ব’হাগ বিহুৰ কিছু চমু আভাস
মনোৰঞ্জন বৰা
গোলাঘাট, দেৰগাঁও
ব’হাগ বিহু হ’ল অসমীয়া সমাজ-সংস্কৃতিৰ প্ৰাণস্পন্দন। প্ৰকৃতিৰ নতুন ৰূপ আৰু কৃষি চক্ৰৰ আৰম্ভণিৰ লগত সংগতি ৰাখি অতি উলহ-মালহেৰে পালন কৰা ব’হাগ বিহু প্ৰত্যেক জন অসমীয়াই সগৌৰৱেৰে কোৱা জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ , অসমীয়া সমাজৰ ঐক্যৰ দাপোনস্বৰূপ ।
অসমীয়া জাতিৰ পৰিচয় আৰু হিয়াৰ আমঠু হ’ল বিহু । বসন্তৰ আগমণত কুলিৰ মাত আৰু কপৌ ফুলৰ সুবাসে যেতিয়া প্ৰকৃতিক নৱ-কিশলয়ে, ন-কৈ সজাই তোলে, তেতিয়াই অসমীয়া মানুহে গৰুছালৰ মাতত মতলীয়া হৈ বাপতি-সাহোন বিহুটিক আদৰিবলৈ সাজু হয় ।
ব’হাগ বিহু সাধাৰণতে চ’তৰ সংক্ৰান্তিৰ পৰা ব’হাগৰ ছয় তাৰিখলৈকে সাদিনীয়াকৈ পালন কৰা হয়, যাক ‘সাত বিহু’ বুলি কোৱা হয়। পণ্ডিতসকলে ঠাৱৰ কৰিছে যে বিহু শব্দটো সংস্কৃতৰ বিষুৱণ শব্দৰ পৰা উৎপত্তি হৈছে। বেদ আৰু পুৰাণত উল্লেখ থকা অনুসৰি বিষুৱণ হৈছে যাক-যজ্ঞ কৰা এটা বিশেষ দিন । বিষ্ণু পুৰাণৰ মতে শৰৎ আৰু বসন্ত ঋতুৰ মাজৰ সময়ছোৱাত সূৰ্য তুলা ৰাশিলৈ বা মেষ ৰাশিলৈ গ’লে বিষুৱ হয় আৰু এই সময়ছোৱাত দিন আৰু ৰাতি সমান হয়। এই যাক-যজ্ঞই সূৰ্যৰ গতিবিধি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে ।
সাতদিনীয়াকৈ পালন কৰা এই বিহুৰ প্ৰতিটো দিনৰে এক সুকীয়া মহত্ব আছে।গৰু বিহু: বিহুৰ প্ৰথমটো দিন চ’তৰ সংক্ৰান্তিত ‘গৰু বিহু’ হিচাপে পালন কৰা হয়। এই দিনা পুৱাই গৰু-ম’হক মাহ-হালধিৰে গা ধুৱাই নতুন পঘা দিয়া হয়। লাও-বেঙেনা চতিয়াই আশীৰ্বাদ দিয়া হয়— “লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা…”। সন্ধিয়া গোহালিত জগৰ লগাই নতুন বিহলঙনী আৰু মাখিৱতীৰ ধোঁৱা দিয়া হয় যাতে গৰুবোৰ মহ-ডাঁহৰ পৰা ৰক্ষা পায়। মানুহ বিহু: ব’হাগৰ প্ৰথম দিনটো ‘মানুহ বিহু’। এই দিনা সকলোৱে মাহ-হালধিৰে গা ধুই নতুন কাপোৰ পিন্ধে। সৰুৱে ডাঙৰক সেৱা কৰে আৰু মৰমৰ চিনস্বৰূপ ‘বিহুৱান’ বা গামোচা উপহাৰ দিয়ে। প্ৰতিঘৰত তিল পিঠা, ঘিলা পিঠা, আৰু চিৰা-দৈ-গুৰৰ জলপানৰ আয়োজন কৰা হয়। গোসাঁই বিহু: বিহুৰ তৃতীয় দিনা গোসাঁই বিহু। এই দিনা নামঘৰত ৰাজহুৱা নাম-প্ৰসংগ কৰি পৰম ঈশ্বৰৰ আশীৰ্বাদ লোৱা হয়। তাতৰ বিহু/কুটুম বিহু: চতুৰ্থ দিনা আত্মীয়-স্বজন বা কুটুমৰ ঘৰলৈ গৈ মৰম আৰু চেনেহৰ আদান-প্ৰদান কৰা হয়। লগতে তাঁতশালৰ সা-সজুলিবোৰৰ যত্ন লোৱা হয়। নাঙলৰ বিহু: পঞ্চম দিনটো কৃষিৰ প্ৰধান আহিলা নাঙলৰ প্ৰতি সন্মান জনাই পালন কৰা হয়। জীয়ৰী বা চেনেহী বিহু: এই দিনা জী-জীয়ৰীসকলে পিতৃ-গৃহলৈ আহি বিহুৰ আনন্দ লয়। চেৰা বিহু: বিহুৰ সপ্তম দিনটো হ’ল চেৰা বিহু। এই দিনা পঁইতা ভাত খোৱাৰ পৰম্পৰা আছে আৰু পৰম্পৰাগতভাৱে বিহুৰ সামৰণি মৰা হয়।
ৰঙালী বিহুৰ মূল আকৰ্ষণ হ’ল ঢোল, পেঁপা, গগণা, সুতুলি আৰু বাঁহীৰ সুৰত ককাল ভাঙি নচা ডেকা-গাভৰুৱে বিহু নাচ। গাঁৱৰ চৰণীত বা গছৰ তলত ডেকাসকলে একেলগ হৈ ‘হুঁচৰি’ গায় আৰু প্ৰতিঘৰৰে চোতালত আশীৰ্বাদ দিয়ে। বিহু গীতৰ মাজেৰে কেৱল প্ৰেমেই নহয়, অসমীয়া সমাজৰ লোক-সংস্কৃতি আৰু চহা জীৱনৰ সৰলতা প্ৰতিফলিত হয়। অতীজত বিহু কেৱল পথাৰৰ মাজতে সীমাবদ্ধ আছিল যদিও বৰ্তমান ই মঞ্চমুখী হৈছে। আধুনিকতাৰ পৰশত বিহুৰ বাহ্যিক ৰূপ কিছু সলনি হৈছে যদিও ইয়াৰ মূল আৱেগ আৰু পৰম্পৰা আজিও অক্ষুণ্ণ আছে। চহৰৰ যান্ত্ৰিক জীৱনৰ মাজতো বিহু সন্মিলনবোৰে অসমীয়াৰ জাতীয় সত্তাক জীয়াই ৰাখিছে। ব’হাগ বিহু কেৱল এটা উৎসৱ নহয়, ই অসমীয়া জাতিৰ একতা, সমন্বয় আৰু ভাতৃত্ববোধৰ এক মহান এনাজৰী।
