মাজুলীৰ যুৱ লেখক ৰাজু কলিতালৈ ‘ন-সূৰুয সন্মান ২০২৬’
ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ ভলুকাগুৰি গাঁৱৰ উদীয়মান যুৱ লেখক তথা সক্ৰিয় যুৱ স্বেচ্ছাসেৱী ৰাজু কলিতালৈ ‘শব্দ সাঁকো সাহিত্য মঞ্চ, অসম’ৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে ‘ন-সূৰুয সন্মান ২০২৬’। আজি মঞ্চৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে শিৱসাগৰ আমগুৰিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ মহা সমাৰোহত ৰাজু কলিতাক এই সন্মানেৰে ভূষিত কৰা হয়। দীৰ্ঘদিনৰ পৰা অসমীয়া সাহিত্য-সংস্কৃতি চৰ্চাৰ লগতে বিভিন্ন সামাজিক দায়িত্ব পালন আৰু যুৱ স্বেচ্ছাসেৱী হিচাপে জনহিতকৰ কাম-কাজত নিৰৱচ্ছিন্নভাৱে আত্মনিয়োগ কৰি আহিছে ৰাজু কলিতাই। তেওঁৰ এই সাহিত্য সৃষ্টিশীলতা আৰু সমাজসেৱাৰ প্ৰতি থকা নিষ্ঠাৰ উপযুক্ত স্বীকৃতিস্বৰূপে অনুষ্ঠানটোৱে এই সন্মান আগবঢ়ায়। মাজুলীৰ ৰাজু কলিতাই কবিতাৰ দস্তাবেজ নামৰ এখন কাব্য সংকলন ৰাইজৰ মাজলৈ আগবঢ়ায় দিয়াৰ লগতে বৰ্তমান কলমৰ শব্দ নামেৰে অন্য এখন কাব্য সংকলন আৰম্ভ কৰিছে। ৰাজু কলিতাই অসমৰ বিভিন্ন বাতৰি কাকত যেনে- দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তা, দৈনন্দিন বাৰ্তা, গণ অধিকাৰ, গণস্তম্ভ, গণ সংবাদকে ধৰি প্ৰান্তিক আলোচনী, বাৰ্তাপখিলীকে ধৰি আৰু বহুতো কাকত আলোচনীত নিজৰ লেখা প্ৰকাশ কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজু কলিতাই ইতিমধ্যে কাব্য জ্যোতি সন্মান -২০২৪, কাব্য জ্যোতি সন্মান -২০২৫, কাব্য অংকুৰণ সন্মান-২০২৬ লাভ কৰিছে। মাজুলীৰ প্ৰতিভাবান যুৱকগৰাকীয়ে এনে এক সন্মান লাভ কৰি সমাজখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পাঠক সমাজ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা শুভাকাংক্ষীসকলে তেওঁক উষ্ম অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। এই সন্মানে তেওঁক ভৱিষ্যতেও সাহিত্য আৰু সমাজসেৱাৰ ক্ষেত্ৰখনত আৰু অধিক নিষ্ঠাৰে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব বুলি উপস্থিত সকলোৱে আশাবাদ প্ৰকাশ কৰে।
