শিক্ষামন্ত্ৰীৰে আছুৰ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- ছাত্র সমাজৰ বিভিন্ন সমস্যাক লৈ অসমৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সদৌ অসম ছাত্ৰ সন্থা (আছু)-ৰ কেন্দ্ৰীয় নেতৃত্বৰ মাজত জনতা ভৱনত সোমবাৰে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে আছুৱে আগষ্ট মাহত শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰা দুখন স্মাৰক পত্ৰৰ ভিত্তিত এই আলোচনাৰ আয়োজন কৰা হৈছিল। আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্য, সভাপতি উৎপল শৰ্মাৰ নেতৃত্বত যোৱা প্রতিনিধি দলটোৱে অসমৰ ছাত্ৰ সমাজৰ বিভিন্ন সমস্যা সন্দৰ্ভত শিক্ষামন্ত্ৰীৰে বৈঠকত মিলিত হয়। ছাত্ৰ সন্থাই ‘এৰিয়াৰ’ থকা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতো বিনামূলীয়া নামভর্তি ব্যৱস্থা বাহাল ৰখা আৰু শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ সকাহ বিচাৰি দাবীপত্ৰ প্ৰেৰণ কৰিছিল। সেইমর্মে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ অধ্যক্ষতাত অসম চৰকাৰৰ শিক্ষা বিভাগৰ সৈতে অনুষ্ঠিত গুৰুত্বপূৰ্ণ আলোচনাৰ পাছত আছুৰ সভাপতি উৎপল শর্মাই বৈঠকখন যথেষ্ট ইতিবাচক বুলি মন্তব্য কৰে। তেওঁ কয় যে আছুৰ দাবীৰ আধাৰত শিক্ষা বিভাগে ‘এৰিয়াৰ’ থকা ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰতো বিনামূলীয়া নামভৰ্তিৰ ব্যাৱস্থা বাহাল ৰখাৰ প্রতিশ্রুতি দিয়ে। অৱশ্যে বিনামূলীয়া নামভৰ্তিৰ বাবে শ্ৰেণীকোঠাত ৭৫% শতাংশ উপস্থিতি আৰু পৰীক্ষাত অৱতীৰ্ণ হোৱাটো হ’ব বাধ্যতামূলক। বিশেষ ক্ষেত্ৰত উপস্থিতিৰ হাৰ কিছু ৰেহাই দিব পাৰিব অধ্যক্ষই। তদুপৰি এই বর্ষত ইতিমধ্যে ৫০% মাচুল ভৰি নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ মাচুল ঘূৰাই দিয়াৰ দাবী সন্দৰ্ভত পুনৰ বিবেচনাৰ আশ্বাস চৰকাৰে দিয়ে। আনহাতে, মহাবিদ্যালয়সমূহৰ খালী হৈ থকা শিক্ষক পদ পূৰণ কৰাৰ বাবে এই মাহৰ পৰাই আৰম্ভ হ’ব নিযুক্তি প্রক্রিয়া। এতিয়ালৈকে নিযুক্তি ব’র্ড গঠন নোহোৱাৰ পৰিপ্ৰেক্ষিতত এই বাৰলৈ পুৰণি পদ্ধতিৰেই চলিব নিযুক্তি প্রক্রিয়া। মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহত আধুনিক, বৃত্তিমুখী পাঠ্যক্ৰম প্ৰৱৰ্তন আৰু চৰকাৰী পৃষ্ঠপোষকতাত নতুন নতুন বিভাগ খোলাৰ দাবী সন্দর্ভতো বিশেষ অধ্যয়ন চলাই ইতিবাচক সিদ্ধান্ত গ্ৰহণৰ আশ্বাস চৰকাৰে দিছে। যোৰহাট, শিৱসাগৰ, চৰাইদেউৰ বানপীড়িত ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত চলিত ষাণ্মাসিকৰ বাবে পৰীক্ষাত বহাৰ ক্ষেত্ৰত আৰোপিত ৭৫% শ্ৰেণীৰ উপস্থিতিৰ নিয়ম ৰেহাই দিয়া হ’ব। এইক্ষেত্রত প্রয়োজনীয় সিদ্ধান্ত গ্রহণ কৰিব মহাবিদ্যালয়ৰ অধ্যক্ষই। উল্লেখ্য যে এই বৈঠকত ছাত্ৰ সন্থাৰ হৈ অংশগ্রহণ কৰে সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যই। আৰু শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ তথা অন্যান্য বিষয়াসকলে আলোচনাত অংশগ্রহণ কৰে।
