শৰত – মেৰী বৰদলৈ

Pc Unsplash

শৰত

মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি

শুনিছোঁ শৰত আহিছে
হেনো
মুখত এটি
মৃদু হাঁহি আঁৰি৷

শুনিছোঁ শৰত আহিছে
হেনো
লাহে লাহে
এখোজদুখোজ
কৰি৷

শুনিছোঁ শৰত আহিছে
হেনো
এটি সুকোমল সুৰ
তুলি তুলি৷

শুনিছোঁ শৰত আহিছে
হেনো
বকুলপাহিক
হাতবাউলি দি৷

শুনিছোঁ শৰত আহিছে
হেনো
মনৰ মণিকাঞ্চনজোপাক
শীতল কৰিবলৈ
এসাগৰ সুবাস ঢালি!!