আন্ধাৰৰ ৰজা
Jadab Diganta Nath
আজি জোনাকৰ উৎসৱ দীপাৱলী।
চৌদিশে পোহৰৰ মেলা, আকাশত আতচবাজীৰ ৰঙীন খেলা।
কিন্তু সি আজি ঘৰৰ এচুকত অকলে বহি
নিৰৱে চাই আছে আকাশলৈ উৰি যোৱা পোহৰবোৰ।
এটা সময় আছিল,
এই দীপাৱলীয়েই আছিল তাৰ আটাইতকৈ প্ৰিয় উৎসৱ।
কাষত আছিল আপোন মানুহবোৰ,
হাঁহি, আনন্দ আৰু মৰমেৰে ভৰি আছিল তাৰ পৃথিৱীখন।
কিন্তু সময়ৰ সোঁতত সকলো সলনি হ’ল।
যেনেকৈ আকাশত উৰি যোৱা পোহৰবোৰ
মুহূৰ্ততে হেৰাই যায় গভীৰ আন্ধাৰত,
ঠিক তেনেকৈয়ে এদিন তাৰ জীৱনতো
নামি আহিল এক অন্তহীন অমানিশা।
এতিয়া সি আৰু পোহৰ বিচাৰি নুফুৰে।
আন্ধাৰেই তাৰ প্ৰিয়, আন্ধাৰেই তাৰ আপোন।
কাৰণ এই আন্ধাৰৰ মাজতেই সি বিচাৰি পাইছে
নিজৰ হেৰাই যোৱা অস্তিত্ব।
এতিয়া সি আন্ধাৰক ভয় নকৰে…
কাৰণ সি এতিয়া কেৱল আন্ধাৰৰ বাসিন্দা নহয়,
*সি যে এতিয়া আন্ধাৰৰেই ৰজা!*
