দীপান্বিতা আৰু মাতৃ শক্তিৰ আধ্যাত্মিক অৱধাৰণা – প্ৰেম বৈষ্ণৱ

Pc PHOOL

দীপান্বিতা আৰু মাতৃ শক্তিৰ আধ্যাত্মিক অৱধাৰণা

প্ৰেম বৈষ্ণৱ,বিহালী, বিশ্বনাথ

ভাৰতীয় মহীয়ান সনাতন সংস্কৃতি হ’ল দৰ্শন, মূল্যবোধ আৰু বৈচিত্ৰ্যময় মাংগলিক উৎসৱ-পৰ্বৰ এক শুভ সমন্বয়। প্ৰকৃতিৰ ঋতু পৰিৱৰ্তনৰ ছন্দে ছন্দে শৰৎ আৰু হেমন্তৰ সন্ধিক্ষণত আয়োজিত উৎসৱসমূহ কেৱল মাত্ৰ বাহ্যিক আনন্দ-উল্লাস বা পাৰিবাৰিক মিলনৰে পথাৰ নহয়, ইয়াৰ অন্তৰালত নিহিত হৈ থাকে গভীৰ তত্ত্ববিদ্যা, সাধনা আৰু মানৱ আত্মাক বৈষয়িক জড়তাৰ পৰা ঊৰ্ধ্বলৈ লৈ যোৱাৰ এক মহৎ সামাজিক তথা আধ্যাত্মিক বাৰ্তা। কাতি মাহৰ গাঢ় অমাৱস্যা তিথিত অনুষ্ঠিত হোৱা “দীপান্বিতা” বা “দীপাৱলী” আৰু “কালী পূজা” ইয়াৰ এক অতুলনীয় নিদৰ্শন।

কাতি মাহৰ অমাৱস্যাৰ ঘোৰ অন্ধকাৰ নিৰ্মূল কৰি সুসজ্জিত মৃন্ময় চাকিৰ স্নিগ্ধ পোহৰেৰে সমগ্ৰ ধৰাক উদ্ভাসিত কৰাৰ সমান্তৰালভাৱে, একে নিশাতে সংহাৰী অথচ পৰম স্নেহাময়ী জগতজননী আদ্যাশক্তি মা কালীৰ বিহিত আৰাধনা সম্পন্ন কৰা হয়। বৈদিক সাহিত্যৰ সেই কালজয়ী আধ্যাত্মিক প্ৰাৰ্থনা – “তমসো মা জ্যোতিৰ্গময়, অসতো মা সৎ গমায়, মৃত্যোৰ্মা অমৃতং গময়” – ইয়াৰেই প্ৰত্যক্ষ ব্যৱহাৰিক তথা ভাবময় আত্মিক প্ৰকাশ ঘটে এই পৱিত্ৰ ক্ষণত। অবিদ্যাৰ পৰা বিদ্যাৰ দিশে, অসত্যৰ পৰা সত্যৰ দিশে আৰু বিনাশৰ পৰা অমৃতৰ দিশে ধাৱমান হোৱাৰ যি চিৰন্তন মনৱীয় হেঁপাহ, সি কাতিৰ এই মহানিশাতে প্ৰকাশ পায়।

পৌৰাণিক পটভূমি, ঐতিহাসিক মহত্ত্ব আৰু সামাজিক অৰ্থ :- “দীপান্বিতা” শব্দটো “দীপ” (চাকি) আৰু “অন্বিতা” (যুক্ত বা সজ্জ্বিত) শব্দৰ যোগফলৰ পৰা সৃষ্টি হৈছে, যাৰ সৰল অৰ্থ হ’ল দীপমালাৰে সজাই তোলা আলোক উৎসৱ। বৈদিক, পৌৰাণিক তথা মহাকাব্যিক সাহিত্যত দীপান্বিতাৰ বহু মাংগলিক ইতিবৃত্ত বিস্তৃতভাৱে পোৱা যায়।

ৰামায়ণৰ ধাৰণা অনুসৰি, মহাকাব্যিক নায়ক শ্ৰীৰামচন্দ্ৰই চতুৰ্দশ বছৰৰ সুদীৰ্ঘ দুৰ্গম বনবাস সামৰি আৰু অশুভ শক্তি ৰাৱণক সংহাৰ কৰি সীতাদেৱী আৰু লক্ষ্মণৰ সৈতে নিজ ৰাজ্য অযোধ্যালৈ প্ৰত্যাৱৰ্তন কৰিছিল এই কাতি মাহৰ অমাৱস্যা তিথিতে। সত্য, ন্যায় আৰু ধৰ্মৰ এই পুণ্য আগমনক উষ্ম আদৰণি জনাবলৈ অযোধ্যাবাসীয়ে সমগ্ৰ নগৰখনকে মাটিৰ চাকিৰ শুভ পোহৰেৰে উদ্ভাসিত কৰি তুলিছিল। আজিও সেই স্মৰণীয় ঘটনাক শ্ৰদ্ধাৰে স্মৰণ কৰি পোহৰৰ উৎসৱ পালন কৰা হয়।

আন এক পৌৰাণিক আখ্যান মতে, দ্বাপৰ যুগত স্বয়ং ভগৱান শ্ৰীকৃষ্ণই প্ৰাগজ্যোতিষপুৰৰ নিৰ্দয় আৰু অত্যাচাৰী অসুৰ নৰকাসুৰক বধ কৰি তেওঁৰ বন্দীত্বৰ পৰা ষোল্ল হাজাৰ একশ গৰাকী নাৰীক মুক্ত কৰি সমাজত নাৰীৰ মৰ্যাদা আৰু ধৰ্ম সংস্থাপনা কৰিছিল। এই আসুৰিক শক্তি নিধনৰ আনন্দত ধৰাৰ অগণন জনতাই পোহৰ প্ৰজ্বলন কৰি বিজয়োল্লাস কৰিছিল। ইয়াৰ উপৰিও বামন অৱতাৰত ভগৱান বিষ্ণুৱে দানৱৰাজ বলিক পাতাললৈ প্ৰেৰণ কৰি দেৱতাসকলৰ স্বৰ্গলোক সুৰক্ষিত কৰাৰ ইতিহাসো এই তিথিৰ লগত সংপৃক্ত। অৰ্থাৎ, পৌৰাণিক আৰু বৈদিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে দীপান্বিতা হৈছে অধৰ্মৰ ওপৰত ধৰ্মৰ, অন্যায়ৰ ওপৰত ন্যায়ৰ আৰু আন্ধাৰৰ ওপৰত আলোকৰ শাশ্বত বিজয়গাথা।

ঐতিহাসিক ৰাজবংশ আৰু বৈদিক সাহিত্যত দীপান্বিতাৰ ঐতিহ্য – দীপান্বিতা কেৱল পৌৰাণিক কাহিনীতে আৱদ্ধ হৈ থকা নাই, ইয়াৰ প্ৰমাণ প্ৰাচীন ভাৰতীয় ৰাজবংশ আৰু বৈদিক সাহিত্যতো সুস্পষ্টভাৱে উন্মোচিত হয়। প্ৰাচীন সংস্কৃত নাটক “নাগানন্দ”ত সম্ৰাট হৰ্ষবৰ্ধনে “দীপাৱলী” উৎসৱৰ আড়ম্বৰপূৰ্ণ বিৱৰণ দিছিল, য’ত প্ৰজাসকলে মাটিৰ চাকিৰে ৰাজপ্ৰাসাদ আৰু ৰাস্তা-ঘাট সজাই তুলিছিল। ঠিক তেনেদৰে ৯ম শতিকাৰ ৰাজশেখৰৰ “কাব্যমীমাংসা” গ্ৰন্থতো এই উৎসৱত ঘৰ-দুৱাৰ ধুই-পখালি লাইট বা চাকিৰে আলোকিত কৰাৰ সুন্দৰ পৰম্পৰা উল্লেখ আছে।

ভাৰতীয় প্ৰসিদ্ধ পৰিব্ৰাজক অল-বেৰুনীৰ ভ্ৰমণ বৃত্তান্ততো কাতি মাহৰ অমাৱস্যা তিথিত সমগ্ৰ ভাৰতবৰ্ষৰ নগৰে-নগৰে চাকি প্ৰজ্বলন কৰি আলোক উৎসৱ পালন কৰাৰ ঐতিহাসিক তথ্য পোৱা যায়। জৈন ধৰ্মৰ মতে, এই অমাৱস্যা তিথিতেই মহাবীৰ বৰ্ধমানে নিৰ্বাণ বা মোক্ষ লাভ কৰিছিল। সেইদৰে শিখ সম্প্ৰদায়ৰ বাবেও এই নিশা অতি মাংগলিক, কাৰণ এই তিথিতেই ষষ্ঠ গুৰু হৰগোবিন্দ জীয়ে মোগলৰ কাৰাগাৰৰ পৰা মুক্ত হৈ স্বৰ্ণ মন্দিৰত পদাপৰ্পণ কৰিছিল। এনেদৰে বিভিন্ন ধৰ্ম আৰু ঐতিহাসিক পৰম্পৰাৰ মিলনস্থল হৈ পৰে এই মহীয়ান দীপাৱলী।

আত্মিক অৰ্থ: তামসিকতাৰ পৰা জ্ঞানৰ শাশ্বত আলোক

আধ্যাত্মিক বিচাৰত অমাৱস্যাৰ গাঢ় আন্ধাৰ হ’ল মানৱ অন্তৰৰ অজ্ঞতা, অহংকাৰ, কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু মাৎসৰ্য – এই ষড়ৰিপুৰ প্ৰতীক। মানুহৰ মন যেতিয়া অজ্ঞতাৰ আন্ধাৰেৰে আৱৃত হৈ পৰি থাকে, তেতিয়া তেওঁ সৎ-অসৎ, শুদ্ধ-অশুদ্ধ আৰু তত্ত্ব-অতত্ত্বৰ পাৰ্থক্য বুজি পোৱাত বিপন্ন হয়। দীপান্বিতাৰ মাটিৰ চাকিয়ে আমাক তেনে তামসিকতাৰ সংহাৰ কৰি জ্ঞানৰ অমল পোহৰলৈ যোৱাৰ দিশ সংকেত কৰে।

ইয়াত প্ৰজ্বলিত সৰু মাটিৰ চাকিটো হৈছে আমাৰ এই পাঞ্চভৌতিক ধৰা শৰীৰৰ প্ৰতীক, তাত ঢালি দিয়া তেল বা ঘিউ হ’ল আমাৰ অন্তৰৰ ভক্তি, প্ৰেম আৰু শ্ৰদ্ধাৰ অনাবিল ৰস, আৰু চাকিৰ শলিতাডাল হ’ল আমাৰ একাগ্ৰ মন। যেতিয়া গুৰুৱে প্ৰদান কৰা তত্ত্বজ্ঞানৰ সংস্পৰ্শত সেই শলিতা প্ৰজ্বলিত হয়, তেতিয়া অন্তৰৰ অবিদ্যাৰ ঘোৰ আন্ধাৰ স্বতঃস্ফূৰ্তভাৱে নাইকিয়া হয়। মাটিৰ চাকিয়ে নিজৰ অস্তিত্ব দগ্ধ কৰিও ধৰাক আলোকিত কৰে; এই আত্মোৎসৰ্গ আৰু অমল আত্মজ্ঞান লাভৰ প্ৰকাশেই হ’ল দীপান্বিতাৰ প্ৰকৃত আধ্যাত্মিক মেৰুদণ্ড।

মহাশক্তি মা কালীৰ আৱাহন আৰু তাৰ গূঢ় দৰ্শন

কাতি অমাৱস্যাৰ এই মহানিশাতে তন্ত্ৰ, নিগম আৰু বৈদিক পদ্ধতিৰে মহাশক্তি মা কালীৰ বিহিত পূজা অৰ্চনা কৰা হয়। দেৱী কালী হ’ল মহামায়াৰ “দশমহাবিদ্যা”ৰ প্ৰথম আৰু সৰ্বপ্ৰধান শক্তি ৰূপ। “কালী” শব্দটোৰ মূল উৎস হ’ল “কাল” অৰ্থাৎ সময়। কালেই দৃশ্যমান বিশ্বৰ সকলো বস্তু সৃষ্টি কৰে, স্থিতি ৰাখে আৰু পুনৰ নিজৰ গভীৰ বক্ষত বিলীন কৰে। যি কালেও কাল বা সময়ৰ অতীত, তেওঁৱেই হৈছে কালিকা। অশুভ শক্তিক সংহাৰ কৰি পৱিত্ৰতাক ৰক্ষা কৰিবলৈ দেৱীৰ এই সংহাৰী অথচ স্নিগ্ধ ৰূপৰ আৱিৰ্ভাৱ হৈছিল।

দেৱী কালীৰ ভয়ংকৰ যেন লগা বাহ্যিক ৰূপটোৰ আঁৰত অতি সুক্ষ্ম আৰু গভীৰ অদ্বৈত দৰ্শন সংগোপনে নিহিত হৈ আছে:

কৃষ্ণ বৰ্ণ: সংসাৰৰ সকলো ৰং যিদৰে ক’লা ৰঙৰ মাজত লীন হৈ পৰে, ঠিক তেনেদৰে এই ব্ৰহ্মাণ্ডৰ সকলো নাম, ৰূপ আৰু গুণ শেষত মহামায়াৰ এই ক’লা শৰীৰতে বিলীন হয়। ই গুণাতীত অনন্ত মহাকাশ আৰু পৰম ব্ৰহ্মৰ নিদৰ্শন।

 মুক্ত কেশ: দেৱীৰ প্ৰসাৰিত আৰু খোলা চুলিকোছা প্ৰকৃতিৰ অনিয়ন্ত্ৰিত শক্তি আৰু স্বাধীনতাক সূচায়। ই প্ৰকাশ কৰে যে দেৱী কোনো ভৌতিক বন্ধন বা সংসাৰৰ মায়াত আৱদ্ধ নহয়।

 চতুৰ্ভুজা: বাওঁহাতত থকা খড়্গ আৰু খণ্ডিত অসুৰ মুণ্ডই তত্ত্বজ্ঞানৰ সহায়ত মানৱ অন্তৰৰ অহংকাৰ আৰু মোহ কাটি পেলোৱাটো বুজায়; আনহাতে সোঁহাতৰ “অভয়” আৰু “বৰদ” মুদ্ৰাই ভক্তক সৰ্বপ্ৰকাৰৰ ভয়ৰ পৰা ৰক্ষা কৰি অভীষ্ট ফল প্ৰদান কৰে।

 মুণ্ডমালা: দেৱীৰ গলত থকা ৫০ টা নৰমুণ্ডৰ মালাখনে সংস্কৃত ব্যাকৰণৰ ৫০ টা “মাতৃকা বৰ্ণ” বা শব্দব্ৰহ্মক প্ৰতিনিধিত্ব কৰে, যিয়ে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ জ্ঞানৰ উৎসক দৰ্শায়।

  শিৱৰ বক্ষত পদাপৰ্ণ: “শিৱ” হ’ল নিষ্ক্ৰিয় নিৰ্গুণ ব্ৰহ্ম আৰু “কালী” হ’ল সক্ৰিয় প্ৰকৃতি। শংকৰ দেৱৰ বক্ষত দেৱীৰ পদাপৰ্ণে বুজায় যে তত্ত্বজ্ঞান বা শিৱত্বৰ সমৰ্থন নোহোৱাকৈ কেৱল শক্তিয়ে ধ্বংস আনে, কিন্তু শিৱ আৰু শক্তিৰ সন্মিলন হ’লে সেয়া শান্ত, কল্যাণময়ী আৰু ৰক্ষণশীল হৈ পৰিব পাৰে।

মহানিশা, শক্তি সাধনা আৰু তত্ত্বৰ ৰহস্য – দীপান্বিতাৰ অমাৱস্যাৰ নিশাক শাস্ত্ৰত “মহানিশা” আখ্যা দিয়া হয়। বৈদিক, জ্যোতিষ, তন্ত্ৰ আৰু যোগশাস্ত্ৰ অনুসৰি, এই বিশেষ নিশাত ব্ৰহ্মাণ্ডৰ প্ৰাকৃতিক আৰু সুপ্ত শক্তি অতি মাত্ৰাত সক্ৰিয় হৈ পৰে। সেয়ে সাধকসকলৰ বাবে এই নিশা সিদ্ধি লাভ, কুণ্ডলিনী জাগৰণ আৰু অন্তৰ্দৃষ্টি স্ফুৰণৰ এক মহান সুযোগ।

মা কালী শ্মশানবাসিনী – কাৰণ শ্মশান হ’ল স্থূল পাৰ্থিৱ বাসনা আৰু দেহ ভস্ম হোৱা সংসাৰৰ অন্তিম স্থান। জাগতিক মোহ, হিংসা, ৰিপু আৰু অহংকাৰ দেৱীৰ চৰণত বলি দিয়াই হ’ল এই নিশাৰ প্ৰকৃত শক্তি সাধনা। ই সাধকক মৃত্যুবোধৰ পৰা মুক্ত কৰি অমৰত্বৰ সোৱাদ প্ৰদান কৰে।

অসমৰ জনজীৱন, লোকসংস্কৃতি আৰু প্ৰকৃতি-প্ৰীতি

অসমীয়া সমাজ-সংস্কৃতিতো দীপান্বিতা আৰু কালী পূজাৰ এক অতি সুকীয়া আৰু গাঢ় মাংগলিক গুৰুত্ব আছে। কাতি বিহুৰ ধাননি পথাৰৰ চাকি আৰু তুলসীৰ তলৰ চাকিৰ পাছতেই অহা দীপান্বিতাৰ দিনা প্ৰতিখন অসমীয়া গৃহস্থই বৰ চাউল, মাহ আৰু নাৰিকলেৰে ঘৰখন পৱিত্ৰ কৰি চোতাল, তুলসীৰ তল, ভঁৰালঘৰ, গোহালি আৰু পথাৰৰ আলি-বোৰত পৱিত্ৰ মাটিৰ চাকি জ্বলায়।

অসমৰ প্ৰসিদ্ধ শক্তিপীঠ কামাখ্যা, উগ্ৰতাৰা, বিল্বেশ্বৰ আৰু ৰাজ্যৰ বিভিন্ন প্রান্তৰ থান-দেৱালয় সমূহত অতি শ্ৰদ্ধা আৰু তান্ত্ৰিক-বৈদিক নিয়মেৰে মা কালীৰ পূজা সম্পাদন কৰা হয়। চাকিৰ পোহৰে কেৱল ঘৰ-দুৱাৰেই নহয়, সংহাৰী কীট-পতংগৰ পৰা পথাৰৰ ধাননিডৰাক ৰক্ষা কৰাত সহায় কৰিছিল, যিয়ে প্ৰকৃতিৰ প্ৰতি অসমীয়া মানুহৰ আদিম ধাৰ্মিক কৃতজ্ঞতা আৰু কৃষিভিত্তিক মূল্যবোধকে প্ৰকাশ কৰে।

তাৰোপৰি, অসমীয়া গ্ৰাম্য জীৱনত দীপান্বিতা কেৱল এৰাতিৰ পূজা-অৰ্চনাতে সীমাবদ্ধ হৈ নাথাকে। গৃহস্থই গোহালিত ধূপ-ধূনা দি গৰু-মহৰ মঙ্গল কামনা কৰে, পদূলিমুখত বাঁহৰ সুন্দৰ আকাশবন্তি প্ৰজ্বলন কৰি সৰ্গীয় পিতৃপুৰুষ সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। গাঁৱৰ ডেকা-গাভৰুসকলে একত্ৰিত হৈ মেলি লোৱা চাকিৰ শাৰীসমূহে ধৰাক এক অপূৰ্ব জ্যোতিৰ্ময় আলোকত স্মৰণীয় কৰি তোলে। এই সমূহীয়া সহাৱস্থানে অসমীয়া গ্ৰাম্য সংস্কৃতিত সম্প্ৰীতিৰবান্ধনি অধিক সুদৃঢ় কৰি তোলে।

বৰ্তমান সামাজিক প্ৰেক্ষাপটত ইয়াৰ অপৰিহাৰ্য প্ৰাসংগিকতা

আজিৰ অতি-প্ৰযুক্তিবিদ্যা আৰু ব্যৱসায়মুখী চৰ্চাৰ যুগত মানুহৰ মাজত কৃত্ৰিমতা, ইৰ্ষা, মানসিক অৱসাদ আৰু স্বাৰ্থপৰতা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে। মানুহে নিজৰ আভ্যন্তৰীণ শান্তি হেৰুৱাই এক যান্ত্ৰিক দৌৰত অৱতীৰ্ণ হৈছে। এনে এটা সংকটময় সময়ত দীপান্বিতা আৰু কালী পূজাৰ গভীৰ অৰ্থ অতি প্ৰাসংগিক হৈ পৰিছে।

দীপাৱলীৰ প্ৰতিটো মাটিৰ চাকিয়ে আমাক সম্প্ৰীতি, সাম্যবাদ আৰু একতাৰ শিক্ষা প্ৰদান কৰে। এখন অকলশৰীয়া চাকিয়ে গোটেই আন্ধাৰ বিনাশ কৰিব নোৱাৰে, কিন্তু সহস্ৰ চাকি একত্ৰিত হ’লে ঘোৰ অমাৱস্যাৰ ৰাতিও এক জ্যোতিৰ্ময় পোহৰৰ উৎসবলৈ ৰূপান্তৰিত হয়। ই আমাৰ বিভক্ত সমাজখনক একত্ৰিত কৰাৰ এক পথ প্ৰদৰ্শক।

আনফালে, মা কালীৰ পূজাই আমাক ভয়হীন হৈ অসত্য, অন্যায় আৰু মানসিক শোষকৰ বিৰুদ্ধে থিয় দিয়াৰ সৰব প্ৰেৰণা দিয়ে। বিকট শব্দ প্ৰদূষণ আৰু বাতাবৰণৰ পৰিৱেশ প্ৰদূষণ নকৰি, নিখুঁত স্নিগ্ধ আলোকৰ স্বৰূপ ধাৰণ কৰি এই পৰ্ব পালন কৰাটো আমাৰ নৈতিক দায়িত্ব, কাৰণ এই ব্ৰহ্মাণ্ডৰ প্ৰকৃতি নিজেই আদ্যাশক্তি মা কালীৰ এক দৃশ্যমান ভৌতিক সত্তা।

সামৰণিত  ক’ব পাৰি যে, দীপান্বিতা আৰু কালী পূজা কেৱল আচাৰ-অনুষ্ঠান, বাহ্যিক চাকিনিৰ্মাণ বা কোনো লোকপ্ৰথাতে সীমাৱদ্ধ হৈ থকা বিষয়ক নহয়; ই হ’ল মানৱ মনৰ চিৰন্তন আত্মশুদ্ধি আৰু অমৰ আলোকৰ দিশে নিৰন্তৰ ধাৱমান হোৱাৰ এক বিৰল প্ৰতিশ্ৰুতিবদ্ধ যাত্ৰা।

এই পৱিত্ৰ ক্ষণত আমি কেৱল বাহ্যিক গৃহভাগতে চাকি প্ৰজ্বলন নকৰি, নিজৰ অন্তৰত জমা হৈ থকা অবিদ্যা, সামাজিক হীনমান্যতা আৰু অন্ধকাৰ আঁতৰাই জ্ঞানৰ জোৰ জ্বলাব লাগিব। পৰম শক্তি মা কালীৰ আশীৰ্বাদত আমাৰ কলুষিত সমাজখনৰ পৰা সকলো পংকিলতা নিঃশেষ হওক আৰু সকলোৰে জীৱন শান্তি, সমৃদ্ধি আৰু আনন্দময় পোহৰেৰে ভৰি পৰক – সেয়াই এই পৱিত্ৰ তিথিৰ মূল নিৰ্যাস আৰু চিৰন্তন প্ৰাৰ্থনা।

“ওঁ অসতো মা সৎ গমায়, তমসো মা জ্যোতিৰ্গময়, মৃত্যোৰ্মা অমৃতং গময়। ওঁ শান্তিঃ শান্তিঃ শান্তিঃ।”