কেনে আছে আপুনি?
অৰ্ণৱ কটকী
জাঁজী যোৰহাট
কেনে আছোঁ মই? কেনে আছে আপুনি ? ব্যস্ততাৰ মাজতো লৈছে নে খবৰ? সুধি চাইছে নে আপোনাৰ চিনাকী নাইবা আপোন পৰিয়ালৰ কোনো জনক!
সময় নাই আজিৰ সময়ত, আনৰ বাবে ভৱাৰ ন! কাষত নাইবা সুদূৰ দূৰৈত খবৰ লোৱা আপোনাক কোনোবা এজন হ’লেও আছে নে?
আছে যদি আপুনি সৌভাগ্যৱান তেওঁক সযতনে ৰাখক,মূল্য দিয়ক আপুনিও ।
চকুৰ পচাৰত সলনি হোৱা পৃথিৱীত , সলনি হোৱা সময়ত নাইবা জীৱনত,নাৰাখিলে সঁচা অৰ্থত নিঃস্বাৰ্থ মৰম তেনে নোহোৱা হৈ যোৱা পিছত সেই চকুৰ পানী টোপালৰ জানো থাকিব কিবা দৰ !
যান্ত্ৰিক প্ৰতিযোগিতাৰ সময়ত কোনে ৰাখে কাৰ খবৰ!
যন্ত্ৰ নোহোৱাকৈ থাকি যোৱা হয়তো সঁচা মানুহেই ৰাখিব আপোনাৰো খবৰ।
ভালে আছোঁ বুলি মুখস্থ কৰা সংলাপ হয়তো প্ৰায় সংখ্যকৰে আজি পুৰণি হ’ল। মনৰ পৰা ভালে আছে নে বাৰু আপুনি? মইও বিচাৰোঁ আপুনিও ভালে থকাটো, মনে প্ৰাণে।
সময় বৰ নিষ্ঠুৰ,তাতকৈও নিষ্ঠুৰ এই নিয়তি। এইটো হতাশাৰে ভৰা লেখা বুলি ভুল নকৰিব। মই বিচৰাও নাই মোৰ লেখাটোৱে আপোনাৰ মনত আঘাত হানিবলৈ;মাথোঁ এবাৰ নিজক সুধি চাওঁক?
কেনে আছে আপুনি? সঁচাকৈ ভালে কেতিয়া আছিল আপুনি?
মই জানো ভালে আছোঁ বুলি ক’ব আপুনিও কিন্তু স্বস্থিৰ মনেৰে উত্তৰ দিব পাৰিব নে ? যদি পৰিছে ,তেনে বহু বহু শুভ কামনা আপোনালৈ , সদায় এনেকৈ থাকক সুখী হৈ সেইয়াই কাম্য মোৰ।
প্ৰশ্ন উত্তৰ সকলো আপোনাৰ কাষতে । ভালে থাকক সদায়। সঁচা মূল্য দিয়া জনে বিনিময়ত কিন্তু সময় হে বিচাৰে আপোনাৰ পৰাও।
