প্রাক্তন শিক্ষামন্ত্রী যতীন মালীৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ প্রাক্তন শিক্ষামন্ত্রী যতীন মালীৰ দেহাৱসান। উচ্চ ৰক্তচাপজনিত ৰোগত আক্রান্ত হৈ আকস্মিকভাৱে মৃত্যুমুখত পৰে অসম আন্দোলনৰ অগ্রণী নেতা, দুবাৰকৈ ৰাজ্যখনৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰা, চাৰিবাৰকৈ পলাশবাৰী সমষ্টিৰ বিধায়ক যতীন মালী। যতীন মালীয়ে শুকুৰবাৰে পুৱা ১১.৩০ বজাত উচ্চ ৰক্তচাপত আক্রান্ত হোৱাত পৰিয়ালৰ লোকে তেওঁক ততাতৈয়াকৈ ডাউন টাউন হাস্পতালত ভৰ্তি কৰাইছিল। সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়ত ভর্তি কৰাইছিল যদিও চিকিৎসকে অশেষ যত্ন কৰিও প্ৰাণৰক্ষা কৰিব নোৱাৰিলে। বিয়লি প্রায় ২.১৫ বজাত প্রাক্তন শিক্ষামন্ত্ৰীগৰাকীয়ে মৃত্যুক আঁকোৱালি লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ । ঐতিহাসিক অসম আন্দোলনৰ পৰিসমাপ্তিত গঠন হোৱা প্রফুল্ল কুমাৰ মহন্তৰ প্ৰথমখন চৰকাৰত তেওঁ প্রাথমিক শিক্ষা বিভাগৰ শিক্ষামন্ত্রী হিচাপে দক্ষতাৰে সেৱা আগবঢ়াই সেই সময়ৰ শ শ জৰাজীৰ্ণ চৰকাৰী প্ৰাথমিক বিদ্যালয় পকীকৰণৰ ব্যৱস্থা কৰি নিজৰ দায়িত্ব নিষ্ঠাৰে আগবঢ়াই নিবলৈ সমৰ্থ হৈছিল। পৰৱৰ্তীকালত ১৯৯৬ চনত দ্বিতীয়বাৰৰ কাৰণে প্রফুল্ল কুমাৰ মহন্তই গঠন কৰা চৰকাৰত শিক্ষামন্ত্রী হৈ পলাশবাৰী সমষ্টিৰ লগতে বহু নিবনুৱাক কর্মসংস্থানৰ সুযোগ দিবলৈ সমর্থ হৈছিল। ১৯৮৫ চনৰ পৰা ২০০০ চনলৈ একেৰাহে তিনিবাৰ অসম গণ পৰিষদৰ বিধায়ক হিচাপে নির্বাচিত যতীন মালীয়ে ২০০১ চনৰ নিৰ্বাচনত পৰাজিত হৈছিল। পৰৱৰ্তীকালত তেওঁ ২০১১ চনত অগপ দলৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাত নির্দলীয় প্রার্থী হিচাপে পুনৰ বিধানসভালৈ নিৰ্বাচিত হৈছিল। স্বৰাজোত্তৰ কালত পলাশবাৰী সমষ্টিৰ সফল বিধায়ক হিচাপে হৰেন্দ্ৰ নাথ তালুকদাৰৰ পিছত ৰাজহুৱা স্বার্থজড়িত দিশত তেওঁৰেই অৱদান সর্বাধিক বুলি সমষ্টিটোৰ জনসাধাৰণৰ মুখে মুখে। মির্জাত অসমৰ অন্যতম আগশাৰীৰ ছোৱালী মহাবিদ্যালয় স্থাপনৰ পৰা ত্রিশখন বিছনাযুক্ত চিকিৎসালয় স্থাপন কৰিছিল প্রয়াত মালীয়ে। স্পষ্টবাদী আৰু সাহসী নেতাজনে পৰৱৰ্তী কালত কংগ্ৰেছী ৰাজনীতিত প্ৰৱেশ কৰিছিল যদিও তেওঁ তাত দীর্ঘকাল থাকিবলৈ সক্ষম নহ’ল। শেহতীয়াভাৱে যোৱা ৯ এপ্রিলত অনুষ্ঠিত হৈ যোৱা বিধানসভাৰ নিৰ্বাচনত পুনৰ এগৰাকী নির্দলীয় প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিছিল যদিও ফলাফল প্রকাশ নৌহওঁতেই আকস্মিকভাৱে মৃত্যুমুখত পৰে। যতীন মালীৰ বিয়োগত পলাশবাৰী সমষ্টিৰ লগতে সমগ্ৰ ৰাজ্যত গভীৰ শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী কল্যাণী কলিতা মালী, একমাত্র জী-জোঁৱাই, একমাত্র পুত্ৰ-বোৱাৰীসহ অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।
