মায়া – প্ৰভাত বণিয়া

Pc StockCake

মায়া

প্ৰভাত বণিয়া

আজি তোমাৰ ‘সতে মোৰ কথা পতাৰ সময়
কথাৰ শেষ নাই
আকাংক্ষাৰ পৰিধি নাই

ফুৰফুৰিয়া গোন্ধ এটাই মোক
আনমনা কৰে
মই পাৰ হম বিশাল অৰণ্যানি
ভৰ বাৰিষাৰ কোবাল নদী
জীৱন সুন্দৰ
অনুপম জীৱনৰ কথকতা
লীন হৈ যাম তোমাতে

আমোল-মোল আমোল-মোল
তোমাৰ সুগন্ধি সুৱাস।