ঘাতক ঘনকান্তৰ মৃত্যুত সন্তুষ্টি ভৰালী পৰিয়ালৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত চাঞ্চল্যকৰ ৫ জনীয়া হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈ আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱাৰ পাছতে সন্তোষ প্রকাশ কৰে বৰপেটাৰ ভৰালীৰ পৰিয়ালে। নিজৰ পুত্র-কন্যাসহ পৰিয়ালৰ একাধিক সদস্যক হেৰুৱাই গভীৰ শোকত ম্রিয়মাণ হৈ পৰা প্ৰয়াত ভূদেৱ ভৰালী আৰু হেলেনা ভৰালীৰ আশীৰ ঊর্ধ্বৰ বৃদ্ধা মাতৃ তুংগলতা ভৰালীয়ে নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি কয়, ‘ভগৱানৰ বিচাৰ সফল হৈছে। ১০ দিনৰ ভিতৰত যি ন্যায় পালোঁ মোৰ মৃত পুত্র, কন্যা, নাতি-নাতিনীৰ আত্মায়ো শান্তি পাব। মোৰ মনটোৱে আজি শান্তি পাইছে। বিশ্বাস আছিল আমি ন্যায় পাম, সত্যৰ সদায় জয়। আজি আমি ভয়ৰ পৰা মুক্ত হৈছোঁ। মনত শান্তি লাভ কৰিছোঁ।’ বিশেষকৈ ঘনকান্ত গগৈৰ এনকাউণ্টাৰৰ ঘটনাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে বৃদ্ধা মাতৃগৰাকীয়ে। লগতে হত্যাকাণ্ডৰ পাছৰে পৰা শোকসন্তপ্ত ভৰালী পৰিয়ালটোৰ কাষত থিয় দিয়া অসমবাসী ৰাইজৰ অকুণ্ঠ সহায়-সহযোগিতা, সমর্থন আৰু সহমর্মিতাৰ বাবেও সকলোৰে প্ৰতি তেওঁ কৃতজ্ঞতা প্রকাশ কৰে। সত্য আৰু ন্যায়ৰ প্ৰতি নিজৰ অটল বিশ্বাস থকাৰ কথা ব্যক্ত কৰি তুংগলতা ভৰালীয়ে কয় যে সত্যৰ সদায় জয় হয় বুলি তেওঁ মানি লয়। ইপিনে এই হত্যাকাণ্ডত পিতৃ, পেহী, জ্যেষ্ঠ ভাতৃ আৰু বৌৱেকক একেলগে হেৰুৱাই গভীৰ শোকত ভাগি পৰা ভূদেৱ ভৰালীৰ কন্যা অংকিতা ভৰালীয়ে অভিযুক্তৰ মৃত্যুৰ খবৰত কিছু মানসিক শান্তি লাভ কৰা বুলি মন্তব্য কৰে। সংবাদ মাধ্যমৰ আগত আৱেগবিহ্বল হৈ অংকিতা ভৰালীয়ে কয়, ‘আজি পুৱাই খবৰটো পাইছোঁ। আমাৰ পৰিয়ালটোৱে এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পৰা নাই। তথাপি আজি আমি ন্যায় পাইছোঁ বুলি অনুভৱ কৰিছোঁ। ভগৱানে বিচাৰ কৰিছে। গভীৰ দুখৰ মাজতো আজি কিছু শান্তি পাইছোঁ।’ হত্যাকাণ্ডত পৰিয়ালৰ চাৰিজনকৈ সদস্যক হেৰুওৱাৰ বেদনা ব্যক্ত কৰি অংকিতাই কয়, ‘মোৰ দেউতা, মোৰ পেহী, মোৰ দাদা আৰু মোৰ বৌক কোনো দোষ নথকাকৈ হত্যা কৰা হৈছিল। আজি আমি ন্যায় পাইছোঁ বুলি অনুভৱ কৰিছোঁ। আশা কৰিছোঁ, আজি তেওঁলোকৰ আত্মায়ো শান্তি পাইছে।’ বিশেষকৈ নিহতসকলৰ স্মৃতিত জ্বলি থকা চাকি নির্বাপিত হোৱাৰ পূৰ্বেই অভিযুক্তৰ মৃত্যু হোৱা ঘটনাই তেওঁলোকক শান্তি দিছে বুলি উল্লেখ কৰে অংকিতা ভৰালীয়ে। এই কঠিন সময়ছোৱাত ভৰালী পৰিয়ালটোৰ কাষত থিয় দিয়া সমগ্ৰ অসমবাসীৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্রকাশ কৰে অংকিতা ভৰালীয়ে। তেওঁ কয়, ‘অসমবাসী ৰাইজে আমাৰ ন্যায়ৰ বাবে বহুত কষ্ট কৰিছে। সকলোৱে আমাক সাহস দিছে, সমর্থন জনাইছে। আপোনালোকৰ এই মৰম, সহানুভূতি আৰু সহযোগিতাৰ বাবে আমি চিৰকৃতজ্ঞ।’ লগতে হত্যাকাণ্ডৰ তদন্তৰ ক্ষেত্ৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা ভূমিকাৰো শলাগ লয় অংকিতা ভৰালীয়ে। মুখ্যমন্ত্ৰীয়ে ঘটনাটোৰ তদন্তৰ প্রতি বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে আৰক্ষী-প্ৰশাসনক সক্ৰিয় কৰি ৰখা বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ তৎপৰতাই তদন্ত প্রক্রিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী-প্রশাসন, মন্ত্রী-বিধায়ক, সংবাদ মাধ্যম আৰু বিভিন্ন দল-সংগঠনৰ প্ৰতিও কৃতজ্ঞতা প্রকাশ কৰে অংকিতা ভৰালীয়ে। আৱেগবিহ্বল অংকিতাই কয়, ‘আমাক ন্যায় লাগিছিল, ন্যায় পাইছোঁ। কিন্তু এতিয়া আমি নিজৰ নিজৰ জীৱন আগুৱাই নিব লাগিব। তেওঁলোকৰ ভাল স্মৃতিবোৰ বুকুত লৈয়ে জীয়াই থাকিব লাগিব। আমাৰ বাবে ন্যায় পোৱাটো অত্যন্ত জৰুৰী আছিল।’ আনহাতে প্রয়াত ভূদেৱ ভৰালী আৰু হেলেনা ভৰালীৰ জ্যেষ্ঠ ভাতৃ দিলীপ ভৰালীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে অসমত দ্বিতীয় এজন ঘনকান্ত গগৈৰ জন্ম নহওক। এই খবৰে শোকবিহ্বল পৰিয়ালটোক কিছু পৰিমাণে মানসিক সাহস যোগোৱা বুলি উল্লেখ কৰি দিলীপ ভৰালীয়ে কয়- ‘অসমত যাতে দ্বিতীয় এজন ঘনকান্ত গগৈৰ জন্ম নহয়, সেয়াই আমি বিচাৰোঁ। অসম শান্তিপ্রিয় মানুহৰ ৰাজ্য। আমি শান্তিপ্রিয় মানুহ। এনে নৃশংস হত্যাকাণ্ডৰ পুনৰাবৃত্তি যাতে কেতিয়াও নহয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক কেনেকৈ ধন্যবাদ জনাম, আমাৰ ভাষা নাই।’ আজি পুৱাই এনকাউণ্টাৰৰ খবৰ লাভ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্ৰকাশ কৰি দিলীপ ভৰালীয়ে কয় যে হত্যাকাণ্ডৰ পাছৰে পৰা অভিযুক্তৰ এনকাউণ্টাৰৰ দাবী জনাই আহিছিল বিভিন্ন দল-সংগঠন তথা সাধাৰণ ৰাইজে। দিলীপ ভৰালীয়ে জানিবলৈ দিয়া মতে, আজি পুৱা প্রাতঃভ্রমণলৈ ওলাই যোৱাৰ সময়ত বহু লোকে তেওঁক আগচি ধৰি অভিযুক্তৰ এনকাউণ্টাৰৰ খবৰ দিয়ে। আনকি একাংশ লোকে তেওঁক সাবটি ধৰি পৰিয়ালটোৰ প্ৰতি সহমর্মিতা প্রকাশ কৰে। আনহাতে, অভিযুক্তৰ এনকাউণ্টাৰৰ খবৰ লাভ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে দিলীপ ভৰালীয়ে। তেওঁ কয়- ‘মুখ্যমন্ত্রী ডাঙৰীয়াক কেনেকৈ ধন্যবাদ জনাম, আমাৰ ভাষা নাই। হত্যাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আমি বিভিন্ন মাধ্যমেৰে আহ্বান জনাই আহিছিলোঁ।’
