দীপাৱলীত পৰিৱেশ আৰু পক্ষীকুলৰ ওপৰত প্ৰভাৱ
পৰীস্মৃতা বৰা হাজৰিকা
মাজুলী
দীপাৱলী হৈছে পোহৰৰ উৎসৱ । ভাৰতীয় সংস্কৃতিত দীপাৱলীৰ এক আধ্যাত্মিক মহত্বও আছে । আন্ধাৰ ভেদ কৰি পোহৰৰ আগমন , অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয় আৰু মনৰ কলুষতা দূৰ কৰি প্ৰীতিৰ বন্ধন দৃঢ় কৰা বাবেই এই উৎসৱ উদযাপন কৰা হয় । পৰম্পৰাগত ভাৱে প্ৰতিখন ঘৰেই মাটি চাকিৰে ঘৰখন পোহৰাই পালন কৰে এই দীপাৱলী উৎসৱ । কিন্তু আধুনিকতাৰ কৰাল গ্ৰাসে বৰ্তমান সময়ত দীপাৱলী আধ্যাত্মিক মাহাত্ম্যত কুপ্ৰভাৱ পেলোৱা দেখা গৈছে । অত্যাচাৰী আতচবাজী , ফটকা ব্যৱহাৰে সমগ্ৰ পৰিৱেশৰ বিস্তৰ ক্ষতি সাধন কৰা লগতে মুক্ত আকাশত বিচৰণ কৰা পক্ষীকুললৈ কঢ়িয়াই আনিছে চৰম বিপৰ্যয় ।
জীৱশ্ৰেষ্ঠ বুলি নিজকে গৌৰৱ কৰা মানৱজাতিয়ে নিজৰ সন্তষ্টিৰ বাবে কৰা আনন্দৰ ফলত পক্ষীকুলৰ মাজত চৰম দুৰ্দশাই দেখা দিয়ে । চৰাইৰ শ্ৰৱণ শক্তি মানুহতকৈ বেছি সংবেদনশীল আৰু প্ৰকৃতিৰ সৈতে একাত্ম । দীপাৱলীত ব্যৱহৃত ৰাসায়নিক ফটকাবোৰে বায়ু , পানী , মাটি আৰু শব্দৰ ভাৰসাম্য সম্পূৰ্ণৰূপে বিঘ্নিত কৰে । ইয়াৰ কুপ্ৰভাৱ পক্ষীকুলৰ ওপৰত বেয়াকৈ পৰা পৰিলক্ষিত হয় ।
ফটকা আৰু আতচবাজী প্ৰস্তুত কৰিবলৈ চালফাৰ , নাইট্ৰেট , মেগনেছিয়াম, বেৰিয়াম , কেডমিয়াম আৰু সীহৰ দৰে গধুৰ ধাতু আৰু ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় । যেতিয়া এই আতচবাজী ফুটুৱা হয় তেতিয়া প্ৰচুৰ পৰিমাণে ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড , কাৰ্বন মন অক্সাইড আৰু সুক্ষ্ম ধুলিকনা মিহলি হৈ পৰে । দীপাৱলীৰ পিছত আকাশখন এক ধোৱাৰ আৱৰণে ঢাকি পেলায় । বতাহত বিয়পি পৰা ৰাসায়নিক পদাৰ্থ মানুহৰ উশাহত শৰীৰলৈ প্ৰৱেশ কৰে । বিশেষকৈ হাপানি, হৃদৰোগত আক্ৰান্ত ৰোগীৰ বাবে এই সময়ছোৱা অতি মাৰাত্মক ।
উৎসৱৰ নামত বজাৰত উপলব্ধ হোৱা উচ্চ ক্ষমতাসম্পন্ন বোমা ফটকা বোৰে বহুত শব্দ কৰে । মানুহৰ কাণেৰে সহ্য কৰিব পৰা শব্দৰ মাত্ৰাতকৈ এইবোৰৰ তীব্ৰতা বহুত বেছি । এই বৃকত শব্দৰ ফলত কাণৰ পৰ্দা ফাটি যোৱা , উচ্চ ৰক্তচাপ, টোপনি ক্ষতি হোৱা সমস্যাই দেখা দিয়ে । নৱজাতক , বৃদ্ধ আৰু গৰ্ভাৱতী মহিলা সকলৰ এই শব্দ প্ৰদূষণৰ ফলত বহুতো সমস্যাই দেখা দিয়া পৰিলক্ষিত হয় ।
মানুহে নিজৰ আনন্দৰ বাবে সৃষ্টি কৰা এই প্ৰদূষণৰ ফলত আটাইতকৈ কষ্ট পাই মুক্ত আকাশৰ চৰাইবোৰে । চৰাইৰ শ্ৰৱণ আৰু দৰ্শন শক্তি মানুহতকৈ বেছি সংবেদনশীল । দীপাৱলীৰ সময়ত পক্ষীকুলে ভোগা এই যন্ত্ৰণাবোৰ সচেতন লোকৰ বাবে হৃদয়বিদাৰক ।
চৰাইবোৰে হঠাৎ হোৱা এই বিকট শব্দৰ বাবে চৰম আতংক ত ভুগিবলৈ লয় । ভয় আৰু মানসিক আঘাতৰ ফলত বহুতো চৰাইৰ মৃত্যু হয় ।
প্ৰকৃতিৰ নিয়ম অনুসৰি চৰাইবোৰে সূৰ্যাস্ত পিছত নিজৰ বাহত বা গছৰ ডালত আশ্ৰয় লয় । কিন্তু দীপাৱলী নিশাৰ আতচবাজীৰ শব্দত বাহৰ পৰা উৰিবলৈ লয় আৰু নিশাৰ আন্ধাৰত যত তত খুন্দা খোৱাৰ ফলত বহুত চৰাইৰ মৃত্যু হয় ।
ফটকাৰ ধোৱাত থকা বিষাক্ত পদাৰ্থ চৰাইৰ উশাহত শৰীৰত প্ৰৱেশ কৰে । ফলত হাওঁফাঁও বিকল হৈ পৰে । বিষাক্ত বতাহত উশাশ লব নোৱাৰি বহুতো চৰাই অচেতন হৈ মৃত্যু হয় ।
আকাশলৈ এৰি দিয়া ৰকেট বা আতচবাজীৰ ফিৰিঙতি পৰি চৰাই বাহবোৰ নষ্ট হয় । ফলত বাহত থকা চৰাইৰ মৃত্যু হোৱা দেখা যায় ।
প্ৰকৃতি আৰু পক্ষীকুল অবিহনে মানুহৰ অস্তিত্ব শূণ্য । সেয়েহে উৎসৱৰ আনন্দ উপভোগ কৰা লগতে পক্ষীকুলৰ সুৰক্ষা নিশ্চিত কৰাতোও আমাৰ কৰ্তব্য । দীপাৱলীত যদি আমি বোমা , ফটকা আদি বৰ্জন কৰি মাটিৰ চাকি , মমবাতিৰে এই উৎসৱ পালন কৰোঁ তেতিয়া পক্ষীকুলৰ অকাল মৃত্যু নহয় । উৎসৱৰ উদ্দেশ্য কেৱল আনন্দ বিলোৱা , আনৰ জীৱন কঢ়াৰ নহয় । ক্ষন্তেকীয়া আনন্দই মুক্ত পক্ষীকুলৰ অকাল মৃত্যু ঘটাই বা পৰিৱেশ দূষিত কৰে তেনে উৎসৱৰ জানো মূল্য আছে ?
আহক , আমি সকলোৱে মিলি ২০২৬ বৰ্ষৰ দীপাৱলীৰ সংকল্প লওঁ যে আতচবাজী মুক্ত এক উৎসৱ উদযাপন কৰোঁ আৰু মানুহৰ লগতে পশু -পক্ষীয়েও মুক্ত জীৱন যাপন কৰে । যত শান্তিৰে সকলোৱে উশাহ লব পাৰে ।
