ভাৰতৰ ন্যায়িক ব্যৱস্থা আৰু জনতাৰ হেৰাই যোৱা আস্থা: এটি ঐতিহাসিক আৰু সমসাময়িক মূল্যায়ন
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
এখন সভ্য সমাজৰ আটাইতকৈ পবিত্ৰ আশ্ৰয়স্থল হৈছে তাৰ ন্যায় ব্যৱস্থা। পুৰণি কালৰ ৰাজতন্ত্ৰৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ আধুনিক গণতান্ত্ৰিক ভাৰতবৰ্ষলৈকে আমাৰ সমাজখনক যিটো শক্তিয়ে শৃংখলিত কৰি ৰাখিছে, সেয়া হৈছে ন্যায়ৰ ধাৰণা। অতীতৰ ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে পুৰণি দিনত ৰজা-মহাৰজা বা তৃণমূল পৰ্যায়ৰ গাঁও প্ৰধানসকলে কৰা বিচাৰৰ প্ৰতি জনসাধাৰণৰ এক অখণ্ড আৰু নিৰ্ভেজাল বিশ্বাস আছিল। সেই সময়ত অপৰাধী যিয়েই নাথাকক কিয়—সেয়া সৈন্য-সামন্তই হওক, মন্ত্ৰীয়েই হওক বা কোনো প্ৰভাৱশালী ব্যক্তিয়েই হওক—ৰজাৰ দৰবাৰত সকলোৰে সমভাৱে বিচাৰ হৈছিল আৰু অপৰাধ গুৰুতৰ হ’লে মৃত্যুদণ্ডৰ দৰে কঠোৰ শাস্তিও বিহা হৈছিল। সমাজৰ প্ৰতিজন মানুহে বিশ্বাস কৰিছিল যে বিচাৰ সদায় ধৰ্ম আৰু ন্যায়ৰ পক্ষতেই হ’ব। কিন্তু কালক্ৰমত ৰাজতন্ত্ৰৰ অৱসান ঘটিল আৰু দেশত প্ৰতিষ্ঠা হ’ল এক শক্তিশালী লিখিত সংবিধান তথা এক সুসংগঠিত স্বাধীন আদালতৰ ব্যৱস্থা। যি আইনৰ শাসনে দেশৰ প্ৰতিগৰাকী নাগৰিকক সমান অধিকাৰ দিলে, বিচিত্ৰভাৱে সেই আধুনিক ব্যৱস্থাটোৱেই আজি এক গভীৰ সংকট আৰু জনসাধাৰণৰ তীব্ৰ প্ৰশ্নবোধক চিনৰ সন্মুখত থিয় হৈছে।
বৰ্তমান আমাৰ দেশৰ ন্যায়িক যন্ত্ৰটোৰ কাৰ্যকাৰিতাক লৈ জনসাধাৰণৰ মনত উদয় হোৱা আস্থাহীনতাৰ প্ৰশ্নটো আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। এই ব্যৱস্থাটোৰ আটাইতকৈ অন্ধকাৰ দিশটো হ’ল আইনৰ জটিল সুৰুঙাসমূহ। ব্ৰিটিছ যুগৰ পৰা চলি অহা ফৌজদাৰী ন্যায়ৰ এক বিখ্যাত মূলমন্ত্ৰ আছিল যে এশজন অপৰাধী সাৰি গ’লেও এজন নিৰ্দোষী যাতে শাস্তি নাপায়। কিন্তু বৰ্তমান সময়ত এই মানৱীয় নীতিটোৰেই চৰম অপপ্ৰয়োগ ঘটিবলৈ লৈছে। নিৰ্দোষীক সুৰক্ষা দিয়াৰ নামত থকা আইনৰ শিথিলতা আৰু প্ৰক্ৰিয়াগত ত্ৰুটিসমূহক ঢাল হিচাপে ব্যৱহাৰ কৰি আজি সমাজৰ দাগী দাগী অপৰাধী, গেংষ্টাৰ বা ক্ষমতাশালী দুষ্কৃতিকাৰীসকল মুক্তভাৱে সাৰি আহি সমাজত বুক ফিন্দাই ঘূৰি ফুৰিছে। অৰ্থবল আৰু বাহুবল থকা প্ৰভাৱশালী অপৰাধীয়ে অতি উচ্চ শিক্ষিত আৰু অভিজ্ঞ অধিবক্তা নিয়োগ কৰি আইনৰ সূক্ষ্ম কাৰিকৰী ফাটবোৰৰ সুযোগ লয়, যাৰ দুৰ্বলতাৰ বাবে আদালতে “সন্দেহৰ লাভ” দি তেওঁলোকক খালাচ কৰি দিবলৈ বাধ্য হয়। ইয়াৰ বিপৰীতে ক্ষতিগ্ৰস্ত হয় কেৱল অৰ্থহীন, দুখীয়া আৰু সাধাৰণ জনতা, যিয়ে সঠিক ন্যায় পোৱাৰ পৰা চিৰদিনৰ বাবে বঞ্চিত হৈ ৰয়।
ন্যায়ৰ এই লেহেমীয়া গতি আৰু আইনী প্ৰক্ৰিয়াৰ জটিলতাৰ বাবে সমাজত আজি এক নতুন আৰু ভয়াৱহ প্ৰৱণতাই গা কৰি উঠিছে। আদালতে এটা গোচৰৰ চূড়ান্ত ৰায় দিওঁতে যেতিয়া ১০ ৰ পৰা ১৫ বছৰ বা কেতিয়াবা এটা সমগ্ৰ প্ৰজন্ম পাৰ কৰি দিয়ে, তেতিয়া জনসাধাৰণৰ ধৈৰ্য্য হেৰাই যায়। ভাৰতৰ বিভিন্ন আদালতত বৰ্তমান কোটি কোটি গোচৰ ওলমি ৰৈছে, যাৰ মূল কাৰণ হ’ল বিচাৰকৰ তীব্ৰ নাটনি আৰু উকিলসকলৰ বাৰে বাৰে তাৰিখ সলনি কৰাৰ প্ৰৱণতা। এই “তাৰিখৰ পিছত তাৰিখ” পৰা দীঘলীয়া হাৰাশাস্তিৰ বাবেই আজি সমাজৰ এটা শ্ৰেণীয়ে আৰক্ষীৰ ‘এনকাউণ্টাৰ’ৰ দৰে বেআইনী প্ৰক্ৰিয়াক লগে লগে পোৱা ন্যায় বুলি সমৰ্থন কৰিবলৈ লৈছে। কিন্তু আমাৰ সাংবিধানিক ব্যৱস্থাত আৰক্ষী কেৱল এক তদন্তকাৰী সংস্থাহে, তেওঁলোকৰ কোনো অপৰাধীক বিচাৰ কৰাৰ বা শাস্তি দিয়াৰ অধিকাৰ নাই। যদি আৰক্ষীয়েই বিচাৰক আৰু হত্যাকাৰীৰ ভূমিকা ল’বলৈ আৰম্ভ কৰে, তেন্তে দেশৰ গণতান্ত্ৰিক মেৰুদণ্ড আৰু আইনৰ শাসন সম্পূৰ্ণ খহি পৰিব। এই এনকাউণ্টাৰৰ প্ৰৱণতাই আমাক বাৰে বাৰে ভাবিবলৈ বাধ্য কৰে যে যদি আৰক্ষীয়েই সকলো সিদ্ধান্ত লয়, তেন্তে কোটি কোটি টকা খৰচ কৰি গঢ়া এই ন্যায়ালয়সমূহ কিহৰ বাবে জীয়াই আছে।
ইয়াৰ উপৰিও, নিম্ন আদালতসমূহৰ কিছুমান স্তৰত থকা উৎকোচ আৰু দুৰ্নীতিৰ কৰাল গ্ৰাসে সাধাৰণ মানুহৰ মনত এই ধাৰণাটো দৃঢ় কৰি তুলিছে যে বৰ্তমানৰ ন্যায় যন্ত্ৰটো কোনো শক্তিশালী বা অদৃশ্য মহলৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছে। উচ্চতম বা উচ্চ ন্যায়ালয়ৰ পৰ্যায়ত পোনপটীয়াকৈ বিচাৰক বিক্ৰী হোৱাৰ ঘটনা বিৰল হ’লেও, অৱসৰৰ পিছত চৰকাৰৰ পৰা লাভ কৰা ডাঙৰ পদবীৰ প্ৰলোভনে বিচাৰকসকলৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উঠাটো অস্বাভাৱিক কথা নহয়। অৱশ্যে, এই সমগ্ৰ ব্যৱস্থাটো ধংস হৈ যোৱা বুলি ভাবিলে ভুল হ’ব। আজিও যেতিয়াই দেশত কিবা ডাঙৰ অন্যায় হয়, চৰকাৰে স্বৈৰাচাৰী নীতি লয় বা নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব হয়, তেতিয়া মানুহে শেষ ভৰসা হিচাপে আদালতৰ দুৱাৰতেই টুকুৰিয়াই। শেহতীয়া বছৰবোৰত ভাৰত চৰকাৰে বিচাৰৰ বাবে নিৰ্দিষ্ট সময়সীমা বান্ধি দি এই সুৰুঙাবোৰ বন্ধ কৰাৰ এক প্ৰচেষ্টা চলোৱা হৈছে। কিন্তু কেৱল আইন সলালেই নহ’ব, সমান্তৰালভাৱে আমাৰ আৰক্ষী প্ৰশাসন, মানসিকতা আৰু ন্যায়পালিকাৰ ভিতৰচ’ৰাও দুৰ্নীতিমুক্ত হ’ব লাগিব। এখন সজীৱ গণতন্ত্ৰত জনসাধাৰণে কৰা এই প্ৰশ্নসমূহেই আচলতে আশাৰ ৰেঙণি, কাৰণ জনতাৰ এই সজাগতা আৰু প্ৰশ্ন উত্থাপন কৰাৰ শক্তিয়েই এদিন আমাৰ ন্যায় যন্ত্ৰটোক অধিক নিকা, স্বতন্ত্ৰ আৰু বিশ্বাসযোগ্য কৰি তুলিবলৈ বাধ্য কৰিব।
