ডিব্ৰুগড়ত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্মজয়ন্তীৰ ব্যাপক প্ৰস্তুতি::পুৱাৰে পৰা ৰাইজৰ আনন্দ উল্লাসেৰে নিশালৈকে চৌকিডিঙ্গী খেলপথাৰত বৃহৎ আয়োজন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতিৰ কাণ্ডাৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্মজয়ন্তী উপলক্ষে ডিব্ৰুগড়ত ব্যাপক আয়োজন কৰা হৈছে। সামাজিক সাংস্কৃতিক অনুষ্ঠান‘অন্তৰঙ্গ গোট, ডিব্ৰুগড়’ৰ উদ্যোগত বিভিন্ন দল-সংগঠন, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত অহা ২২ অক্টোবৰত চৌকিডিঙী খেলপথাৰত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব জন্মজয়ন্তী অনুষ্ঠান। গুৰুজনাৰ নৱ-বৈষ্ণৱ ধৰ্মৰ আদৰ্শ আৰু অসমীয়া সংস্কৃতিৰ বাণী নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচীৰে চৌকিডিঙ্গী খেলপথাৰত অনুষ্ঠিত হ’ব বুলি এক বিবৃতি জৰিয়তে মুখ্য পৰিচালক বিবিজান দত্তই জানিবলৈ দিছে। সেইদিনা পুৱা ৮.০০ বজাত ধৰ্মপৰায়ণ ব্যক্তি লম্বিত বৰুৱাই ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত ডা° জয়ন্ত মাধৱ চলিহাই স্মাৰক তৰ্পণ কৰিব। ইয়াৰ পাছতে নামঘৰ স্থাপন আৰু নাম-প্ৰসংগ আৰু দুপৰীয়া ১.০০ বজাৰ পৰা ‘দুহেজাৰ নামতীৰ দ্বাৰা দিহানাম পৰিবেশনৰ ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হ’ব। ডিব্ৰুগড়ৰ এটি সাংস্কৃতিক অনুষ্ঠান লুইতপৰীয়া লোক সাংস্কৃতিক কলাকেন্দ্ৰই এক আধ্যাত্মিক দায়িত্ব লৈ সন্ধিয়া ৪.০০ বজাত ৫৭৮ গছ বন্তি প্ৰজ্বলন কৰিব অন্তৰঙ্গ গোটৰ পৰিচালক বৃন্দৰ সহযোগত৷ আনহাতে ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ উদ্যোগত এশ গৰাকী মইনাই প্ৰাৰ্থনা পৰিৱেশন কৰাৰ লগতে সন্ধিয়া ৫.০০ বজাত অনুষ্ঠিত হ’ব বিশেষ বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান। ৬.০০ বজাত নৱোদয় নৃত্যাঙ্গন কলাকেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে সত্ৰীয়া নৃত্য পৰিৱেশন আৰু নিশা ৭.০০ বজাৰ পৰা দুলীয়াজান টিপলিং নগাঁৱৰ কৌমোদকী নাট্য গোষ্ঠীৰ দ্বাৰা ‘সিন্ধু মুনি পিতৃ ভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ’ শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰা হ’ব। ভাওনা ভাগৰ দাতা এম ডি ফাউণ্ডেচনৰ ট্ৰাষ্ট পৰিয়াল বৰ্গই এক মহান দায়িত্ব লৈ অন্তৰঙ্গ গোট ডিব্ৰুগড়ৰ পৰিচালক সকলক যথেষ্ট সকাহ যোগাইছে৷ এই গোটেই অনুষ্ঠান ভাগত ডিব্ৰুগড়ৰ ভালেকেইটা জাতীয় অগ্ৰণী সংগঠনে সহায় কৰিছে বুলি মুখ্য পৰিচালকে জানিবলৈ দিয়ে।সমগ্ৰ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে অন্তৰঙ্গ গোট, ডিব্ৰুগড়ৰ মুখ্য পৰিচালক, জেষ্ঠ পৰিচালক আৰু অন্তৰঙ্গ গোটৰ সমূহ পৰিচালকবৃন্দই।
