বিশ্বনাথ জিলাৰ মিছামাৰীত টি ভি এছ ডিলাৰৰ শুভ উদ্বোধন
নতুন ডিলাৰৰ প্ৰথমজন গ্ৰাহক প্ৰেম বৈষ্ণৱৰ আনন্দ প্ৰকাশ
ৰঙিলী বাৰ্ত্তাসেৱা- টি. ভি. এছ. বাইকৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু গহপুৰ, ব্ৰহ্মাজান, হেলেম, মিছামাৰী, বেদেতী, বুৰৈঘাট আদি অঞ্চলৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বনাথ জিলাৰ মিছামাৰীত আজি এটা নতুন টি ভি এছ ডিলাৰৰ শুভ উদ্বোধন কৰা হয়। বিশ্বনাথ চাৰিআলিত পূৰ্বৰে পৰা এটা ডিলাৰ আছে যদিও এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ বাবেই মিছামাৰীত নতুনকৈ এই ডিলাৰ মুকলি কৰা হৈছে বুলি ডিলাৰ কৰ্তৃপক্ষই আমাৰ সাংবাদিকক জানিবলৈ দিয়ে। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত স্থানীয় ৰাইজৰ উপস্থিতিত গায়ন-বায়ন সকলৰ দ্বাৰা নাম-প্ৰসঙ্গ কৰা হয় আৰু উপস্থিত সকলো ৰাইজক কৰ্তৃপক্ষই মাহ-প্ৰসাদৰ লগতে মধ্যাহ্ন ভোজন প্ৰদান কৰে। প্ৰথম দিনটোতেই তিনিখন মটৰ চাইকেল বিক্ৰী হোৱা ডিলাৰৰ প্ৰথম গ্ৰাহক বিহালী শিক্ষা খণ্ডৰ ৰৌমাৰী বাপুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰেম বৈষ্ণৱক ফুলাম গামোচা আৰু বিশেষ উপহাৰেৰে আদৰণি জনোৱা হয়। তেওঁ এখন টি. ভি. এছ. ৰাইডাৰ ক্ৰয় কৰি আনন্দ প্ৰকাশ কৰে।
