সন্ধিয়াৰ নিচুকনি
বনজিত দাস,ৰিহাবাৰী , বজালী
কোন বাটেদি যামগৈ
কিন কিন বৰষুণত ৰ’দৰ জিলমিল
থিতাতে দেখোন
তামবৰণীয়া এচলু কিৰণ
য’ত সিক্ত নদীৰ দুয়োপাৰ
সেউজ সপোন সঁফুৰা
ৰহণ বুকুত আঁকে ৰঙৰ তুলিকা
সমীৰণে আনে
অনুৰণত সন্ধ্যাৰ আঁচলত সুবাস ঢালি
পলকতে
একাঁজলি হাঁহিৰ নিচুকনি গানে
সময়ৰ সোপানে সোপানে
গুপুতে
নীৰৱতাক সাৱটি লৈ
এন্ধাৰ নামে
তুমি চাগে আছাগৈ
এধানি মৰমতে
কাষতে সেন্দুৰীয়া গালত
তপ্ কৈ এটি চুমা খাই
লাজতে !
