মাছমৰা চলেৰে
ৰশ্মি ৰেখা দুৱৰা,ডিব্ৰুগড়
অসহ্য গৰমত বিলখনৰ পানী শুকাল
গেলা গোন্ধত কাষেৰে পাৰ হ’ব নোৱাৰি,
গেলা মাছ কিম্বা ভেকুলী।
কান্ধত জাল, কঁকালত খালৈ লৈ
মুখত এটি মিচিকিয়া হাঁহি বুলাই
বিলৰ দিশে খৰটকীয়া খোজ।
পথাৰৰ মাজৰ চতিয়না গছৰ তলত
কঁকালত খালৈটো বান্ধি,
জাকৈখন কাষতে থৈ এগৰাকী লচপচী।
এসোপামান মনৰ কথা
অতদিনে লগ নোপোৱাৰ অবুজ বেদনা,
প্ৰাণখুলি বান্ধি লৈছে সুখৰ টোপোলা।
স্ফূৰ্তি মনে ঘৰলৈ উভতিল
খালৈত মাছ নাই,
জাল, জাকৈ, খালৈ শুকান। পানীত নিতিতিল।
