কাব্য-মৰ্যাদা আৰু সুবাস
শচীন্দ্ৰ কুমাৰ দাস, পলাশবাৰী
তিনিজন কবি গ’ল অতিথিৰ আলয়,
দুজনে কৰিলে সুৰা সেৱন।
কাব্যিক মৰ্যাদা যাতে ক্ষুণ্ণ কভু নহয়,
গৃহস্থই ধূপ জ্বলাই কৰিলে যতন।
মোহগ্ৰস্ত দুজনেতো একোকে নুবুজিলে,
প্ৰজ্ঞাবান কবিয়েহে সত্য অনুভৱ কৰিলে।
তেওঁ বুজি পালে— এয়াই কবিৰ প্ৰকৃত সন্মান,
“আমাৰ গৌৰৱ ৰাখিবলৈহে গৃহস্থৰ এই সুবাস দান!”
