আজিৰ সমাজত তোমাৰ প্ৰয়োজন – ৰুমী কলিতা দত্ত

Pc Unsplash

আজিৰ সমাজত তোমাৰ প্ৰয়োজন

ৰুমী কলিতা দত্ত
২ নং কেন্দুগুৰি,ডিব্ৰুগড়

কলিকালৰ জটিল সন্ধিক্ষণত
 পাপ আৰু অন্যায়ৰ ভৰত
আহিবানে প্ৰভু পুনৰ ধৰালৈ
মৰতৰ দুখ-কষ্ট হৰি নিবলৈ ?
দ্বাপৰৰ সেই পৱিত্ৰ নিশাত
 দেখা দিছিলা যিদৰে
আজিও ধৰাৰ মানুহে কান্দে
শান্তি আৰু সত্যৰ আশাতে ।
ঠগ-​প্ৰৱঞ্চনা, আৰু অহংকাৰে
গ্রাস কৰা এই বৰ্তমানত
তোমাৰ লীলাই দেখুৱাওক বাট
সকলো অন্ধকাৰৰ মাজত।
অত্যাচাৰৰ কংস প্ৰতিজন মানুহৰ
অন্তৰত বাস কৰে,
তোমাৰ ভক্তিৰ পোহৰ পৰিলেহে
সেই কংসৰ অন্ত পৰে।
​আজিৰ সমাজতো প্রয়োজন
কালীয় নাগৰ বিষ দমনৰ
শোষণ আৰু অবিচাৰৰ বিৰুদ্ধে
 সত্য প্ৰতিষ্ঠা কৰাৰ।
প্ৰকৃতিৰ দুর্যোগ আৰু সংকটত লাগে
তোমাৰ অভয় ছাঁ
গোৱৰ্ধন ধাৰণ কৰাৰ দৰে
ৰক্ষা কৰা ধৰাৰ প্ৰাণৰ-বা ।
​আধুনিক জীৱনৰ ব্যস্ততা
আৰু মোহ-মায়াৰ ৰণংগনত
আমাকেও শুনোৱা প্ৰভু
গীতাৰ সেই অমৰ উপদেশ অন্তৰত।
অৰ্জুনৰ দৰে মোহগ্রস্ত মনক দিয়া
 সঠিক পথৰ দিশ
সত্য, প্ৰেম আৰু ধৰ্মৰ বাটেৰে
দূৰ কৰা প্ৰতিটো অহংকাৰৰ বিষ  ।
​হে কৃষ্ণ, এই জন্মাষ্টমীত
তোমাৰ চৰণত জনাইছোঁ প্ৰণিপাত
মানৱতাৰ জয় হওক,
দূৰ হওক কলুষিত মানসিকতাৰ ঘাট ।
বৰ্তমানৰ এই ধুমুহাতো বাঁহীৰ সুৰেৰে
আনা শান্তিৰ সুবাস
প্ৰতিজন হৃদয়ত জাগি উঠক প্ৰভূ
তোমাৰ লীলাৰ অপাৰ বিশ্বাস।