বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ প্ৰতিটো প্ৰান্তত বিকাশ আৰু উন্নয়নৰ কাৰ্যসূচী অব্যাহত ৰাখি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সোমবাৰে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ইয়াৰ লগে লগে ৰাজ্যত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সংখ্যা ১৭খনলৈ বৃদ্ধি পালে। মুখ্যমন্ত্রীয়ে লগতে বঙাইগাঁও সংহত জিলা আযুক্তৰ কাৰ্যালয়ো উদ্বোধন কৰে।উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়,”২০১৪ চনলৈকে ৰাজ্যত মাত্ৰ ৬খন চিকিৎসা মহাবিদ্যালয় আছিল ৷ কিন্তু বৰ্তমান সেই সংখ্যা ১৫ লৈ বৃদ্ধি পালে ৷ বৰ্তমান ৰাজ্যত AIIMS আৰু ESIC সহ মুঠ ১৭খন চিকিৎসা মহাবিদ্যালয় আছে ৷ বৰ্তমান দুই হাজাৰৰো অধিকলৈ MBBSৰ আসন বৃদ্ধি পালে ৷ পূৰ্বে ইয়াৰ আসন মাত্ৰ ৩০০ খন আছিল ৷” ইয়াৰ পাছতে বঙাইগাঁৱৰ মাজগাঁৱত অনুষ্ঠিত এখন ৰাজহুৱা সভাত মুখ্যমন্ত্রী ড° শর্মাই আভাসীয়ভাৱে অভয়াপুৰীৰ কছাৰীপাৰাত আদর্শ আৱাসিক বিদ্যালয়, তুলুঙীয়াত পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ মহাবিদ্যালয়ৰ উন্নীত আন্তঃগাঁথনি, সৃজনগ্রাম (সস্তৰ)ত আন্তঃগাঁথনি উন্নীত কৰা শ্ৰীশ্ৰী ৰঘুনাথ বিগ্রহ মন্দিৰ সত্ৰ আৰু বীৰাৰা চাহ বাগিচাত আদর্শ মাধ্যমিক বিদ্যালয় উদ্বোধন কৰাৰ উপৰি বিসর্জন ঘাটত মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তি এটাও আনুষ্ঠানিকভাবে উন্মোচন কৰে। চিকিৎসা মহাবিদ্যালয়কে ধৰি মুখ্যমন্ত্ৰীয়ে আজি উদ্বোধন কৰা প্ৰকল্পসমূহৰ বাবদ ব্যয় হৈছে প্রায় ৭১১ কোটি টকা। উল্লেখ্য যে মুখ্যমন্ত্রীয়ে উদ্বোধন কৰা বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন প্রায় ৬১১ কোটি টকা ব্যয়েৰে ১৫১ বিঘা ভূমিত নিৰ্মাণ কৰা হৈছে। এই চিকিৎসা প্রতিষ্ঠানখনত ৪৩০খন বিছনাযুক্ত হাস্পতাল, শৈক্ষিক ব্লক, শিক্ষার্থী, নাৰ্ছ আদিৰ বাবে হোষ্টেলকে ধৰি বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ আধাৰশিলা মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২৩ চনতে স্থাপন কৰিছিল ৷ আনহাতে, ২৪ বিঘা ভূমিত নিৰ্মাণ কৰা বঙাইগাঁও জিলা আযুক্তৰ সংহত কাৰ্যালয় ভৱনটোৰ বাবদ ব্যয় হৈছে প্রায় ৫০ কোটি টকা। সেইদৰে আদৰ্শ আৱাসিক বিদ্যালয়খন ৩০ কোটি টকা, আদর্শ মাধ্যমিক বিদ্যালয়খন ৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰাৰ উপৰি পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি ১১ কোটি টকাৰে উন্নীত কৰা হৈছে। বঙাইগাঁও বিসর্জন ঘাটত মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তিটো স্থাপনৰ বাবদ ব্যয় হৈছে ৩৪ লাখ টকা। জনসভাখনত প্ৰদান কৰা ভাষণত মুখ্যমন্ত্রী ড° শর্মাই নামনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ বঙাইগাঁৱত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবলৈ পাই তেওঁ অতি গৌৰৱ অনুভৱ কৰা বুলি মন্তব্য কৰে। দেশৰ স্বাধীনতাৰ ৬০ বছৰলৈকে অসমত মাত্ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০০১ চনত প্ৰথমবাৰৰ বাবে তেওঁ অসম চৰকাৰৰ মন্ত্ৰী হোৱাৰ পাছত ৰাজ্যৰ বিভিন্ন স্থান ভ্ৰমণৰ সময়ত নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে আহ্বান জনাই কেতিয়াও আবেদন লাভকৰা নাছিল। ৰাজ্য চৰকাৰে পৰৱৰ্তী সময়ত যোৰহাট, তেজপুৰ আৰু বৰপেটাত একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছিল। ২০১৬ চনত অসমত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পাছত ৰাজ্যৰ প্ৰতিখন জিলাত পর্যায়ক্রমে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা গ্রহণ কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ আধাৰতে আজি বঙাইগাঁৱত চিকিৎসা মহাবিদ্যালয়খনে আত্মপ্রকাশ কৰিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্রীয়ে সদৰী কৰে যে সম্প্ৰতি চৰাইদেউ, বিশ্বনাথ চাৰিআলি, গোলাঘাট, মৰিগাঁও, তামুলপুৰ, ধেমাজি, শিৱসাগৰ, শ্রীভূমি আৰু গোৱালপাৰাত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম চলি আছে। তেওঁ লগতে জানিবলৈ দিয়ে যে ইয়াৰ উপৰি ৰাজ্য চৰকাৰে পৰ্যায়ক্রমে বজালী, হাইলাকান্দি, হোজাই আৰু মাজুলীত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ নীতিগত সিদ্ধান্ত গ্রহণ কৰিছে। চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ ফলস্বৰূপে ৰাজ্যত সর্বমুঠ এমবিবিএছ আসনৰ সংখ্যা দুহাজাৰৰো অধিক হৈছে বুলি তেওঁ কয়। বিগত বিধানসভা নিৰ্বাচনৰ সময়ত প্রতিখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্রিক মহাবিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ইয়াৰ আধাৰতে বঙাইগাঁও মহাবিদ্যালয়ক ইতিমধ্যে বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু অতি কম সময়ৰ ভিতৰতে অঞ্চলবাসীয়ে এখন অভিযান্ত্রিক মহাবিদ্যালয়ো লাভ কৰিবলৈ সক্ষম হ’ব। মুখ্যমন্ত্রীয়ে মন্তব্য কৰে- ‘বঙাইগাঁও আধুনিক শিক্ষাৰ দৃষ্টিভংগীৰে এখন পূৰ্ণাংগ জিলালৈ ৰূপান্তৰ হ’ব, য’ত বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্রিক মহাবিদ্যালয় থাকিব। উচ্চ শিক্ষাৰ তিনিওখন প্রতিষ্ঠান থকা এনে জিলাৰ সংখ্যা সমগ্র দেশৰ ভিতৰতে অতি কম। বিগত পাঁচ বছৰৰ ভিতৰত অসমমালাৰ অধীনত পথ, সম্মিলন কেন্দ্র, ষ্টেডিয়াম নির্মাণ আদিয়ে বঙাইগাঁৱক এখন আধুনিক চহৰলৈ ৰূপান্তৰ কৰিছে।’ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে বঙাইগাঁৱৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে। বঙাইগাঁও বিশ্ববিদ্যালয়ক এখন পূর্ণাংগ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে বহুকেইটা সিদ্ধান্ত গ্রহণ কৰিছে আৰু উচ্চ শিক্ষা প্রতিষ্ঠানখনৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ১০০ কোটি টকা প্রদান কৰা হ’ব। তেওঁ লগতে উল্লেখ কৰে যে অসমৰ সমাজ জীৱনৰ মহানায়কসকলৰ স্মৃতি যুগমীয়া কৰাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে। ইয়াৰ আধাৰতে যোৰহাটৰ হোলোঙাপাৰত মহাবীৰ লাচিত বৰফুকনৰ প্রতিমূর্তি স্থাপনৰ পিছত বঙাইগাঁৱত ১০০ ফুটতকৈও অধিক উচ্চতাৰ বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি নিৰ্মাণৰো চৰকাৰে ইতিমধ্যে সিদ্ধান্ত গ্রহণ কৰিছে বুলি তেওঁ কয়। ইয়াৰ পূর্বে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আনুষ্ঠানিকভাৱে উদ্বোধনৰ পাছত চিকিৎসা প্রতিষ্ঠানখনত নামভর্তি কৰা শিক্ষাৰ্থীসকলক সম্বোধন কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ২০০৬ চনত তেওঁ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সময়ত গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰত থকা তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্রমত অসমৰ ২৫০ গৰাকী শিক্ষার্থীয়েহে নামভৰ্তি কৰিব পাৰিছিল। যাৰ বাবে বুজনসংখ্যক শিক্ষার্থী চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে বহিঃৰাজ্যলৈ গতি কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে ৰাজ্যত চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ ফলত আজি এইমছ, গুৱাহাটী আৰু ইএছআইচি চিকিৎসা মহাবিদ্যালয়কে ধৰি অসমত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ১৭খনলৈ বৃদ্ধি পাইছে। আগন্তুক পাঁচ বছৰত প্ৰতি বছৰে গড়ে দুখনকৈ নতুন চিকিৎসা মহাবিদ্যালয়ে আত্মপ্রকাশ কৰিব বুলিও মন্তব্য কৰি তেওঁ কয় যে ২০৩২ চনলৈ ৰাজ্যত সৰ্বমুঠ ৩০খন চিকিৎসা মহাবিদ্যালয় স্থাপন হ’ব। তদুপৰি, এই সময়ছোৱাত ৰাজ্যত ব্যক্তিগত খণ্ডৰ চিকিৎসা মহাবিদ্যালয় গঢ়ি উঠাৰো সম্ভাৱনা আছে। ইয়াৰ ফলত চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে ইচ্ছুক অসমৰ শিক্ষার্থীয়ে বহিঃৰাজ্যত নামভৰ্তি কৰাৰ প্ৰয়োজনীয়তা নোহোৱা হ’ব। ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ আসনৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ মানবিশিষ্ট চিকিৎসক সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে অধ্যয়ন সমাপ্তিৰ পিছত এজন উত্তম চিকিৎসক হিচাপে সমাজত উজলি উঠিবলৈ শিক্ষার্থী এগৰাকীক বিশেষ দক্ষতাৰ প্রয়োজন হ’ব আৰু এই দক্ষতা ৰোগীৰ সমস্যা নিখুঁতকৈ বুজি প্ৰদান কৰা উপযুক্ত নিদানৰ আধাৰত প্ৰতিফলিত হ’ব। তেওঁ কয় যে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত এইবাৰ নামভৰ্তি কৰা শিক্ষাৰ্থীসকলে তেওঁলোকৰ শিক্ষাগ্রহণৰ সমাপ্তিলৈ ৰাজ্যৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰখন সম্পূৰ্ণৰূপে সলনি হৈ পৰিব, য’ত প্ৰতি বছৰে তিনিৰ পৰা পাঁচ হাজাৰ নতুন চিকিৎসক ৰাজ্যত সংযোজিত হ’ব। ইয়ে ৰোগী এজনক নিজৰ বাবে উপযুক্ত চিকিৎসক এজন বাছনি কৰাৰ সামৰ্থ্য প্ৰদান কৰিব। তেওঁ কয় যে ৰোগ চিনাক্তকৰণ আৰু সুস্থ কৰি তোলাৰ দিশেৰে প্ৰতিগৰাকী ৰোগীয়ে চিকিৎসক এগৰাকীক একোটা নতুন অভিজ্ঞতা প্রদান কৰে। সেয়ে ভবিষ্যতে নিজকে এজন দক্ষ চিকিৎসক হিচাপে গঢ়ি তোলাৰ বাবে অধ্যয়নত গভীৰভাৱে মনোনিৱেশ কৰাৰ লগতে পৰৱৰ্তী পর্যায়ত চিকিৎসা গ্ৰহণৰ বাবে অহা প্ৰতিগৰাকী ৰোগীৰে স্বাস্থ্য সম্বন্ধীয় বিষয়সমূহ পুংখানুপুংখভাৱে বিশ্লেষণৰ মানসিকতা গঢ়িবলৈ তেওঁ শিক্ষার্থীসকলক আহ্বান জনায়। গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰস্থিত চিকিৎসা মহাবিদ্যালয়ক বাদ দি ৰাজ্যত স্থাপন হোৱা প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ৰ সৈতে স্থাপনৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰ পৰা উদ্বোধনলৈকে তেওঁ জড়িত হৈ আহিছে বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। স্মৰ্তব্য যে বঙাইগাঁও জিলাৰ বিকাশত নতুন গতি দিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিগত চৰকাৰৰ কাৰ্যকালত প্রায় ১,৫০০ কোটি টকাৰ বিভিন্ন প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰা হৈছিল। মুখ্যমন্ত্ৰীয়ে ইয়াৰে ২০২২ চনত জিলাখনত প্রায় ৭০০ কোটি টকাৰ, ২০২৩ চনৰ ২৭ জুলাইত ৫৫৫ কোটি টকাৰ আৰু ২০২৪ চনৰ ৫ মাৰ্চত ১৭১ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰিছিল। মুখ্যমন্ত্ৰীয়ে আজি উদ্বোধন কৰা বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাল, জিলা আয়ুক্তৰ সংহত কাৰ্যালয় ভৱন আৰু মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তিটোৰ শিলান্যাস ২০২২ চনৰ বিকাশৰ পষেক কাৰ্যসূচীৰ সময়ত আৰু অভয়াপুৰীৰ শ্ৰীশ্ৰী ৰঘুনাথ বিগ্রহ মন্দিৰ সত্ৰ প্ৰকল্পৰ শিলান্যাস ২০২৩ চনৰ ২৭জুলাইত কৰা হৈছিল। এই উদ্বোধনী অনুষ্ঠানত মন্ত্রী অশোক সিংহল, কেশৱ মহন্ত, অশ্বিনী ৰায় সৰকাৰ, সাংসদ ফণীভূষণ চৌধুৰী, বিধায়িকা দীপ্তিময়ী চৌধুৰী, বিধায়ক ভূপেন ৰায়ৰ উপৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি, চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু শিক্ষার্থীসকল উপস্থিত থাকে।
