চুবুৰীয়া ৰাষ্ট্ৰ নেপালত মহাপ্লাৱনৰ কাৰণ: এক চমু বিশ্লেষণ – এম হাছিম আলী

Pc India Today

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত মহাপ্লাৱনৰ কাৰণ: এক চমু বিশ্লেষণ

এম হাছিম আলী

চুবুৰীয়া প্ৰতিবেশী ৰাষ্ট্ৰ নেপালত কেনেকৈ ইমান ডাঙৰ আকাৰৰ দুৰ্যোগ ঘটি গ’ল, তাক লৈ স্বাভাৱিকভাৱেই বহুতে প্ৰশ্ন উত্থাপন কৰিছে। শিৱসাগৰ, চৰাইদেউৰ দৰে একে আকস্মিক ঘটনা। মুহূৰ্তৰ ভিতৰতে এই মহাপ্লাৱনৰ সৰ্বনাশ কাণ্ড। কোনোৱে তলকিবই নোৱাৰিলে। এই বিপদ এবাৰ নহয়, আগন্তুক দিনত আৰু ঘটিব পাৰে এনে আশংকাও প্ৰকাশ কৰিছে বিশেষজ্ঞ সকলে। নেপালৰ ভোট কোশী নদীত ভয়াবহ আকস্মিক বানৰ (Flash flood) আঁৰত হিমবাহ স্খলন আৰু বৰফ-শিলৰ বিশাল খহনীয়া সোঁতে কাম কৰিছে নে নাই— তাক পৰীক্ষা কৰি চাইছে ভূ-বিজ্ঞানীসকলে।প্ৰাথমিক পৰ্যায়ত উপগ্ৰহৰ ছবি বিশ্লেষণ কৰি ওলাই পৰিছে যে বিপুল পৰিমাণৰ শিল আৰু বৰফে লেন্দে নদীৰ গতিপথ সাময়িকভাৱে বন্ধ কৰি দিছিল। ইয়াৰ ফলত তাত অস্থায়ী প্ৰাকৃতিক বান্ধ সৃষ্টি হৈ পানী জমা হ’বলৈ ধৰে। পিছত সেই বান্ধ ভাঙি যোৱাৰ বাবে হেনো বোকা-মাটি, শিল আৰু পানীৰ প্ৰবল সোঁত নামি আহি ভোট কোশী নদীত ভয়াবহ বানৰ সৃষ্টি কৰে বুলি বিজ্ঞানীসকলৰ একাংশই অনুমান কৰিছে। আকস্মিক বানৰ ধ্বংসলীলা দেখা গৈছিল ভোট কোশী আৰু লেন্দে নদীত। লেন্দে হ’ল ভোট কোশীৰ এখন শাখা নদী।

এই দুৰ্যোগৰ আঁৰত চীনৰ নিৰ্মাণৰত বিশাল নদী-বান্ধ ভাঙি যোৱাটোও এটা কাৰণ বুলি ধাৰণা কৰিছে একাংশ গবেষকে। চীনে হিমালয়ৰ তিব্বত অংশত বিশাল বিশাল ‘জলবোমা’ (Hydro-electric dams) তৈয়াৰ কৰি জলবিদ্যুৎ উৎপাদনৰ চাহিদা পূৰণ কৰিছে। ইয়াৰ ফলত মাজে মাজে দুৰ্যোগ নামি আহিছে নিম্ন অৱবাহিকা অঞ্চলত। নেপাল তাৰ পৰা মুক্ত নহয়। একেই সমস্যা ৰৈছে উত্তৰ-পূৰ্বাঞ্চলত ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি। ব্ৰহ্মপুত্ৰৰ উজানিত তিব্বতৰ ইয়াৰলুং চাংপোত বিশাল বান্ধ নিৰ্মাণ কৰিছে চীনে। তাত কিবা দুৰ্যোগ ঘটিলে অসম- অৰুণাচল প্ৰদেশেও তাৰ পৰা ৰেহাই নাপাব। আকৌ তিব্বতৰ পৰা উৎপত্তি হোৱা ভয়াবহ আকস্মিক বানত নেপাল আৰু চীনত বহু প্ৰাণহানিৰ পিছত পোহৰলৈ আহিছে পূৰ্বসতৰ্কবাৰ্তা দিয়াৰ প্ৰশ্ন। চীনৰ ভূখণ্ডৰ পৰা দুৰ্যোগৰ সূত্ৰপাত হৈ থাকিলে, অথবা আগেয়ে সতর্কবাৰ্তা পালে নেপালৰ সীমান্তৱৰ্তী আৰু নদীৰ নিম্ন অৱবাহিকাত বসবাস কৰা মানুহখিনিক সুৰক্ষিত স্থানলৈ আঁতৰাই নিয়া সম্ভৱ হ’লহেঁতেন নে নাই, তাক লৈ প্ৰশ্ন উঠিছে। নেপালৰ বিভিন্ন ফালৰ পৰা চীনৰ ফালে আঙুলি তোলা হৈছে যদিও চীনে পোনপটীয়াকৈ সেই অভিযোগ খণ্ডন কৰিছে।

চীনা কৰ্তৃপক্ষৰ দাবী, বানপানীৰ আগতে নেপালক সতৰ্ক কৰা হোৱা নাছিল—এয়া এক প্ৰচাৰ ভুৱা। নেপালৰ কৰ্তৃপক্ষৰ অভিযোগ, সীমান্তৱৰ্তী অঞ্চলত খৰস্ৰোতা নদীৰ ওপৰত নেপাল আৰু চীনে নিৰ্মাণ কৰা বান্ধ সংলগ্ন অঞ্চলসমূহৰ পৰা লোক সকলক আঁতৰাই নিয়া হৈছিল। এই বিপৰ্যয়ক লৈ দুয়োখন দেশৰ মাজত তথ্য আদান- প্ৰদানৰ বুজাবুজিৰ কথাও পোহৰলৈ আহিছে। অৱশ্যে চীনৰ দাবী সম্পূৰ্ণ সুকীয়া।চীনৰ ভাষ্য অনুসৰি, ২৬ আগষ্টৰ ৰাতিপুৱা নেপালৰ ফালেই ভূমিস্খলন বা ভূমিস্খলনসদৃশ ঘটনা ঘটে। তাৰ ফলতেই এক বিশাল প্ৰাকৃতিক বান্ধ গঢ়ি উঠে আৰু নদীৰ প্ৰৱাহমাৰ্গৰ লগতে সীমান্ত অঞ্চলৰ চীন আৰু নেপাল দুয়োফালেই ব্যাপক ক্ষয়-ক্ষতি আৰু জলমগ্নতাৰ ঘটনা ঘটে। বিপৰ্যয় ঘটিল যদিও বিপদ এতিয়াও কমা নাই।নেপালৰ ভেকতাখোলা আৰু সুৰকা নদীৰ সংগমস্থলৰ ওচৰত এটা বিশাল প্ৰাকৃতিক জলাশয় সৃষ্টি হৈছে। এই প্ৰাকৃতিক বান্ধ ভাঙি নতুনকৈ বানপানীৰ আশংকাই দেখা দিছে। এই সংকটৰ বাবে পাহাৰৰ ওপৰত অবাধ নিৰ্মাণ কাৰ্য, পাহাৰ কটা আৰু গছ- গছনি ধ্বংস কৰাটোৱেই দায়ী। নদীৰ কাষে কাষে যিদৰে বেপৰোৱাভাৱে ডাঙৰ ডাঙৰ কোম্পানীৰ নিৰ্মাণ কাৰ্য চলিছে, ৰাস্তা বনাবলৈ যিদৰে অপৰিকল্পিতভাৱে পাহাৰ কটা হৈছে, তাৰ ফলত পাহাৰৰ শক্তি দুৰ্বল হৈ পৰিছে। ইয়াৰ বাবেই কম এলেকাৰ ভিতৰতে প্ৰাকৃতিক বিপৰ্যয় বৃদ্ধি পাইছে। পাহাৰত নদীৰ গতিপথ ভেটি বান্ধ আৰু জলাশয় নিৰ্মাণ কৰাটোও এনে বিপৰ্যয়ৰ অন্যতম কাৰণ। শেহতীয়াকৈ পোৱা তথ্য অনুসৰি নেপালত হাজাৰ হাজাৰ ঘৰ দুৱাৰ, অট্টালিকা, সা-সম্পত্তি ধ্বংস হোৱাৰ লগতে হাজাৰৰো মানু্হৰ মৃত্যু হৈছে।গতিকে পাহাৰত অপৰিকল্পিত নিৰ্মাণৰ ক্ষেত্ৰত বহু বেছি সতৰ্ক হোৱা প্ৰয়োজন। পাহাৰে কিন্তু মানুহৰ সীমাহীন অবিচাৰৰ উচিত আৰু নিৰ্ভুল উত্তৰ দিয়ে।