দীপাৱলীৰ পোহৰ
ৰিমী হাজৰিকা,মাজুলী
দীপাৱলীৰ পোহৰে আলোকিত কৰা,
সন্ধিয়াৰ নিভাঁজ পোহৰত জিলিকি উঠে।
মাটিৰ চাকিৰ সোণোৱালী শিখাই,
নীৰৱতাৰ বুকুত আশাৰ কবিতা লিখে।
আন্ধাৰৰ অৱগুণ্ঠন ফালি,
পোহৰে আঁকে নতুন জীৱনৰ ৰূপৰেখা।
প্ৰতিটো শিখাত যেন প্ৰতিফলিত হয়,
এটি অব্যক্ত প্ৰাৰ্থনা, এটি অনিৰ্বাণ আশা।
পোহৰ মাথোঁ আলোকৰ প্ৰতিচ্ছবি নহয়,
ই আত্মাৰ গভীৰত জাগ্ৰত হোৱা চেতনা।
য’ত বিদ্বেষৰ অৱসানত প্ৰেমে ঠাই লয়,
য’ত মানৱতাই বিচাৰি পায় জীৱনৰ পূৰ্ণতা।
জ্বলি উঠক অন্তৰৰ নিৰ্বাপিত বন্তি,
নিভি যাওক অহংকাৰ আৰু অমানৱীয়তা।
বাহিৰৰ পৃথিৱীৰ লগতে অন্তৰো আলোকিত হওঁক,
প্ৰতিটো হৃদয়ত অক্ষয় হৈ ৰওক মানৱতা।।
দীপাৱলীৰ এই আলোকময় ক্ষণত,
এয়াই হওঁক জীৱনৰ একমাত্ৰ প্ৰাৰ্থনা।
আন্ধাৰৰ বুকুতো পোহৰৰ সন্ধান পাওক জীৱনে,
প্ৰতিটো আত্মাত জাগ্ৰত হওঁক অনিৰ্বাণ চেতনা।।
