দীপাৱলী – বনজিত দাস 

Pc Unsplash

দীপাৱলী

বনজিত দাস,ৰিহাবাৰী, বজালী 

দীপাৱলীৰ পোহৰে
গোটেই জগত পোহৰ হ’লেই
ভালেই আছিল,
পোহৰেৰে জিলিকাই, পাহৰাই দুখৰ বন্যা ।

যি পোহৰে বাট দেখুৱাই জাতিক
জ্ঞানৰ বন্তি ।

মুখাৰ আঁৰৰ মুখা আতৰাই
কোনে সজাব
পোহৰৰ এগচি চাকি ।

 অন্ধ ৰজাৰ ৰাজসভাত
কোনে জ্বলাব
পোহৰেৰে উদ্ভাসিত বন্তি  ?
ন্যায়ৰ সভাত
অসহায়ৰ আৰ্তনাদ
ক’ত দ্ৰুপদীৰ কৰুণ চিৎকাৰ ।

 জ্বলাই পোহৰৰ উৎসৱ
ভিতৰত বিবেকৰ পৰাজয় —

চাকি জ্বলিলেই পোহৰ নহয়
মানুহৰ মনত জ্বলক
সত্য আৰু ন্যায়ৰ অক্ষয় জ্যোতি
জগত উজলাই ।