অসমত পেট্রল-ডিজেল বা বন্ধন গেছৰ নাটনি হোৱা নাইঃ নীতিন ভাটনাগৰ

Pc Syllad

অসমত পেট্রল-ডিজেল বা বন্ধন গেছৰ নাটনি হোৱা নাইঃ নীতিন ভাটনাগৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু পেট্রল-ডিজেলৰ যোগানত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি হোৱা নাই। ৰাজ্যখনত পর্যাপ্ত পৰিমাণৰ ৰন্ধন গেছৰ লগতে পেট্রলিয়াম সামগ্রী মজুত আছে। এই কথা স্পষ্ট কৰি দিছে ভাৰতীয় তেল নিগম কর্তৃপক্ষই। শুকুৰবাৰে  নুনমাটিস্থিত ভাৰতীয় তেল নিগম লিমিটেড (এঅ’ডি)ৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত ভাৰতীয় তেল নিগমৰ কাৰ্যবাহী সঞ্চালক নীতিন ভাটনাগৰে কয় যে ৰাজ্যৰ চাৰিওটা শোধনাগাৰতেই সম্প্রতি নিয়মীয়াকৈ উৎপাদন তথা যোগান অব্যাহত আছে। সেয়েহে অসমত পেট্রল-ডিজেল বা বন্ধন গেছৰ নাটনি হোৱা নাই। ৰাইজ শংকিত হোৱাৰো কোনো প্রয়োজন নাই। দুয়োবিধ সামগ্রী পর্যাপ্ত পৰিমাণে ৰাজ্যত মজুত আছে। যোগান স্বাভাৱিক আৰু নিয়ন্ত্রণত আছে। তেওঁ কয় যে সম্প্রতি অসমত মুঠ ১,৭৩৭টা খুচুৰা বিক্ৰী কেন্দ্ৰ আছে। ইয়াৰ ভিতৰত ১,৪৬১টা কেন্দ্র বিভিন্ন তেল বিপণন কোম্পানীৰ দ্বাৰা পৰিচালিত হোৱাৰ লগতে ২৭৬টা ব্যক্তিগত কোম্পানীৰ দ্বাৰা পৰিচালিত। এই খুচুৰা বিক্ৰীকেন্দ্ৰসমূহৰ জৰিয়তে দৈনিক প্রায় ২৯৩৫ কিলোলিটাৰ পেট্ৰ’ল আৰু ৩,৬৭০ কিলোলিটাৰ ডিজেল ৰাইজক যোগান ধৰি থকা হৈছে। সম্প্রতি ৰাজ্যত জনসাধাৰণৰ মাজত চলি থকা আশংকাৰ প্ৰতি লক্ষ্য ৰাখি চাহিদা অনুসাৰে ২১দিনৰ পেট্ৰ’ল আৰু ৪৬ দিনৰ ডিজেল পর্যাপ্ত পৰিমাণে মজুত কৰি ৰখা হৈছে। ৰাইজে কোনোধৰণৰ উৰাবাতৰি বিশ্বাস নকৰাকৈ আতংকিত নোহোৱাকৈ পেট্র’ল-ডিজেল ক্ৰয় কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। একেদৰে ৰন্ধন গেছৰ ক্ষেত্ৰত ৰাজ্যত ৬টা তেল বিপণন কোম্পানীৰ মালিকানাধীন আৰু এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ মালিকানাধীন ৬০৪টা এলপিজি বিতৰক কেন্দ্র আছে। গড়ে দৈনিক প্রায় ১,৩৯,০০০ এলপিজি ৰিফিল কৰাৰ লগতে নিৰ্ধাৰিত বুকিং অনুসৰি প্ৰায় ৫ দিনৰ ভিতৰত ৰন্ধন গেছৰ চিলিণ্ডাৰ গ্ৰাহকক যোগান দি থকা হৈছে। কোনোধৰণৰ অচলাৱস্থা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ক্ষেত্ৰত বর্তমানলৈকে সৃষ্টি হোৱা নাই বুলি দাবী কৰি ভাটনাগৰে কয় যে এলপিজি সেৱাৰ ডিজিটাইজেচনৰ ক্ষেত্ৰত বিগত সময়ছোৱাত যথেষ্ট অগ্রগতি হৈছে। দুমাহ পূৰ্বৰ ৪৯ শতাংশৰ তুলনাত বর্তমানে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে ৮৪ শতাংশ বুকিং সম্পন্ন কৰা হৈছে। অৱশ্যে ইয়াৰ মাজতো ৰাজ্যৰ বিশেষকৈ গ্ৰামাঞ্চলৰ বিভিন্ন গেছ এজেঞ্চীত প্রতিদিনে হোৱা ৰাইজৰ দীঘলীয়া শাৰীৰ কাৰণ সন্দৰ্ভত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত তেওঁ কয় যে পিএমইউৱাই (উজ্জ্বলা) আঁচনিৰ অধীনৰ গ্ৰাহকৰ বাবে সম্প্রতি ই-কেৱাইচি বাধ্যতামূলক কৰা হৈছে। বহুসংখ্যক গ্রাহকে পূৰ্বতে নিজৰ গেছ সংযোগৰ ই-কেৱাইচি আপটুডেট নকৰাৰ পৰিপ্ৰেক্ষিতত চিলিণ্ডাৰৰ যোগান দিব পৰাটো সম্ভৱপৰ হোৱা নাছিল। যিহেতুকে কেন্দ্রীয় পেট্র’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রালয়ে ই-কেৱাইচি বাধ্যতামূলক কৰিছে, গতিকে ইয়াৰ পৰিপ্ৰেক্ষিতত এই দীঘলীয়া শাৰীৰ সৃষ্টি হৈছে। অৱশ্যে সাধাৰণ ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰকাৰী গ্ৰাহকৰ ক্ষেত্ৰত এই সমস্যাৰ সৃষ্টি হোৱা নাই। অকল পিএমইউৱাই আঁচনিৰ গ্ৰাহকৰ ক্ষেত্রতেই নহয়, যিসকল নিয়মীয়া গ্রাহকে ৯মাহ পর্যন্ত চিলিণ্ডাৰ ক্ৰয় কৰা নাই, তেওঁলোকৰ বাবেও ই-কেৱাইচি বাধ্যতামূলক কৰা হৈছে। আনহাতে পিএনজি খণ্ডত ৰাজ্যখনত লোৱা পদক্ষেপৰ কথা দোহাৰি নিগমৰ কাৰ্যবাহী সঞ্চালক ভাটনাগৰে কয় যে ৰাজ্যত বর্তমানে প্রায় ৭৩ হাজাৰটা ঘৰুৱা পিএনজি সংযোগ দিয়া হৈছে। অসম চৰকাৰে অধিক সম্প্ৰসাৰণৰ বাবে এখন ৰাজহুৱা জাননী জাৰি কৰিছে। ইতিমধ্যে পাইপলাইন আন্তঃগাঁথনি উপলব্ধ থকা অঞ্চলসমূহত প্রায় ১২,৫০০টা নতুন সংযোগ প্রদানৰ পৰিকল্পনা নিগমে গ্রহণ কৰিছে। এই পদক্ষেপ সম্পূর্ণরূপে কাৰ্যকৰী হৈ উঠিলে এলপিজি চিলিণ্ডাৰৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্রাস পোৱাৰ লগতে ৰন্ধন গেছৰ যোগান চহৰ অঞ্চলত অধিক ত্বৰান্বিত হ’ব বুলি তেওঁ আশা কৰিছে। মজুতকৰণ আৰু অবৈধ বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ বিগত মাহত তেল কোম্পানীৰ বিষয়াসকলে ৰাজ্য চৰকাৰৰ সহযোগিতাত ৩১৯টা পৰীক্ষা সম্পন্ন কৰিছে। এই সংবাদ মেলত পিআইবিৰ অতিৰিক্ত সঞ্চালকপ্ৰধান কৃপা শংকৰ যাদবো উপস্থিত থাকে।