অধিকাৰ আৰু স্বাধীনতাক নাৰীসকলৰ অপব্যৱহাৰ আৰু সমাজত ইয়াৰ প্ৰভাৱ
দৰ্শনা দত্ত
দেৰগাঁও,গোলাঘাট
নাৰীৰ অধিকাৰ আৰু স্বাধীনতা সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু অপৰিহাৰ্য অংগ। সমাজত পুৰুষৰ সমানেই শিক্ষা তথা কৰ্মংস্থাপন লাভ কৰা,নিৰাপত্তা লাভ কৰা,সম্পত্তিৰ অধিকাৰ পোৱা, ব্যক্তিগত সিদ্ধান্ত লোৱাৰ মৌলিক স্বাধীনতা পোৱা আদিবোৰ নাৰীৰ বাবে অতীৱ প্ৰয়োজনীয়।
অতীতত সতীদাহ প্ৰথা,বাল্যবিবাহ,পৰ্দাপ্ৰথা, বহুবিবাহ আদি কু ৰীতিবোৰৰ বাবে নাৰীসকল শাৰীৰিক আৰু মানসিকভাৱে দুৰ্দশাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কালক্ৰমত এই প্ৰথাবোৰ লুপ্ত হ’ল যদিও বৰ্তমান সময়তো কিছু কিছু অঞ্চলত বাল্যবিবাহ,যৌতুক প্ৰথা আদি কুসংস্কাৰবোৰ প্ৰচলিত হৈ আছে।নাৰীসকল যৌন নিৰ্যাতন,ধৰ্ষণৰ দৰে জঘন্য অপৰাধৰো সন্মুখীন হয়।এনে সামাজিক ব্যাধিবোৰ প্ৰতিৰোধ কৰাৰ বাবে ভাৰতত যৌতুক নিবাৰণ আইন(১৯৬১),ঘৰুৱা হিংসাৰ পৰা মহিলা সুৰক্ষা আইন(২০০৫), ভাৰতীয় ন্যা়য় সংহিতা(BNS,২০২৩)আদিকে ধৰি বিভিন্ন আইন ব্যৱস্থা আছে,যাৰ বাবে প্ৰতিগৰাকী নাৰীয়েই সমাজত স্বাভাৱিক আৰু স্বাধীনভাৱে জীয়াই থাকিব পাৰে। কিন্তু নাৰীক অধিকাৰ,সুৰক্ষা আৰু স্বাধীনতা দিবৰ বাবে প্ৰণয়ন কৰা এই আইনসমূহ কিছুমান ক্ষেত্ৰত অপব্যৱহাৰ হোৱা পৰিলক্ষিত হৈছে। বৰ্তমানৰ ডিজিটেল যুগত এনে অপব্যৱহাৰৰ সংখ্যা ক্ৰমাগত বৃদ্ধি পাই অহা দেখা যায়। কিছু সংখ্যক মহিলাই ব্যক্তিগত স্বাৰ্থ আৰু নিজৰ সুবিধাৰ বাবে ‘স্বাধীনতা’ আৰু ‘অধিকাৰ’ৰ অপপ্ৰয়োগ কৰে,যাৰ বাবে মহিলাগৰাকীৰ পৰিয়ালত অশান্তিৰ সৃষ্টি হয় আৰু লগতে সমাজতো নেতিবাচক পৰে।
যৌতুক নিবাৰণ আইন( Dowry Prohibition Act,১৯৬১) অনুসৰি যৌতুক লোৱাটো আৰু দিয়াটো এক গুৰুতৰ অপৰাধ। এই আইন যৌতুক ভুক্তভোগী মহিলাসকলক সুৰক্ষা দিয়াৰ বাবে প্ৰস্তুত কৰা হৈছে। কিন্তু শেহতীয়া সময়ত লক্ষ্য কৰিলে দেখা যায় এই আইনখন বহুতো মহিলাই ভুল প্ৰয়োগ কৰিছে। গভীৰ সমস্যা হৈ পৰা এই বিষয়টো উচ্চতম ন্যায়ালয়েও ‘আইনী সন্ত্ৰাসবাদ'(Legal Terrorism) হিচাপে অভিহিত কৰিছে। পাৰিবাৰিক কন্দল,অন্য পুৰুষৰ প্ৰতি আকৰ্ষণ আৰু আন বিভিন্ন কাৰণত বিবাহ বিচ্ছেদ কৰি অধিক ধন দাবী কৰিবলৈ পত্নীগৰাকীয়ে স্বামী আৰু তেওঁৰ পৰিয়ালৰ ওপৰত যৌতুকৰ মিছা গোচৰ তৰে। যাৰ ফলত স্বামীৰ লগতে তেওঁৰ পিতৃ-মাতৃ আৰু পৰিয়াল হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদে সন্তানৰ ওপৰতো ঋণাত্মক প্ৰভাৱ পেলায়। বৰ্তমান বিবাহ বিচ্ছেদক বহু মহিলাই ‘খৰাকী'(Alimony)আদায় কৰা ব্যক্তিগত লাভৰ বাবে ‘যৌতুক নিবাৰণ আইন’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি স্বামীৰ আৰু পৰিয়ালক সামাজিক আৰু মানসিকভাৱে ব্যতিব্যস্ত কৰে। এনে মিছা অভিযোগে নিমিষতে এটা সুখী পৰিয়াল ভাঙি দিয়ে,এজন ব্যক্তিৰ কেৰিয়াৰ আৰু সামাজিক মৰ্যাদা,সন্মান ধ্বংস কৰি দিয়ে,যাৰ বাবে চৰম মানসিক চাপত ভুগি ব্যক্তিয়ে আত্মহত্যাৰ দৰে পথ বাছি লোৱাও দেখা যায়। আইনৰ এনে অপপ্ৰয়োগৰ ফলত প্ৰকৃত অপৰাধী সাৰি যায় আৰু আইনৰ ওপৰত মানুহৰ বিশ্বাস কমি যায়। অৱশ্যে যৌতুকৰ মিছা গোচৰ ৰোধ কৰিবলৈ উচ্চতম ন্যায়ালয়ে ব্যৱস্থা হাতত লৈছে। কেৱল মহিলাগৰাকীৰ অভিযোগৰ ওপৰত ভিত্তি কৰিয়েই স্বামী বা তেওঁৰ পৰিয়ালক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব। প্ৰথমে ঘটনাটো আৰক্ষীয়ে ভালদৰে বিচাৰ আৰু তদন্ত কৰি চাই স্বামী আৰু পৰিয়াল প্ৰকৃত দোষী সাব্যস্ত হ’লেহে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পাৰিব।
যৌন নিৰ্যাতন আৰু ধৰ্ষণ এক হিংসাত্মক অপৰাধ। এই অপৰাধে সমাজত নাৰী অধিকাৰ উলংঘন কৰে। বৰ্তমান সময়ত ধৰ্ষণ,যৌন নিৰ্যাতন আদিয়ে সমাজত ভয়ংকৰ ৰূপ লৈছে। এনে অপৰাধে নাৰীৰ স্বাধীনতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত গভীৰ প্ৰশ্ন তোলে। এই সামাজিক ব্যাধিসমূহ নিৰ্মূল কৰিবলৈ ভাৰতত কঠোৰ আইন প্ৰণয়ন কৰা হৈছে। যেনে – ভাৰতীয় ন্যায় সংহিতা (BNS,২০২৩),পস্কো আইন (POCSO Act,২০১২), কৰ্মস্থানত মহিলাৰ যৌন উৎপীড়ন(প্ৰতিৰোধ, নিষেধাজ্ঞা আৰু প্ৰতিকাৰ)আইন(২০১৩) আদি আইনে মহিলাৰ নিৰাপত্তা সুনিশ্চিত কৰে। কিন্তু কিছুমান মহিলাই এই আইনবোৰক নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে ঢাল হিচাপে লোৱা পৰিলক্ষিত হৈছে। সমাজত ধৰ্ষণ যেনেকৈ জঘন্য অপৰাধ,ঠিক একেদৰেই ইয়াৰ মিছা অভিযোগ কৰাটোও গুৰুতৰ অপৰাধ। আধুনিক সমাজখনত ধৰ্ষণ যিদৰে বৃদ্ধি পাইছে তাৰ সমানে ধৰ্ষণৰ বিৰুদ্ধে কৰা অসত্য অপবাদো বৃদ্ধি পাইছে। ব্যক্তিগত শত্ৰুতা,অধিক ধন পোৱাৰ লোভ,প্ৰেমৰ সম্পৰ্কত বিচ্ছেদ আদি কাৰণত কিছুমান মহিলাই পুৰুষক ব্লেকমেইল কৰি ধনদাবী কৰাৰ লক্ষ্যৰে ধৰ্ষণৰ মিছা অভিযোগ দিয়ে। বৰ্তমানৰ ডিজিটেল যুগত কিছু সংখ্যক মহিলাৰ বাবে এনে অভিযোগ কৰা অতি সহজ হৈ পৰিছে। নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ আৰু পুৰুষজনৰ ওপৰত প্ৰতিশোধ লোৱাৰ উদ্দেশ্যেৰে সমাজত তেওঁৰ সন্মান হানি কৰিবলৈ আৰু পেছাদাৰী জীৱন ধবংস কৰিবলৈ ধৰ্ষণৰ এনে অসত্য অপবাদ দিয়ে। ফলত পুৰুষজনে হাৰাশাস্তি ভুগিবলগীয়া হয়। এনে অভিযোগত পুৰুষজন আদালতত নিৰ্দোষী বুলি প্ৰমান হোৱাৰ পাছতো সমাজত স্বাভাৱিক জীৱন কটোৱাটো তেওঁৰ বাবে কঠিন হৈ পৰে। বহুতো গোচৰত দেখা যায় দীৰ্ঘসময় ধৰি এটা প্ৰেমৰ সম্পৰ্কত থকাৰ পাছত যদি কিবা কাৰণত যদি বিয়া নহয়,তেতিয়া ছোৱালীজনীয়ে ‘বিয়া কৰাম বুলি মিছা প্ৰতিশ্ৰুতি দি ধৰ্ষণ কৰিছে’বুলি ল’ৰাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। কিন্তু উচ্চতম ন্যায়ালয়ে বহুতো ৰায়দানত প্ৰকাশ কৰিছে যে ল’ৰা -ছোৱালী দুয়োৰে সন্মতিক্ৰমে শাৰীৰিক সম্পৰ্ক হোৱাৰ পাছত তাক ধৰ্ষণৰ ৰূপ দিয়াটো আইনৰ অপপ্ৰয়োগহে হয়।
বৰ্তমানৰ যুগ বিজ্ঞান-প্ৰযুক্তি তথা ডিজিটেল যুগ। প্ৰযুক্তিবিদ্যাৰ অন্যতম অৱদান মোবাইল ফোন, লেপটপ আদিৰ বিভিন্ন ছ’চিয়েল প্লেটফৰ্ম যেনে ইউটিউব,ফেচবুক,ইনষ্ট্ৰাগ্ৰাম আদিত মানুহে নিজৰ প্ৰতিভাসমূহ প্ৰদৰ্শন বা প্ৰকাশ কৰিব পাৰে। বৰ্তমান সময়ত এনে প্লেটফৰ্মবোৰত নিজৰ প্ৰতিভা প্ৰদৰ্শনেৰে বহুতো মানুহে জনপ্ৰিয়তা লাভ কৰিছে।নাৰীসকলো ইয়াৰ ব্যতিক্ৰম নহয়। নাৰীসকলে ঘৰতে থাকি ছ’চিয়েল মিডিয়াৰ দ্বাৰা নিজৰ সুপ্ত প্ৰতিভাসমূহ(নচা,গান গোৱা, সুস্বাদু খাদ্য তৈয়াৰ কৰা,আন বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা আদি)প্ৰকাশ কৰিব পাৰে,যিটো সমাজৰ বাবে এটা ইতিবাচক দিশ। আধুনিক সমাজত এনে দিশসমূহ প্ৰকাশ কৰিবলৈ নাৰীসকলৰ সম্পূৰ্ণ স্বাধীনতা আৰু অধিকাৰ আছে। কিন্তু কিছুমান নাৰীয়ে ছ’চিয়েল মিডিয়াত সস্তীয়া জনপ্ৰিয়তা পাবলৈ অমাৰ্জিত আৰু অশ্লীনতাৰ ফালে ধাৱমান হোৱাহে দেখা গৈছে। কেৱল টকা পাবলৈ আৰু ‘লাইক’,’কমেন্ট’,’ভিউ’ৰ আশাত ইনষ্ট্ৰাগ্ৰাম,ফেচবুক আদিত বহু নাৰীয়ে অমাৰ্জিত সাজ(চাদৰ-মেখেলা আদি অসংযতভাৱে পৰিধান কৰা,জানি বুজিয়েই শৰীৰৰ অংগ দেখুৱাই)পিন্ধি ফটো শ্বেয়াৰ কৰে অথবা ভিডিঅ’ প্ৰস্তুত কৰে। তাৰোপৰি বহুতে লাইভ আহি অথবা ভিডিঅ’ত বিভিন্ন অশ্লীন শব্দ প্ৰয়োগ কৰে। যিটো বৰ্তমান এটা ‘ট্ৰেণ্ড’লৈ পৰিণত হৈছে। এনে কাৰ্যই সমাজত এগৰাকী মহিলাৰ যি স্থান সেয়া লঘু কৰে আৰু এইবোৰে উঠি অহা প্ৰজন্মৰ ওপৰতো অত্যধিক ঋণাত্মক প্ৰভাৱ পেলায়। কাৰণ কিশোৰ- কিশোৰী আৰু শিশুসকলো আজিকালি প্ৰায়ে চিনেমা জগত বা ইণ্টাৰনেটৰ পৃথিৱীখনত ব্যস্ত হৈ থাকে বা অনুকৰণ কৰে। শালীনতা আৰু আধুনিকতা আদিৰ বিষয়ে তেওঁলোক সঠিকভাৱে জ্ঞাত নহয়। ছ’চিয়েল মিডিয়াত পোৱা এনে অমাৰ্জিত-অশালীনতাই তেওঁলোকৰ মাজৰ নৈতিক মূল্যবোধৰ অৱক্ষয় ঘটায়। অপ্ৰাসংগিক সাজ আৰু অশ্লীন কথাবোৰকে তেওঁলোকে ফেশ্বন আৰু ট্ৰেণ্ড হিচাপে গ্ৰহণ কৰি লয়। যিটো সমাজৰ বাবে অতি পৰিতাপৰ বিষয়।
প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ পছন্দৰ মতে কাপোৰ পৰিধান কৰাৰ অধিকাৰ আছে কিন্তু স্থান আৰু পৰিৱেশ অনুসৰি অমাৰ্জিত সাজ পিন্ধাটো উচিত নহয়। আকৌ কাৰোবাৰ সাজ-পোছাক চাই তেওঁক সমালোচনা কৰা অথবা অপদস্থ কৰাটোও অনুচিত। কিন্তু পৰিৱেশ সাপেক্ষে নিজৰ সুৰক্ষা,আত্মসন্মান আৰু ব্যক্তিত্বৰ খাতিৰত শালীনতা বজাই ৰখাটো নিশ্চয়কৈ প্ৰয়োজনীয়। আনহাতে এটা পৰিয়াল আৰু এখন সমাজৰ সন্মান নাৰীগৰাকীৰ ওপৰতে বহু পৰিমাণে জড়িত হৈ থাকে। তাতোতকৈ আত্মসন্মান নাৰীৰ বাবে এক উজ্জ্বল অলংকাৰ। এনে ক্ষেত্ৰত নিজৰ মৰ্যদা হেৰুৱাই আৰু আত্মসন্মান বিসৰ্জন দি কেৱল মাত্ৰ সস্তীয়া জনপ্ৰিয়তা পাবৰ বাবেই নিজৰ শৰীৰ প্ৰদৰ্শন কৰাটো অতিকে লাজৰ বিষয়। সমাজ আৰু পৰিয়াল ভালকৈ ৰাখিবলৈ অকল নাৰীয়েই যে ভাল হৈ থাকিব লাগিব এনে নহয়,কিন্তু যিখন ঘৰৰ আৰু যিখন সমাজৰ নাৰী শৃংখল,সেইখন ঘৰ আৰু সমাজৰ ভৱিষ্যতো সুস্থ-শৃংখল হোৱাটো প্ৰায় নিশ্চিত।
নাৰী অধিকাৰ আৰু স্বাধীনতাৰ নামত আধুনিক যুৱতীসকলৰ মাজত ‘লেট নাইট পাৰ্টী’ আৰু মদ্যপানৰ প্ৰৱণতা বৃদ্ধি পাইছে।’নিজৰ জীৱন নিজৰ মতে উপভোগ কৰাৰ অধিকাৰ আছে’ বুলি গভীৰ নিশালৈ বাহিৰত পাৰ্টী কৰা,নিচাযুক্ত দ্ৰব্য যেনে মদ,ড্ৰাগছ আদি সেৱন কৰা আদিয়ে নাৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা ডাঙৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। এনে যুৱতীসকল প্ৰায়ে ধৰ্ষণৰ বলি হয় আৰু সহজেই অপৰাধী চক্ৰৰ কবলত পৰে। আধুনিক পৃথিৱীত ল’ৰা-ছোৱালীৰ অধিকাৰ সমান যদিও এগৰাকী যুৱতী-মহিলা নিচাসক্ত হৈ থকাটো সমাজত সহজে গ্ৰহণ কৰা নহয়। এনে কাৰ্য কৰা যুৱতী- মহিলা সকলৰ আত্মমৰ্যাদা,আত্মসন্মান নাইকীয়া হোৱাৰ লগতে তেওঁৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ সন্মানতো আঘাত লাগে। এইবোৰ কথা গুৰুত্ব সহকাৰে গ্ৰহণ নকৰি বহুতো যুৱতীয়ে নিজকে আধুনিক নাৰী আৰু ‘স্মাৰ্ট’ বুজাবলৈ গভীৰ নিশালৈকে বাহিৰত সময় কটায়,নিচাযুক্ত দ্ৰব্য সেৱন কৰে আৰু নিজৰ সন্মান-চৰিত্ৰ নষ্ট কৰে। কিন্তু প্ৰকৃত আধুনিকতা শিক্ষা,জ্ঞান,ব্যক্তিত্ব আৰু সু চৰিত্ৰৰ দ্বাৰাহে প্ৰকাশ পায়। নিজৰ স্বাধীনতা উপভোগৰ লগতে স্বাস্থ্য আৰু নিৰাপত্তাৰ ক্ষেত্ৰত সজাগ হোৱাটো প্ৰতিগৰাকী নাৰীৰেই দায়িত্ব আৰু কৰ্তব্য।
নাৰীৰ অধিকাৰ আৰু স্বাধীনতা সমাজৰ উন্নতি আৰু প্ৰগতিৰ মূল ভেটি। কিন্তু এই স্বাধীনতা মানে উশৃংখলতা নহয়। নাৰীসকলে যেতিয়া নিজৰ সুৰক্ষাৰ বাবে পোৱা আইনবোৰ নিজ স্বাৰ্থসিদ্ধি বা আনৰ অনিষ্ট কৰিবলৈ ব্যৱহাৰ কৰে,তেতিয়া ই মানৱ অধিকাৰৰ উলংঘন কৰা হয়। আধুনিক হ’বলৈ অশ্লীন,অশালীনতাৰ প্ৰয়োজন নহয়,নিজৰ পৰম্পৰা আৰু সংস্কৃতিক সন্মান জনাই আধুনিকতাৰ লগত খোজ মিলাই চলা গৰাকীহে প্ৰকৃত আদৰ্শ আৰু আধুনিক নাৰী। নাৰী অধিকাৰ আৰু স্বাধীনতাক সঠিকৰূপত গঠনমূলক কামত প্ৰয়োগ কৰিলেহে এখন সুস্থ আৰু সবল সমাজ গঢ় লৈ উঠিব।
