মাটিৰ চাকিৰ ম্লান পোহৰ আৰু বৰ্ণিল লাইটৰ অহংকাৰ: দীপাৱলীৰ হেৰাই যোৱা আত্মা
শচীন্দ্ৰ কুমাৰ দাস, পলাশবাৰী
সময়ৰ অবিৰাম গতিৰ সৈতে উৎসৱৰ চকা ঘূৰে, কিন্তু সলনি হয় তাৰ আত্মা। এসময়ত যি দীপাৱলী আছিল স্নিগ্ধ পোহৰ, আত্মীয়তা আৰু আত্মিক শুদ্ধিৰ এক উমৈহতীয়া সুবাস, আজি সি পৰিণত হৈছে এক উগ্ৰ প্ৰদৰ্শনকামিতা আৰু অৰ্থনৈতিক অহংকাৰৰ কোলাহললৈ। তাহানিৰ শৰতৰ শেৱালি সৰা চোতালত , পদূলিত যেতিয়া মাটিৰ চাকিৰ শিখা জ্বলি উঠিছিল, তেতিয়া তাত কোনো উচ্চ-নীচৰ প্ৰভেদ নাছিল। ধনীৰ পদূলিয়েই হওক বা দিনহাজিৰা কৰি চলা খেতিয়কজনৰ ভগা পঁজাটিয়েই হওক— চাকিৰ পোহৰে কাকো বৈষম্যৰ চকুৰে চোৱা নাছিল। কুমাৰ বা হীৰা সম্প্ৰদায়ৰ থলুৱা শিল্পীসকলে নিজৰ ঘাম আৰু বুকুৰ আপোন মৰমেৰে গঢ়া সেই মাটিৰ চাকিয়ে কেৱল ঘৰৰ আন্ধাৰেই দূৰ কৰা নাছিল, বৰঞ্চ সমাজৰ প্ৰতিটো শ্ৰেণীৰ মাজত এক অদৃশ্য, উমাল সমন্বয়ৰ সেতু গঢ়ি তুলিছিল। গ্ৰাহকে যেতিয়া সেই চাকি কিনিছিল, তাৰ বিনিময়ত থলুৱা শিল্পীজনৰ ঘৰলৈও বৈ গৈছিল জীয়াই থকাৰ অলপ পোহৰ, এসাজ ভাতৰ নিশ্চয়তা। উৎসৱ আছিল সকলোৰে বাবে সমভাগী, সকলোৰে বাবে সমান।
কিন্তু আজিৰ গোলকীকৰণ আৰু যান্ত্ৰিকতাৰ ধুমুহাই সেই সৰলতাক গিলি পেলালে। মাটিৰ চাকিৰ সেই পৱিত্ৰ স্থান কাঢ়ি ল’লে চীন দেশৰ পৰা অহা সস্তীয়া, প্লাষ্টিকৰ কৃত্ৰিম বৈদুতিক লাইটে। ৰঙী-বিৰঙী পোহৰৰ এই সমাহাৰত চকুত চাট মাৰি ধৰে সঁচা, কিন্তু ইয়াৰ ভিতৰত থলুৱা সংস্কৃতিৰ সেই উষ্মতা ক’ৰবাত হেৰাই যায়। ফলত আধুনিকতাৰ এই জকমকনিৰ মাজত আমাৰ আপোন শিল্পীসকলৰ সপোনবোৰ বজাৰৰ এচুকত মূল্যহীন হৈ পৰি ৰয়, তেওঁলোকৰ চকুৰ পানী চিৰদিনৰ বাবে আন্ধাৰতে বিলীন হৈ যায়। আজিৰ দীপাৱলী দুখীয়াৰ বাবে এক সম্পূৰ্ণ বেলেগ, নিঃসংগ দীপাৱলী।
আটাইতকৈ কৰুণ আৰু হৃদয়বিদাৰক দৃশ্যটো দেখা পোৱা যায় উৎসৱৰ নিশাৰ আকাশখনত। যি সময়ত এজন অভাৱী মানুহে কাইলৈ পুৱা নিজৰ সন্তানৰ মুখত এসাজ অন্ন তুলি দিব পাৰিবনে নাই, সেই চিন্তাত ম্ৰিয়মাণ হৈ পৰে; ঠিক একেটা মুহূৰ্ততে সমাজৰ এচাম মানুহে অহংকাৰ আৰু আধিপত্য প্ৰদৰ্শনৰ বাবে লাখ লাখ টকাৰ ফটকা ফুটাই ধোঁৱা উৰুৱাই দিয়ে। কেইচেকেণ্ডমানৰ এই অসাৰ শব্দ আৰু ধোঁৱাৰ বাবে কৰা ধনৰ অপচয় কেৱল পৰিৱেশৰ প্ৰতিয়েই অপৰাধ নহয়, বৰঞ্চ ই মানৱতাৰ প্ৰতি এক চৰম উপলুঙা। সেই ফটকাৰ প্ৰতিটো বিকট শব্দই এসাজ ভাতৰ বাবে হাহাকাৰ কৰা মানুহজনৰ বুকুত একো একোটা শেলৰ দৰে বিন্ধে। তেওঁলোকৰ বাবে উৎসৱৰ আনন্দ এক দুৰৈৰ মৰীচিকা, যি কেৱল তেওঁলোকৰ দাৰিদ্ৰ্যক অধিক স্পষ্ট আৰু যন্ত্ৰণাদায়ক কৰি তোলে।
উৎসৱৰ প্ৰকৃত সাৰ্থকতা কেতিয়াও নিজৰ অট্টালিকাখন কৃত্ৰিম পোহৰেৰে সজোৱাত বা ধনৰ অপচয়েৰে আনক সৰু দেখুওৱাত থাকিব নোৱাৰে। দীপাৱলীৰ প্ৰকৃত বাৰ্তা আছিল অন্তৰৰ আন্ধাৰ, সমাজৰ আন্ধাৰ আঁতৰোৱা। প্ৰকৃত পোহৰ তেতিয়াহে আলোকিত হব, যেতিয়া মানুহে প্লাষ্টিকৰ মোহাচ্ছন্নতা এৰি পুনৰ নিজৰ মাটি আৰু থলুৱা শিল্পীৰ শ্ৰমক আদৰি ল’ব। আমি যদি আমাৰ অপচয় কৰা ধনৰ সামান্য অংশ একোটা অভাৱী পৰিয়ালৰ মুখত হাঁহি বিৰিঙাবলৈ ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহে এই উৎসৱৰ ধাৰণাটোৱে এক সাৰ্বজনীন ৰূপ পাব। যেতিয়ালৈকে সমাজৰ শেষৰজন দুখীয়া মানুহৰ ঘৰলৈ সমানেই আনন্দ আৰু আশাৰ পোহৰ বিয়পি নপৰে, তেতিয়ালৈকে আমাৰ বাহ্যিক আলোকসজ্জা কেৱল এক উদাসীন সমাজৰ কৃত্ৰিম মুখা হৈয়েই ৰৈ যাব।
