কাজিৰঙা বিক্ৰীৰ বাবে নহয় – দীপিকা ফুকন

Pc Wikipedia

কাজিৰঙা বিক্ৰীৰ বাবে নহয়

দীপিকা ফুকন,চুঙাজান, গোলাঘাট 

হেৰা আই অসমী
কেইদিন মানৰ পৰা
শুনিছানে তুমি
মাজৰাতি কাজিৰঙাই কন্দা?
পোৱালিটোক সাৱটি গঁড়জনীয়ে কান্দে,
“বোপাই,কালিলৈ আমাৰ ঘৰখন সৰু হৈ যাব।”
শুনা হে চৰকাৰ—
তোমাৰ ফাইলত সেয়া মাত্ৰ এক কিলোমিটাৰ,
আমাৰ বাবে সেয়া অসমৰ ঐতিহ্যৰ মৃত্যু!
তোমাৰ কলমেৰে এটা আঁচোৰ মাৰি
ধ্বংস নকৰিবা হেজাৰ বছৰৰ আমাৰ কাজিৰঙা।
কি বিচাৰিছা তুমি?
কাৰ বাবে এই সীমা কমাইছা?
খাৰুৱা তেলৰ মালিকৰ বাবে?
ৰিজ’ৰ্টৰ মালিকৰ বাবে?
নে আমাৰ দৰে সাধাৰণ অসমীয়াৰ বাবে?
নহয়, এই সিদ্ধান্ত আমাৰ বাবে নহয়।
এই সিদ্ধান্ত গঁড়ৰ খৰ্গ আৰু মাংস লোভীৰ বাবে,
এই সিদ্ধান্ত কংক্ৰিটৰ ভোকত ভোগা মানুহৰ বাবে।
আমি ভোকত থাকিম
তথাপি কাজিৰঙা লাগে,
আমি উদং ভৰিৰে থাকিম
তথাপি গঁড় জীয়াই থাকিব লাগে।
কাৰণ গঁড় মৰিলে অসম মৰে,
কাজিৰঙা মৰিলে অসমীয়াৰ আত্মা মৰে।
সেয়ে আজি প্ৰকৃত অসমীয়াৰ হৈ
স্পষ্টকৈ কৈছোঁ
এই জনবিৰোধী, প্ৰকৃতি-বিৰোধী সিদ্ধান্ত
আমি নামানোঁ!
উভতাই লোৱা এই সিদ্ধান্ত,
নহ’লে ইতিহাসে
তোমাক কেতিয়াও ক্ষমা নকৰে।