বিহুৰ লগত জড়িত কেৰিয়াৰৰ সম্ভাৱনীয়তাক লৈ ৰঙালী বিহু সন্মিলনবোৰত আলোচনা হওক – ড° বুলজিৎ বুঢ়াগোহাঁই

Pc Wikimedia Commons

বিহুৰ লগত জড়িত কেৰিয়াৰৰ সম্ভাৱনীয়তাক লৈ ৰঙালী বিহু সন্মিলনবোৰত আলোচনা হওক

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা  তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয়

অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু ৰাজ্যখনৰ সকলো অঞ্চলৰ লগতে প্ৰবাসী অসমীয়াসকলেও বিশ্বৰ বিভিন্ন প্ৰান্তত সমান উৎসাহেৰে উদযাপন কৰে। ৰঙালী বিহু সন্মিলন সমিতিসমূহে এই উপলক্ষে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে। এই প্ৰসংগত এটি অনুৰোধ কৰিব বিছাৰিছোঁ যে—এই অনুষ্ঠানসমূহৰ মাজত এনে এক বিশেষ কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিব লাগে, য’ত ৰঙালী বিহুৰ সৈতে জড়িত কেৰিয়াৰৰ সম্ভাৱনাসমূহৰ বিষয়ে আলোচনা কৰা হয়।

অসমীয়া সমাজত বিহু কেৱল এক উৎসৱ বা সংস্কৃতি নহয়, ই অসমৰ জীৱনধাৰাৰ অবিচ্ছেদ্য অংশ। আগতে ‘বিহু মাৰি ফুৰা’ বুলি কোৱা কথাখিনি য’ত উপাৰ্জনৰ লগত কোনো সম্পৰ্ক নাছিল, এতিয়া সেই ধাৰণাটো সম্পূৰ্ণৰূপে পৰিবৰ্তিত হৈছে। একবিংশ শতিকাৰ পৰিৱৰ্তনৰ মাজেৰে বিহুৰ পৰম্পৰাৰ ভিতৰতো নতুন উপাৰ্জনৰ পথ উদ্ভৱ হৈছে। এইটো সংস্কৃতিৰ এক ইতিবাচক ৰূপান্তৰ—সংস্কৃতিৰ মাজতে কেৰিয়াৰৰ সন্ধান।

ৰঙালী বিহুৰ সৈতে জড়িত কেৰিয়াৰ মানে হৈছে বিহুক কেন্দ্ৰ কৰি গঢ়ি উঠিব পৰা জীৱিকা। এইক্ষেত্ৰত পৰ্যটনৰ সম্ভাৱনা বিশেষভাৱে উল্লেখযোগ্য। অসমৰ লগতে বিদেশতো বিহু উদযাপন হোৱাৰ ফলত ইয়াক এক বিশ্বজনীন উৎসৱ হিচাপে প্ৰচাৰ কৰিব পাৰি। তথ্য প্ৰযুক্তিৰ সহায়ত,যেনে-ৱেবছাইট, ইউটিউব চেনেল আৰু সামাজিক মাধ্যমৰ জৰিয়তে বিহুৰ বিষয়ে বিশ্ববাসীক সহজে অৱগত কৰিব পাৰি। ফটোগ্ৰাফাৰ, ভিডিঅ’ ক্ৰিয়েটৰ আৰু লেখকসকলেও এইক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে। বিভিন্ন ভাষাত বিহুৰ বিষয়ে উপস্থাপন কৰিলে বিদেশী পৰ্যটকৰ আগ্ৰহো বৃদ্ধি পাব, যাৰ ফলত হোটেল, পৰিবহন আৰু টুৰিষ্ট গাইডৰ দৰে ক্ষেত্ৰতো কৰ্মসংস্থাপন সৃষ্টি হ’ব।

বিহুৰ সৈতে জড়িত গৱেষণা আৰু সাহিত্যৰ ক্ষেত্ৰতো যথেষ্ট সম্ভাৱনা আছে। গৱেষণামূলক গ্ৰন্থসমূহ বিভিন্ন ভাষালৈ অনুবাদ কৰি বিশ্ববজাৰত উপস্থাপন কৰিলে ই এক লাভজনক উদ্যোগ হ’ব পাৰে। তদুপৰি বসন্তকালত ফুলা অসমৰ অৰ্কিডসমূহো পৰ্যটকৰ বাবে এক আকৰ্ষণীয় উপাদান। ইয়াৰ বাণিজ্যিক উৎপাদন আৰু ৰপ্তানিও জীৱিকা উপাৰ্জনৰ এক পথ হ’ব পাৰে।

বিহুৰ বাদ্যযন্ত্ৰ—যেনে ঢোল, পেঁপা, তাল, বাঁহী, গগনা, সুতুলি, টকা আদি—প্ৰস্তুত কৰাৰ উদ্যোগো এক সম্ভাৱনাময় ক্ষেত্ৰ। এই বাদ্যযন্ত্ৰসমূহ সঠিকভাৱে প্ৰচাৰ-প্ৰসাৰ কৰিলে দেশ-বিদেশত ইয়াৰ বজাৰ গঢ়ি উঠিব পাৰে। ভিডিঅ’, ফটো আৰু ডিজিটেল মাধ্যমৰ সহায়ত ইয়াৰ ব্যৱহাৰ আৰু বিশেষত্ব বিশ্বৰ আগত দাঙি ধৰিব পাৰিলে বছৰৰ সকলো সময়তে ইয়াৰ চাহিদা থাকিব।

বিহুৰ সাজপাৰ আৰু অলংকাৰ প্ৰস্তুতিও এক গুৰুত্বপূর্ণ উদ্যোগ। মুগাসাজ, গামোচা, আৰু পৰম্পৰাগত অলংকাৰসমূহ আন্তৰ্জাতিক বজাৰত যথেষ্ট মূল্যৱান। এইসমূহৰ বৃহৎ পৰিমাণে উৎপাদন আৰু বজাৰ বিস্তাৰৰ বাবে যুৱক-যুৱতীসকলে আগবঢ়া উচিত। অৱশ্যে উদ্যোগ আৰম্ভ কৰাৰ পূৰ্বে বজাৰ সমীক্ষা আৰু কেঁচামালৰ উপলব্ধতা সম্পৰ্কে সজাগ হোৱা প্ৰয়োজন।

খাদ্য সংস্কৃতিও বিহুৰ এক অবিচ্ছেদ্য অংশ। পিঠা-পনা, জা-জলপান, চিৰা, মুড়ি, কোমল চাউল, আখৈ আদি খাদ্যসম্ভাৰক বাণিজ্যিকভাৱে উৎপাদন কৰি দেশ-বিদেশত বিপণন কৰিব পাৰি। বিশেষকৈ প্ৰবাসী অসমীয়াসকলৰ মাজত এইসমূহৰ যথেষ্ট চাহিদা আছে। অনলাইন প্লেটফৰ্মৰ সহায়ত এই ব্যৱসায় বিস্তাৰ কৰাৰ অপাৰ সম্ভাৱনা আছে।

হুচৰি, বিহুনৃত্য আৰু বিহুগীতত পাৰদৰ্শিতা থাকিলেও ই জীৱিকা হ’ব পাৰে। এইক্ষেত্ৰত সাংস্কৃতিক অনুষ্ঠান, প্ৰতিযোগিতা, চৰকাৰী-বেচৰকাৰী সুযোগ আদিৰ জৰিয়তে আয়ৰ পথ মুকলি হয়। পৰিৱেশ্য কলা বিষয়ত প্ৰশিক্ষণ লৈ প্ৰমাণপত্ৰ লাভ কৰিলে সাংস্কৃতিক ক্ষেত্ৰত নিয়োগৰ সম্ভাৱনাও বৃদ্ধি পায়।

বিহু কেৱল উৎসৱতেই সীমাবদ্ধ নহয়, ই এক অসীম সম্ভাৱনাৰ ক্ষেত্ৰ। সঠিক পৰিকল্পনা, দক্ষতা আৰু আধুনিক প্ৰযুক্তিৰ সদ্ব্যৱহাৰৰ জৰিয়তে বিহুক আধাৰ কৰি বহুমুখী কেৰিয়াৰ গঢ়ি তোলা সম্পূৰ্ণ সম্ভৱ।