কুমলীয়া কুঁহিপাতৰ মাজত বসন্তৰ কোবাল সোতত বহাগ বিহু  – নমিতা দাস

Pc Mongabay-India

কুমলীয়া কুঁহিপাতৰ মাজত বসন্তৰ কোবাল সোতত বহাগ বিহু 

নমিতা দাস
শুৱালকুছি

বসন্তৰ আগমনে ধৰা লৈ নমাই আনিলে লঠঙা ডালত কোমল কুঁহিপাত, সেউজীয়া প্ৰকৃতিয়ে ৰঙালীৰ ৰঙেৰে উৎবাউল কৰিলে। ৰঙালী বিহু সমাগত চাৰিও ফালে উচ্ছাস উদ্দিপনা বিহুক আদৰাৰ ।

বাপতি সাহোন বিহুটি অসমীয়া জাতিৰ আটাইৰে আবেগৰ। নিজৰ সংস্কৃতিৰ পৰিচয়ৰ লগত জড়িত হৈ থকা বিহুটো অতীজৰে পৰা চলি অহা । বিহুৰ উৎপত্তি সম্পৰ্কে বিভিন্ন পণ্ডিতে বিভিন্ন মত পোষণ কৰা দেখা যায় । বিহু শব্দটি বিষুব শব্দৰ পৰা অহা বুলি কয়। আকৌ বড়ো ভাষাৰ বৈখ্যু শব্দৰ পৰাও বিহু শব্দৰ উৎপত্তি হোৱা বুলি বহু পণ্ডিতে কয় যি শব্দৰ পৰাই বিহু শব্দৰ উৎপত্তি নহওঁক জাতীয় জীৱনৰ আশা – আকাংক্ষা ,উল্লাহ ,ৰং -আনন্দ অনুভূতি বিহুৰ লগত ওতঃপ্ৰোতহ ভাবে জড়িত । এক কথাত বিহু হৈছে অসমীয়া জাতিৰ প্ৰাণ। বিহুক বাদ দি অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি সভ্যতা আন নালাগে সাহিত্যৰ বৰ মজিয়া খনো উৰুঙা হৈ পৰিব।

বিহু অসমীয়াৰ প্ৰাণ , প্ৰতিজন অসমীয়াৰ শীৰাই শীৰাই প্ৰবাহিত হৈ আছে বিহু । বাপতি সাহোন বিহুটি বছৰত আমি তিনিবাৰ পালন কৰোঁ যদিও বহাগ বা ৰঙালী বিহু আৰু মাঘ বা ভোগালী বিহুত হে বৰ্তমান প্ৰতিজন লোকে জড়িত হৈ আছে কাতি বা কঙালী বিহু সাধাৰণতে গাওঁ অঞ্চলত হে বেছিকৈ পালন কৰা হয়। মানুহে কৃষিক মূল জীবিকা কৰি লোৱাৰ পৰাই খেতি চপোৱাৰ সময়ত আনন্দ কৰিছিল সিয়েই পিছলৈ বিহুৰ ৰূপ পালে। বছৰত তিনিবাৰ খেতি চপোৱা বাবে তিনিটা বিহু পালন কৰাত আগৰ দিনত চ’তৰ মাহত খেতি চপোৱা সময়তে উল্লাহ আনন্দেৰে হাঁহি ফূৰ্তি কৰি গান গাই নাচিছিল সেই নাচেই বিহুলৈ ৰূপান্তৰ ঘটিল।তেতিয়া ৰাতি পথাৰত চাকি জ্বলাই লৈ পথাৰতে নাচ গানত মতলীয়া হৈছিল । লাহে লাহে দেউৰী বা পূজাৰীৰ চোতালত বিহু নাম গাই বিহু নাচ উৎযাপন কৰে।

১৬শ শতিকাত মহাপুৰুষ শঙ্কৰ দেৱে সত্ৰীয়া সংস্কৃতিৰে বিহুৰ কিছু ৰীতি-নীতি প্ৰয়োগ কৰাৰ পিছৰ ৰুদ্ৰসিংহৰ দিনত ৰংঘৰৰ বাকৰিত বিহু উৎযাপন কৰা হয়। স্বৰ্গদেউৱে হুঁচৰি বিহুৱা সকলৰ ওচৰত আঠু লৈ সেৱা জনাইছিল । পিছলৈ ৰজা ঘৰীয়া পাত্ৰ মন্ত্ৰীৰ লগতে ডা- ডাঙৰীয়া ঘৰলৈ গৈ বিহু গোৱা আৰম্ভ কৰিলে

হাজৰিকা দেৱৰ ভাষাৰে –“বহাগ এটি ঋতু নহয় বহাগ হৈছে অসমীয়া জন-জীৱনৰ আয়ূস ৰেখা”। কপৌ ,নাহৰ ফুলপাহে লৈ আনে বহাগ অহাৰ বতৰা আগৰ দিনত বহাগ বিহুত ৰজা মহাৰজা সকলে ৰং ঘৰৰ বাকৰিত বিহু উপভোগ কৰি ডেকা -বুঢ়া আটায়ে মিলি হুঁচৰি গোৱাৰ সময়তে ম’হ যুজ, কুকুৰা যুজৰো খেল উপভোগ কৰি মনত আনন্দ লাভ কৰিছিল । তেতিয়া ৰাতি জীয়ৰী -বোৱাৰী সকলে লুকাই লুকাই পথাৰলৈ গৈ গছ গছনীৰ মাজত মনৰ হেঁপাহ পলুৱাই বিহু নাম গাই বিহু নাচিছিলে। ডেকা সকলেও পথাৰত,বৰগছৰ তলত ঢোল,পেপা, গগনাৰে মুখৰিত কৰি বিহু গায় বিহুৰ আনন্দত মতলীয়া হৈছিল । এই মন মতলীয়া হোৱা বিহু নাম শুনি প্ৰকৃতিৰ লগতে জীৱ জগতৰ জন্তুৰ বুকুতো সৃষ্টি হয় কামনাৰ হিল্লোল। বসুন্ধৰাকো কৰি তোলে শস্য সম্ভভা ।

ইংৰাজৰ শাসন কালত পাশ্চাত্য সংস্কৃতিয়ে গ্ৰাস কৰাৰ লগে লগে যদিও বিহুটো লোপ পাবলৈ ধৰিলে লক্ষ্মী নাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ প্ৰমোক্ষে কেইগৰাকীমান ভাষা সাহিত্যৰ লগত জড়িত মহান ব্যক্তিৰ তত্বাৱধানত বিহু পুণৰ উৎজীৱিত কৰাৰ উদ্দেশ্যে বিহুক মঞ্চলৈ লৈ আনিলে । মঞ্চ বিহুৱে বহুৰ সমাদৰ লাভ কৰিলে লগে লগে বিহুৰ ওপৰিও বিভিন্ন প্ৰতিযোগিতা আৰম্ভ কৰা হয়। এই প্ৰতিযোগিতা বোৰ হৈছে মৌ কুঁৱৰী, বিহু কোৱৰী বৰ বিহুৱতী ,শ্ৰেষ্ঠ ঢোল বাদক, শ্ৰেষ্ঠ তাল বাদক ইত্যাদি , লগতে বিহুক বিভিন্ন নীতি- নিৰ্দেশনাৰ মাজত ৰাখি মঞ্চত বিহু প্ৰচলন হৈ থাকিল । মঞ্চ বিহুৰ সমাদৰে গছৰ তলৰ বিহু লোপ পালে। গাওঁৰ জীয়াৰী-বোৱাৰী সকল ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা ওলাই আহি বিহুক ভাৰতৰ আন আন ৰাজ্যৰ লগতো পৰিচয় কৰাই দিলে। ক’ণ কণ লৰা ছোৱালী ডেকা, বয়োজেষ্ঠ প্ৰতিজন অসমীয়াৰ হিয়াৰ আপোন বিহুৰ নামে অসমৰ জনজীৱনৰ প্ৰতিচ্ছবি দাঙি ধৰে,লগতে প্ৰকৃতিৰ ওপৰত আৰু প্ৰেমৰ ওপৰতো বিহু নামে অতীজৰে পৰা বৰ্তমান সময়লৈ প্ৰচলন অব্যাহত আছে।

বৰ্তমান বিহুক লৈ নানান আলোচনা -সমালোচনা হৈ আছে । মঞ্চ বিহু আৰু ৰাতি হুঁচৰি গাই গৃহস্থই প্ৰণাম জনোৱা বিহু বৰ্তমান প্ৰচলিত আৰু জনপ্ৰিয় হৈ আছে । বিহু সুৰীয়া গীত-মাতে দৃশ্য -শ্ৰাব্য মাধ্যমৰ জগতখনত বহুল ভাবে প্ৰচলিত হোৱাৰ লগে লগে বিভিন্ন আধুনিক বাদ্য যন্ত্ৰ সমূহো ব্যৱহাৰ কৰি বিহু গীত গোৱা হয় যদিও প্ৰকৃততে এইবোৰ বিহুনাম নহয় আধুনিক গীতৰ সংমিশ্ৰণ হে , বিহুক নতুনত্ব দিবলৈ‌ গৈ প্ৰকৃত মাদকতা ৰাখি নতুনৰ আবৰণেৰে নতুনত্ব আনি আজিৰ প্ৰজন্মৰ মাজত বিলাই দিবলৈ প্ৰয়াস কৰিলেহে হয়তো পুৰণি বিহু নৃত্য আৰু বিহু নাম অক্ষুন্ন থাকিব।

কিন্তু এইবাৰ যেন ঢোলৰ গুম গুমনিয়ে বিহুৰ উচ্ছাসো ম্লান কৰিছে । কুলিৰ মাতত বিষাদে আৱৰিছে বাপতি সাহোন ৰঙালী বিহুৰ সময়তে বিষাদৰ ধুমুহাৰ মাজত আপোন জনক হেৰুৱৰ জুইত দগ্ধ, বিষাদৰ ধুমুহাই প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুৰ শোকত দগ্ধ হোৱা লোকসকলক ঢোলৰ গুমগুমনীয়ে পাহৰাই ৰাখিব পাৰিব জানো! এয়াই সময় ,সময়ৰ সোঁতত হেৰাই যাব নেকি ঈশ্বৰৰ অংশ বুলি ভৱা প্ৰাণৰ শিল্পী গৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য। অতিত আৰু বৰ্তমানৰ মাজত সাল সলনি হৈ সময়ৰ লগত খোজ মিলাই আমি আগুৱাই যাবই লাগিব এয়াই জীৱনৰ চৰম সত্য । এৰি অহা সময়ক পাহৰণিৰ সোঁতত এৰি দিব পৰা যায় নে ! এক প্ৰশ্নবোধকে মন বোৰক আৱৰি ৰাখিছে । বৰ্তমানৰ লগত একাত্ম হৈ চলিলেহে সমাজৰ লগত একেলগে খোজ মিলাবলৈ সক্ষম হ’ব পাৰি কিন্তু সময়ে আমাক শিকাই দিলে । যি গৰাকী শিল্পীয়ে নিজৰ জীৱনত কৈ অসম আৰু অসমীয়া কৃষ্টি-সংস্কৃতিৰ কথা অহ-ৰহে চিন্তা কৰিছিল তেওঁৰ হকে আমি বোৰে কি কৰিব পাৰিলোঁ ।