পাহৰণিৰ গৰ্ভত নাঙল
ৰশ্মি ৰেখা দুৱৰা
বৰপথাৰ কোঁৱৰ গাঁও,ডিব্ৰুগড়
পথাৰত নে ঘৰত!
তই এতিয়া পাহৰণিৰ গৰ্ভত
কেতিয়াবা সপোনত দেখাৰ দৰে দেখোঁ
কাৰোবাৰ ভঁৰালৰ গান্ধৰীত,
কাৰোবাৰ চ’ৰাঘৰৰ আলমাৰিত।
আজিৰ চামে তোক চিনি নাপাই
পাবনো কেনেকৈ
চিনি পোৱাৰ আগেয়ে যে
তই নোহোৱা হ’লি
আধুনিকতাৰ গ্ৰাসত।
সৰু সৰু ডোবাবোৰ এতিয়া নাই
আলি দিয়াৰ অভাৱত
আগৰদৰে খেতিবোৰো নোহোৱা হ’ল
শস্যৰ উৎপাদন কমিল
মাটিবোৰো অসাৰুৱা হ’ল।
পথাৰলৈ গ’লে বেজাৰে বেৰি ধৰে
তোৰ গোন্ধ যে এতিয়া নাই
গৰুহালৰ সৈতে তোক ৰখাই
জলপান খোৱাৰ সময়বোৰো নাই
সময়ে কৰিলে সকলো সলনি।
তোৰ কাম নাই বুলি কোনোৱে
খৰি ফালি ৰান্ধিলে,
ঘাঁহনি নিৰাই মাটি চহাবলৈ তই নাই
মাটিবোৰ চহাবলৈ
তোৰ সলনি ট্ৰেক্টৰ আহিল।
