দেওবাৰৰ পৰা ‘জুবিন সপ্তাহ’ পালন কৰিব অসম জাতীয় পৰিষদে

দেওবাৰৰ পৰা ‘জুবিন সপ্তাহ’ পালন কৰিব অসম জাতীয় পৰিষদে
দেওবাৰে ‘নাহৰৰ দিন’ত ১ লাখ গছপুলি ৰোপণ কৰি অজাপই
জুবিনৰ সপোনৰ অসম গঢ়াৰ সংকল্পই হ’ব এই প্ৰস্তুতিৰ মূল প্ৰেৰণাঃ অজাপ

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পবিত্ৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে তেওঁৰ চিন্তা, আদৰ্শ, মানৱীয় প্ৰমূল্য আৰু অসমৰ প্ৰতি থকা দায়বদ্ধতাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ লক্ষ্যৰে আজিৰে পৰা ‘জুবিন সপ্তাহ’ পালন কৰিব অসম জাতীয় পৰিষদে। ১৩ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’বলগীয়া এই স্মৃতি সপ্তাহৰ প্ৰতিটো দিনতে জুবিন গাৰ্গৰ জীৱন-দৰ্শন আৰু কৰ্মৰ একোটা বিশেষ দিশক কেন্দ্ৰ কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। শনিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছবাৰ্তাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে জুবিন গাৰ্গ অসমৰ সমাজ আৰু জাতীয় জীৱনৰ সৈতে গভীৰভাৱে সংপৃক্ত এগৰাকী গণশিল্পী আছিল। তেওঁৰ চিন্তা, মুক্ত কণ্ঠ, মানৱীয়তা আৰু অসমৰ প্ৰতি থকা দায়বদ্ধতাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাটো সময়ৰ আহ্বান বুলি মন্তব্য কৰি গগৈয়ে কয়, “জুবিন গাৰ্গৰ স্মৃতি কেৱল সোঁৱৰণ কৰি ৰখাৰ বিষয় নহয়। তেওঁৰ চিন্তা, আদৰ্শ আৰু মানৱীয় প্ৰমূল্যক সমাজ জীৱনত আগুৱাই লৈ যোৱাটোহে তেওঁৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি।” অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে ‘জুবিন সপ্তাহ’ৰ জৰিয়তে জুবিন গাৰ্গৰ জীৱনৰ বিভিন্ন দিশক সমাজৰ সৈতে সংযোগ কৰাৰ প্ৰয়াস কৰা হৈছে। তেওঁ কয়, “জুবিনদাৰ সৃষ্টিশীলতা, প্ৰকৃতিপ্ৰেম, মানৱীয়তা, মুক্ত চিন্তা আৰু অসমীয়া জাতীয়তাবাদৰ চেতনাক নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাই জুবিন সপ্তাহৰ মূল উদ্দেশ্য। জুবিনৰ সপোনৰ অসম গঢ়াৰ সংকল্পই হ’ব এই প্ৰস্তুতিৰ মূল প্ৰেৰণা।” আজিৰ দিনটোক ‘নাহৰৰ দিন’ হিচাপে পালন কৰি ‘এজোপা গছ জুবিনৰ নামত’ কাৰ্যসূচীৰ অধীনত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য লৈছে অসম জাতীয় পৰিষদে। প্ৰতিখন পঞ্চায়ত সমিতিৰ উদ্যোগত গছপুলি ৰোপণ কৰা হ’ব। ১৪ ছেপ্টেম্বৰ ‘মানুহে মানুহৰ বাবে’ তথা ‘মানৱতাৰ দিন’ হিচাপে পালন কৰি ৰাজ্যজুৰি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হ’ব। প্ৰতিখন জিলাত ১০১গৰাকীকৈ লোকে জুবিনৰ স্মৃতিত ৰক্তদান কৰিব। ১৫ ছেপ্টেম্বৰ ‘কিতাপৰ দিন’ হিচাপে পালন কৰিব অজাপই। জিলাই জিলাই স্থানীয় লেখক-লেখিকা আৰু পঢ়ুৱৈসকলক লৈ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে গ্ৰন্থচৰ্চা আৰু পঠন-পাঠনৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। ১৬ ছেপ্টেম্বৰ ‘জনতাৰ জুবিন’ শীৰ্ষক কাৰ্যসূচীৰে ‘জনতাৰ দিন’ পালন কৰা হ’ব। প্ৰতিখন জিলাতে জিলা, সমষ্টি, পঞ্চায়ত আৰু বুথ পৰ্যায়ত মুকলি কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। ১৭ ছেপ্টেম্বৰত ‘আমাৰ জুবিনদা’ শীৰ্ষক যুৱকেন্দ্ৰিক অনুষ্ঠান অনুষ্ঠিত হ’ব। দহগৰাকী যুৱ বক্তাই জুবিনৰ সংগীত, কাব্য প্ৰতিভা, প্ৰকৃতিপ্ৰেম, সাম্প্ৰদায়িকতাবাদহীন সমাজৰ সপোন, মুক্ত চিন্তা, মানৱীয় প্ৰমূল্য, সামাজিক দায়বদ্ধতা আৰু অসমীয়া জাতীয়তাবাদ সন্দৰ্ভত বক্তব্য আগবঢ়াব বুলি সদৰী। এই অনুষ্ঠানত ১০০গৰাকী শিল্পীৰ সমৱেত ‘মায়াবিনী’ পৰিৱেশনৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীয় ভাষাত জুবিনৰ গীত পৰিৱেশন, কবিতা আবৃত্তি আৰু লাইভ পেইণ্টিঙৰো আয়োজন কৰা হৈছে। ১৮ ছেপ্টেম্বৰ ‘জাতীয় সংকল্পৰ দিন’ হিচাপে পালন কৰি ‘জুবিনৰ অসম— সুৰৰ পৰা সংকল্পলৈ’ শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। জুবিন গাৰ্গৰ সপোন আৰু চিন্তাক নতুন সামাজিক-জাতীয় সংকল্পৰ সৈতে সংযোগ কৰাৰ প্ৰয়াস হিচাপে এই দিনটোত জাতীয় সাংস্কৃতিক দাবীচনদ গ্ৰহণ কৰা হ’ব। ১৯ ছেপ্টেম্বৰ ‘জুবিন দিৱস’ হিচাপে পালন কৰিব অসম জাতীয় পৰিষদে। দিনৰ ভাগত অজাপৰ কেন্দ্ৰীয় সমিতিৰ ১০১গৰাকী জাতীয় সেৱকে জুবিনক্ষেত্ৰলৈ গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। অসমৰ বিভিন্ন জিলাৰ পৰাও জাতীয় সেৱকসকলে জুবিনক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰিব। নিশাৰ ভাগত গুৱাহাটীৰ অজাপৰ মুখ্য কাৰ্যালয়ত বন্তি প্ৰজ্জ্বালন, মৌন প্ৰাৰ্থনা আৰু ‘মায়াবিনী’ পৰিৱেশন কৰা হ’ব। একেসময়তে ৰাজ্যৰ প্ৰতিখন জিলা সমিতিয়েও নিজ নিজ জিলাত একেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। অজাপৰ মতে, জুবিন গাৰ্গৰ স্মৃতিক কেৱল আবেগত সীমাবদ্ধ নাৰাখি তেওঁৰ চিন্তা, আদৰ্শ আৰু মানৱীয় প্ৰমূল্যক সামাজিক আৰু জাতীয় সংকল্পলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে এই সাতদিনীয়া ‘জুবিন সপ্তাহ’ৰ প্ৰস্তুতি চলোৱা হৈছে।