলে বুকু কঁপি উঠিছিল। হত্যা, ধৰ্ষণ, ডকাইতিৰ দৰে জঘন্য ঘটনাবোৰ ভৰি পৰে। গোটেই সমাজখন যেন অপৰাধেৰে গা কৰি উঠিছে। মানুহৰ মনৰ পৰা আজি ভয়লাজ নাইকিয়া হ’ল।

উন্নতি নিশ্চয়কৈ জৰুৰী, কিন্তু মানুহৰ পৰা মানৱীয়তা গুণ নাশ কৰি কেনেকুৱা উন্নতি কৰিছোঁ আমি? আজিও কেতিয়াবা বকুল বা শেৱালিৰ গোন্ধ পালে বুকুখনে হাহাকাৰ কৰি উঠে—ক’লৈ গ’ল আমাৰ সেই সহজ-সৰল মানুহবোৰ? ক’লৈ গ’ল আমাৰ সেই আপোন সমাজখন? হয়তো আমি নিজেই অলপ থমকি ৰৈ, আমাৰ সন্তানক দয়া, ক্ষমা আৰু একতাৰ পাঠ পঢ়ুৱালেহে এদিন আকৌ সেই হেৰাই যোৱা সুবাস ঘূৰি আহিব।