জার্মানী- মাৰ্কিন তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাসমূহ ঘোষণা কৰা হৈছে ৷ অপ্টোজেনেটিকছ সংক্রান্তীয় গৱেষণাক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে আমেৰিকাৰ কাৰ্ল ডাইছেৰথ, জার্মানীৰ পিটাৰ হেগেমেন আৰু জর্জ নাগেলক যুটীয়াভাৱে ২০২৬ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেলৰ বাবে বাছনি কৰা হৈছে। ছুইডেনৰ ৰয়েল ছুইডিছ একাডেমীয়ে (ক’ৰোলিনস্কা ইনষ্টিটিউটৰ ন’বেল কমিটী) এই ঘোষণা কৰে। জীৱ বিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত বৃহৎ আৱিষ্কাৰৰ বাবে তেওঁলোকক চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয় । ই এনে কামক স্বীকৃতি দিয়ে, যিয়ে বৈজ্ঞানিক বুজাবুজিৰ পৰিৱৰ্তন ঘটাইছে বা মানৱতাৰ বাবে উল্লেখযোগ্য সুবিধা প্ৰদান কৰিছে ৷ ইয়াৰ উদ্দেশ্য কেৱল দীৰ্ঘদিনীয়া কেৰিয়াৰ বা বৈজ্ঞানিক নেতৃত্বক স্বীকাৰ কৰা নহয় । পোহৰৰ সহায়ত নিয়ন্ত্রিত আয়ন চেনেলৰ মাধ্যমেৰে কিদৰে স্নায়ুকোষক (বিশেষকৈ মস্তিষ্কৰ নিউৰন) নিয়ন্ত্রণত ৰাখিব পৰা যায়, তাক লৈ কৰা গৱেষণাৰ বাবে ন’বেল পুৰস্কাৰ আগবঢ়োৱা হৈছে এই তিনিওগৰাকী বিজ্ঞানীলৈ। ন’বেল কমিটীয়ে জনোৱা মতে ৫৪ বছৰ বয়সীয়া কার্ল ডাইছেৰৰ্থ, ৭১ বছৰ বয়সীয়া পিটাৰ হেগেমেন আৰু ৭৩ বছৰ বয়সীয়া জর্জ নাগেলে জার্মানী আৰু আমেৰিকাৰ বিভিন্ন বিশ্ববিদ্যালয়ত গৱেষণা চলাই আছে। মস্তিষ্কৰ ৰহস্য উন্মোচনত তেওঁলোকৰ দ্বাৰা উদ্ঘাটিত তত্ত্ব এতিয়া বিশ্বজুৰি গৱেষণাগাৰসমূহত ব্যৱহৃত হৈ আছে। ন’বেল কমিটীৰ তথ্য অনুসৰি এই তিনিগৰাকী বিজ্ঞানীয়ে ‘চেনেলৰ’ডপ’ছিন’ নামৰ এটা বিশেষ প্ৰ’টিন আৱিষ্কাৰ কৰিছে। তেওঁলোকৰ এই আৱিষ্কাৰে স্নায়ু বিজ্ঞানক নতুন স্তৰলৈ লৈ যোৱাৰ ভিত্তি হিচাপে কাম কৰিব। সামাজিক মাধ্যমত দিয়া সংক্ষিপ্ত বিবৃতিত ন’বেল কমিটীয়ে জনাইছে-বিজ্ঞানীসকলৰ এই গৱেষণাই এই কথা বুজাত সহায় কৰিছে যে কিদৰে পোহৰক কামত লগাই কোষৰ, বিশেষকৈ স্নায়ুকোষৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হ’ব পাৰে। ইয়াৰ ফলত মস্তিষ্কক লৈ গৱেষণাৰ লগতে স্নায়ৱিক আৰু অন্যান্য ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰতো নতুন উদ্ভাৱনাৰ দুৱাৰ মুকলি হৈছে। জার্মানী, মার্কিন গৱেষক তিনিগৰাকীৰ গৱেষণাৰ ওপৰত ভিত্তি কৰি অপ্টোজেনেটিক্ছ জিন থেৰাপীৰ জৰিয়তে ইতিমধ্যে অন্ধ মানুহৰ দৃষ্টিশক্তি আংশিকভাৱে ওভতাই অনাৰ সফল ক্লিনিকেল ট্রায়েল সম্পন্ন হৈছে। বঁটা বিজয়ী তিনিওগৰাকী বিজ্ঞানীকে পুৰস্কাৰ হিচাপে ১ কোটি ২০ লাখ ছুইডিছ ক্রোনা (প্রায় ১১.৫ কোটি টকা) ভাগ কৰি দিয়া হ’ব তেওঁলোকৰ মাজত।
