সিহঁতৰ মনবোৰ আজিকালি আগৰ দৰে নাই – ৰিতু ভৰালী

Pc StockCake

সিহঁতৰ মনবোৰ আজিকালি আগৰ দৰে নাই

ৰিতু ভৰালী,যোৰহাট

আচলতে কোনো একেদিনাই ব্যস্ত হৈ যোৱা নাই। এইযে তুমি ব্যস্ত হ’লা,তাৰ পিছত সিহঁতবোৰ আৰু তাৰ পাছতেই হয়তো মই।আপুনি আঁতৰি যোৱাৰ অজুহাতবোৰত ব্যস্ত আৰু মই;ৰৈ যোৱাৰ আজুহাতৎ  কোনোবাখিনিত ব্যস্ত নহওঁ বুলি ভাবিও ব্যস্ত হৈ পৰিলোঁ। কেতিয়াবা দুখ লাগে আজিৰ পৰা আগৰ কথাবোৰ,সম্পৰ্কবোৰ কিমানযে মান্যতাৰে,মাধুৰতাৰে ভৰা আছিল।এইযে সপোন এটা ৰচিছিলোঁ একেলগে বহাৰ, একেলগে যোৱাৰ,একেলগে কিছু সমাজৰ কাম কৰাৰ,একোটা কোঠালিত আৱদ্ধ একোটা পৰিয়াল হোৱাৰ কাহিনীৰে।কথাবোৰ ভাবিলেই আজিকালি জঁট লাগে।আহা বুলি ক’লেও বেয়া,আহিবি বুলি ক’লেও বেয়া,আহ বুলি ক’লেও বেয়া।শুনিছোঁ!আহা, আহিবি,আহ শব্দবোৰ হেনো আদেশসূচক।কোনে কাৰ আদেশ মানিব?ইয়াক self service বুলিব পাৰিনে?হয়তো নোৱাৰি।কাৰণ মৰম,ভালপোৱা, আন্তৰিকতা,একতা,

কৰ্তব্যত মানুহ নাইকিয়া হ’ল।অকলে ভগবান চোৱাৰ হেঁপাহতে আজিকালি সিহঁতে অকলে ঘূৰে, মনে মনে ফুৰে।কথাবোৰ ঢাকনি আৰু টাপলি মৰা হ’ল।কিবা এটা বিচৰাৰ আগেয়েই কাহিনী এটা ৰচি থয়।।আধা এইখিনিত আৰু আধা আপোনাৰ পৰা বহু আঁতৰত কাৰণ আপোনাক যে অঁকৰা বুলি ভাবে।আপোনাক যি কয় তাকে মূৰ দুৱাই থাকিব পৰাকৈ।আপোনালোকৰ পৰা শিকিবলৈ এতিয়াও বহুত বাকী।হ’লেও মৌনতা পিবলৈ ভালকৈ শিকিছোঁ।আপুনি যি লাগে ভাবিছে এৰি দিছোঁ মোৰ পৰা আপোনালৈ।এইবোৰ ইয়াতেই থাকি যাব,থাকি যাব কেৱল আপোনাৰ কৰ্মাদৰ্শ।দিনৰ পোহৰ আজিকালি বেছি ভয়াবহ।কথাত ফাঁকি,শুনাত ফাঁকি,দেখাত ফাঁকি;মুঠতে সকলোতে ফাঁকি।ফাঁকি কথাবোৰত সাঁতুৰিব নাজানো।আচলতে সিহঁতক দেখি দেখি আজিকালি ময়ো ব্যস্ত হৈ পৰিলোঁ।নিৰ্জন দুপৰীয়া ভিৰৰ মাজত মানুহ-দুনুহ নাই।কিন্তু আপোনালোকে বেয়া পালেও মোৰ এটা সপোন আছে।এই সপোনটোকে লৈ এচাম সুস্থ মানসিকতা দলৰ বাবে ৰৈ আছোঁ সমাজখনৰ মনটোক জয় কৰিব পৰাকৈ হৃদয়ৰে,হেঁপাহৰে।