ফেচবুকৰ কৃত্ৰিমতা আৰু জীৱনৰ বাস্তৱতা
প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ
আজিৰ এই যান্ত্ৰিক যুগত আমাৰ জীৱন এটা সৰু মোবাইলৰ স্ক্ৰীনত আৱদ্ধ হৈ পৰিছে। আমি একেখন ঘৰতে থাকিও যেন পৰস্পৰৰ পৰা বহু দূৰৰ বাসিন্দা। ফেচবুকৰ এই নীলা ৰঙৰ পৃথিৱীখনে আমাক বহিৰ্জগতৰ মানুহৰ সৈতে ইমানেই নিবিড়ভাৱে সংযোগ কৰিছে যে আমি কাষত বহি থকা আপোনজনৰ মৌনতা বুজিবলৈ পাহৰি গৈছোঁ। যন্ত্ৰই আমাক বিশ্বখন দেখুৱাইছে সঁচা, কিন্তু চকুৰ আগত থকা তেজ-মঙহৰ মানুহবোৰক যেন ক্ৰমান্বয়ে অস্পষ্ট কৰি তুলিছে।
আমাৰ জীৱনৰ এক তিক্ত সত্য হ’ল- নিজৰ ঘৰত চলি থকা সমস্যা বা মা-দেউতা তথা সন্তানৰ মানসিক অৱস্থাৰ খবৰ ল’বলৈ আমাৰ দহ মিনিট সময়ৰ নাটনি হয়। অথচ সেই একেটা মোবাইলতে আমি নিৰৱচ্ছিন্নভাৱে ঘণ্টাৰ পিছত ঘণ্টা সময় অতিবাহিত কৰোঁ। আচৰিত লাগে যেতিয়া দেখোঁ, ফেচবুকত কোনো তথাকথিত বন্ধুৰ দূৰৈৰ সম্পৰ্কীয় এগৰাকী ব্যক্তিৰ মৃত্যু হ’লেও আমি শোকৰ নৈ বোৱাই দিওঁ। মন্তব্যৰ ঘৰত ‘আৰ আই পি’ (RIP) বা ‘অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি’ লিখি আমি এজন মহান সমাজকৰ্মী বা অতিশয় দয়ালু মানুহৰ দৰে ভাও ধৰোঁ।
প্ৰশ্ন হয়, আমি সঁচাকৈয়ে ইমান আৱেগিক নে? নে এয়া কেৱল লাইক আৰু কমেণ্ট বুটলাৰ এক যান্ত্ৰিক প্ৰতিযোগিতা? যিজন ব্যক্তিৰ লগত আমাৰ তেজৰ সম্পৰ্ক নাই, যাৰ লগত হয়তো কেতিয়াও ব্যক্তিগতভাৱে মুখামুখি হোৱা নাই, তেওঁৰ বাবে আমাৰ ফেচবুকৰ দেৱালত শোকৰ বন্যা বয়। কিন্তু সেই একে সময়তে আমাৰ ঘৰৰ চুকত বহি থকা আপোনজনে নিঃসংগতাত ভুগি চকুলো টুকিছে, যাৰ খবৰ ল’বলৈ আমাৰ আহৰি নাই। যিসকলৰ বাবে আজি আমি পৃথিৱী দেখিছোঁ, যিসকলে আমাৰ বাবে গোটেই জীৱন উচৰ্গা কৰিলে, তেওঁলোকৰ এটা হাঁহি বা এটা সৰু ইচ্ছা পূৰণ কৰিবলৈ আমাৰ ইমান অনীহা কিয়?
আমাৰ এই যান্ত্ৰিকতাই আমাক এনে এক পৰ্যায়লৈ লৈ গৈছে, য’ত আমি মানুহক জীয়াই থকা অৱস্থাতকৈ মৃত্যুৰ পিছতহে বেছি সন্মান দিওঁ। ফেচবুকত ফটো দি শ্ৰদ্ধাঞ্জলি জনোৱাটো এতিয়া এক ফেশ্বন হৈ পৰিছে। অথচ সেই একেজন মানুহ জীয়াই থকা অৱস্থাত আমি তেওঁক পানী এটুপি সুধিছিলোঁনে? তেওঁৰ সৈতে দুখ-সুখৰ হাঁহি-কান্দোন ভগাই লৈছিলোঁনে? আমি পাহৰি গৈছোঁ যে মোবাইলৰ স্ক্ৰীনত দিয়া হাজাৰ হাজাৰ সমবেদনাৰ হাততকৈ বিপৰ্যয়ৰ সময়ত আপোন মানুহৰ এমুঠি মৰম আৰু দুষাৰ শান্ত্বনাৰ মাতৰ মূল্য বহুত বেছি। আমি আজি এনে এক সমাজৰ বাসিন্দা, য’ত তেজৰ সম্পৰ্কতকৈ ডাটাৰ সংযোগ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। যিমান দিনলৈকে মোবাইলত ডাটা থাকিব, সিমান দিনলৈকেহে আমি আনৰ দুখত ‘দুখী’ হোৱাৰ নাটকখন কৰি থাকিব পাৰিম। ইয়াৰ বাহিৰে আমাৰ হৃদয়ত সঁচাকৈয়ে কাৰোবাৰ বাবে ঠাই আছে নে? নে আমি কেৱল এটা লাইকৰ বাবে নিজৰ বিবেকক বিক্ৰী কৰি দিছোঁ? এবাৰ গভীৰভাৱে ভাবি চাবচোন।
ফেচবুকৰ বন্ধুত্বই আমাক এনে পৰ্যায়লৈ লৈ গৈছে, য’ত ব্যক্তিগত বুলি একো বাকী থকা নাই। আমি এতিয়া এক খোলা কিতাপৰ দৰে হৈ পৰিছোঁ, যাৰ প্ৰতিটো পৃষ্ঠা যিকোনো অচিনাকি মানুহে অতি সহজে পঢ়িব পাৰে। আমাৰ জীৱনৰ গুৰুত্বপূৰ্ণ মুহূৰ্তবোৰ এতিয়া ব্যক্তিগত হৈ থকা নাই, সেইবোৰ এতিয়া ফেচবুকৰ ষ্টেটাচ আৰু ষ্টৰীৰ বিষয়বস্তুহে। আটাইতকৈ বেদনাদায়ক কথাটো হ’ল- ঘৰত মা-দেউতাৰ লগত দুষাৰ মৰমৰ কথা পাতিবলৈ আমাৰ জিভাখন শুকাই যায়, কিন্তু চাটবক্সত কোনো বন্ধুৱে ‘কি কৰিছে?’ বুলি সুধিলে আমি মুহূৰ্তৰ ভিতৰতে হাজাৰটা উত্তৰ দিওঁ। একেখন চালৰ তলতে থকা মানুহবোৰ ইজনে সিজনৰ বাবে অচিনাকি হৈ পৰিছে, অথচ মাইল মাইল দূৰত্বত থকা অচিনাকি ব্যক্তিৰ সৈতে আমাৰ দিন-ৰাতি একাকাৰ হৈ পৰিছে।
আমাৰ জীৱনৰ প্ৰতিটো সৰু-বৰ কথা এতিয়া ফেচবুকৰ সম্পত্তি। আজি চাহ খালে নে নাই, দুপৰীয়া কি খালে, কেতিয়া গা ধুলে, কি সাজপাৰ পিন্ধিলে- এই সকলোবোৰ সামাজিক মাধ্যমৰ মুকলি আকাশৰ তলত আলোচনা হয়। মানুহে নিজৰ শোৱনি কোঠাৰ পৰা ভৱিষ্যতৰ একান্তই ব্যক্তিগত পৰিকল্পনাখিনিও সেই তথাকথিত ফেচবুকীয়া বন্ধুবোৰৰ আগত উজাৰি দিয়ে। আশ্চৰ্যজনক আৰু লজ্জাজনক কথা এয়া যে, কিছুমান বন্ধুৰ লগত এই সম্পৰ্ক ইমান কদৰ্য হৈ পৰিছে যে মানুহে ইজনে সিজনৰ অন্তৰ্বাসৰ ৰং পৰ্যন্ত জানিবলৈ অথবা জনাবলৈ কুণ্ঠাবোধ নকৰে। এয়া আধুনিকতা নহয়, এয়া আমাৰ শালীনতা আৰু চৰিত্ৰৰ চূড়ান্ত স্খলন। যিখন সমাজত ব্যক্তিগত গোপনীয়তা নাই, সেই সমাজখন কিমান গভীৰলৈ অৱনমিত হৈছে, সেয়া ভাবিলে চকু কপালত উঠে।
আমি পাহৰি যাওঁ যে যিজন ব্যক্তিক আমি মোবাইলৰ স্ক্ৰীনত শুভাকাংক্ষী হিচাপে দেখি আছোঁ, তেওঁৰ আচল মুখখন হয়তো সম্পূৰ্ণ বেলেগ হ’ব পাৰে। আমি আমাৰ দুৰ্বলতাবোৰ আৰু ব্যক্তিগত কথাবোৰ কাৰ আগত ক’ব লাগে, সেই বিবেকটো যেন হেৰুৱাই পেলাইছোঁ। এই বন্ধুত্ববোৰত আন্তৰিকতাতকৈ প্ৰদৰ্শনীৰ মোহহে অধিক। আমি ফেচবুকত কাৰোবাৰ লগত বৰ ভাল সম্পৰ্ক থকাৰ ভাও ধৰোঁ, কাৰণ আমি বিচাৰোঁ পৃথিৱীখনে দেখক যে মই কিমান আধুনিক আৰু মোৰ জনপ্ৰিয়তা কিমান। এই দেখুওৱাৰ সংস্কৃতিয়ে আমাক পৰিয়ালৰ পৰা আঁতৰাই আনি এক কাল্পনিক পৃথিৱীৰ দাস কৰি তুলিছে। যিজন বন্ধুৱে আপোনাৰ গা ধোৱা বা ভাত খোৱাৰ খবৰ ৰাখে, সেইজন বন্ধুৱে বিপদৰ দিনত সঁচাকৈয়ে আপোনাৰ কাষত থিয় দিবনে? নে কেৱল এটা ‘চেড ইমোজি’ (
) দি নিজৰ দায়িত্ব শেষ কৰিব? আচলতে আমি একো একোটা ছাঁৰ লগত বন্ধুত্ব কৰি আছোঁ, যাৰ কোনো ওজন নাই। ব্যক্তিগত গোপনীয়তা যিদিনা সম্পূৰ্ণৰূপে শেষ হৈ যাব, সিদিনা আমি উপলব্ধি কৰিম যে আমি পৃথিৱীখনৰ কাষত থাকিও নিজৰ ওচৰত সম্পূৰ্ণ অচিনাকি হৈ পৰিছোঁ। চকু মেলক, নিজৰ ব্যক্তিগত পৃথিৱীখনৰ চাৰিওফালে এটা সীমাৰেখা দিয়ক, অন্যথা এই সামাজিক মাধ্যমে আমাৰ মানৱীয়তাক নগ্ন কৰিহে এৰিব।
আমাৰ সমাজৰ বন্ধুত্বৰ আন এক মৰ্মান্তিক দিশ হ’ল মানুহক তেওঁৰ আৰ্থিক স্থিতি বা সফলতাৰে জোখ-মাখ কৰা। আমাৰ আৱেগবোৰো যেন ক্ৰমান্বয়ে একো একোটা বজাৰৰ সামগ্ৰীৰ দৰে হৈ পৰিছে। আমি কাৰ লগত বন্ধুত্ব কৰিম আৰু কাৰ সৈতে ফেচবুকত ফটো দি নিজৰ গৌৰৱ প্ৰদৰ্শন কৰিম, সেইটো এতিয়া মানুহজনৰ মহৎ গুণৰ ওপৰতকৈ তেওঁৰ পদমৰ্যাদা আৰু বেংক বেলেঞ্চৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ লৈছে। এটা সৰু উদাহৰণলৈ মন কৰক। বহু বছৰৰ পাছত স্কুল বা কলেজৰ বন্ধুসকলৰ পুনৰ্মিলন অনুষ্ঠানত যদি আপোনাৰ এজন বন্ধু প্ৰতিষ্ঠিত বিষয়া বা ডাঙৰ ব্যৱসায়ী হিচাপে আহে, তেন্তে তেওঁক আগুৰি ধৰিবলৈ মানুহৰ অভাৱ নহয়। সকলোৱে চেলফি ল’বলৈ হেতা-ওপৰা কৰিব আৰু সেই ফটো ছ’চিয়েল মিডিয়াৰ ৱালত দি নিজৰ গুৰুত্ব বঢ়াবলৈ ব্যাকুল হ’ব। কিন্তু সেই একে অনুষ্ঠানতে যদি কোনো মেধাৱী বন্ধু পৰিস্থিতিৰ পাকচক্ৰত পৰি আজি এজন সাধাৰণ কৃষক বা সৰু দোকান এখন চলাই জীৱন নিৰ্বাহ কৰিছে, তেন্তে তেওঁক আন্তৰিকতাৰে মাত এষাৰ দিবলৈ বহুতেই কুণ্ঠাবোধ কৰিব। বহুতে তেওঁক দেখিও নেদেখাৰ ভাও ধৰি আঁতৰি যায়। এই শ্ৰেণী বিভাজনে আমাৰ মানসিকতাৰ চৰম সংকীৰ্ণতাকেই প্ৰমাণ কৰে।
অৱশ্যে, ফেচবুক বা সামাজিক মাধ্যম কেৱল নেতিবাচকতাৰ থলী নহয়। কোনো যন্ত্ৰ বা মাধ্যম নিজেই বেয়া নহয়, ইয়াৰ ব্যৱহাৰকাৰীৰ মানসিকতাহে ইয়াক ভাল বা বেয়া কৰি তোলে। ফেচবুকৰ জৰিয়তে আজি বহুতো পৱিত্ৰ আৰু গঠনমূলক কাম সম্পন্ন হৈছে। অসমীয়া সাহিত্য চৰ্চাৰ পৰা সমাজৰ বিভিন্ন সমস্যাৰ সমাধানৰ বাবে এতিয়া ফেচবুক এক শক্তিশালী মঞ্চ। বহু প্ৰতিভাশালী নবীন লেখক-লেখিকাই এই মাধ্যমৰ জৰিয়তে নিজৰ সৃষ্টিশীলতাক সমাজৰ আগত প্ৰকাশ কৰাৰ সুযোগ পাইছে। এই সামাজিক মাধ্যম নাথাকিলহেঁতেন যদি, তেন্তে হয়তো গাঁৱৰ কোনো চুকত থকা বহুতো সুপ্ত প্ৰতিভা আন্ধাৰতে বিলীন হৈ থাকিলহেঁতেন। বাস্তৱ অভিজ্ঞতাত দেখিছোঁ, মাজনিশা কোনো মুমূৰ্ষু ৰোগীৰ বাবে তেজৰ প্ৰয়োজন হওঁতে এই ফেচবুকৰ বন্ধুসকলেই ভগৱানৰ দৰে থিয় দিছে। দুখীয়া মেধাৱী ছাত্ৰৰ শিক্ষাৰ দায়িত্ব ল’বলৈ বা জটিল বেমাৰৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰিবলৈ এতিয়া ফেচবুক এক আশীৰ্বাদস্বৰূপ। আমি ইয়াৰ জৰিয়তে বহুতো গুণী-জ্ঞানী আৰু সমাজপ্ৰাণ ব্যক্তিৰ সান্নিধ্য লাভ কৰিছোঁ, যিসকলৰ এষাৰ মাতে আমাক কঠিন পথত আগুৱাই যাবলৈ সাহস যোগায়। গতিকে মাধ্যম হিচাপে ফেচবুকক দোষ দিয়াটো অনুচিত।
আচল সমস্যাটো হ’ল ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰা আমাৰ দুৰ্বলতা। ফেচবুকৰ পৰা জ্ঞান ল’ব লাগে, সাহিত্যৰ ৰস আস্বাদন কৰিব লাগে- সেয়া নিশ্চয়কৈ আদৰণীয়। কিন্তু তাৰ মাজতে আমি তেজৰ সম্পৰ্কবোৰক অৱহেলা কৰিবলৈ লৈছোঁ। যেতিয়া এজন ব্যক্তিয়ে ফেচবুকৰ ৱালত মানৱতাৰ দীঘলীয়া ভাষণ লিখে, অথচ ঘৰত বহি থকা বৃদ্ধ পিতৃ-মাতৃক এষাৰ মৰমৰ মাত দিবলৈ সময় নাপায়, তেতিয়াই সমাজৰ পতন আৰম্ভ হয়। আমি বুজিব লাগিব যে ফেচবুক আমাৰ জীৱনৰ এটা সৰু অংশহে, গোটেই জীৱনটো নহয়।
গতিকে আহক বন্ধুসকল, আমি আমাৰ মানসিকতাক পুনৰ এবাৰ পৰীক্ষা কৰোঁ। ফেচবুকৰ পৰা কেৱল সুন্দৰ আৰু সাৰুৱা কথাখিনি গ্ৰহণ কৰিবলৈ শিকোঁ। সাহিত্য চৰ্চা কৰক, পৃথিৱীৰ নতুন জ্ঞান অৰ্জন কৰক আৰু ভাল মানুহৰ সান্নিধ্যৰে মনটো চহকী কৰক। কিন্তু একে সময়তে বাস্তৱ পৃথিৱীখনৰ প্ৰতিও দায়িত্বশীল হওক। মোবাইলৰ পৰ্দাৰ উজ্জ্বল পোহৰৰ বাহিৰত যিখন পৃথিৱী আছে, য’ত আপোনাৰ আপোন মানুহবোৰ আছে, তেওঁলোকক যান্ত্ৰিকতাৰ নামত হেৰাই যাবলৈ নিদিব। ফেচবুকক এখন সুন্দৰ আৰু সুগন্ধি ফুলনি কৰি তোলাৰ দায়িত্ব আমাৰ প্ৰতিজনৰে। ইয়াত কাৰোবাৰ বিফলতাক উপহাস নকৰি সকলোৰে প্ৰতি সহমৰ্মিতা দেখুৱাব লাগে। সফল বন্ধুজনৰ জয়গান গোৱাৰ দৰেই জীৱনৰ যুদ্ধত ভাগৰি পৰা বিফল বন্ধুজনৰো হাতখন ধৰিব পৰাকৈ উদাৰতা আমাৰ থাকিব লাগে। যন্ত্ৰৰ লগত সম্পৰ্ক ৰাখক, কিন্তু নিজেও এটা সংবেদনহীন যন্ত্ৰ হৈ নপৰিব। মনত ৰাখিব, গঠনমূলক চিন্তা আৰু সুসংহত ব্যৱহাৰেহে আমাক প্ৰকৃত মানুহ হিচাপে পৰিচয় দিব। ফেচবুকৰ নীলা পোহৰত নিজৰ হৃদয়ৰ ৰংটো ম্লান হ’বলৈ নিদিয়াই হওক আমাৰ একমাত্ৰ সংকল্প। সতৰ্ক হওক, গঠনমূলক হওক আৰু প্ৰকৃত মানুহ হওক।
